Skip to content

“ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উক্ত দুআটো প্রত্যেক চালাতৰ পাছত পাঠ কৰিছিল।”

আবু জুবাইৰে কৈছেঃ

আব্দুল্লাহ ইবনু জুবাইৰে প্রতিটো নামাজৰ ছালাম ফিৰোৱাৰ পাছত এই দুআ পাঠ কৰিছিল, “লা ইলাহা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুলকু অলাহুল হামদু অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। লা হাউলা অলা ক্বুউওৱাতা ইল্লা বিল্লাহ। লা ইলা-হা ইল্লাল্লা-হু অলা না’বুদু ইল্লা ইয়্যা-হ, লাহুন্নি’মাতু অলাহুল ফাজলু অলাহুচ ছানা-উল হাছান, লা ইলা-হা ইল্লাল্লা-হু মুখলিছীনা লাহুদ্দীনা অলাউ কাৰিহাল কা-ফিৰূন।” (অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক তথা অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই। বিশ্বজগতৰ তেৱেঁই সার্বভৌম অধিপতি। সকলো প্ৰশংসা একমাত্ৰ তেওঁৰেই, তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। আল্লাহৰ সহায় অবিহনে পাপকৰ্মৰ পৰা বিৰত থকাৰ আৰু সৎকৰ্ম কৰাৰ কাৰো শক্তি নাই। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁৰ বাহিৰে আমি কাৰো ইবাদত নকৰোঁ, যাৱতীয় নি‘আমত একমাত্ৰ তেওঁৰেই, আৰু তেওঁৰেই যাৱতীয় অনুগ্রহ, লগতে সকলো প্ৰকাৰ সু-প্রশংসা একমাত্ৰ তেওঁৰেই। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নেই। আমি বিশুদ্ধচিত্তে তেওঁৰেই ইবাদত কৰোঁ, যদিও কাফিৰসকলে ইয়াক অপছন্দ নকৰক কিয়”। ইবনু জুবাইৰে কৈছে, “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উক্ত দুআটো প্রত্যেক চালাতৰ পাছত পাঠ কৰিছিল।”

كَانَ ‌ابْنُ الزُّبَيْرِ يَقُولُ فِي دُبُرِ كُلِّ صَلَاةٍ حِينَ يُسَلِّمُ: «لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ، لَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللهِ، لَا إِلَهَ إِلَّا اللهُ، ‌وَلَا ‌نَعْبُدُ ‌إِلَّا إِيَّاهُ، لَهُ النِّعْمَةُ وَلَهُ الْفَضْلُ وَلَهُ الثَّنَاءُ الْحَسَنُ، لَا إِلَهَ إِلَّا اللهُ مُخْلِصِينَ لَهُ الدِّينَ وَلَوْ كَرِهَ الْكَافِرُونَ» وَقَالَ: «كَانَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يُهَلِّلُ بِهِنَّ دُبُرَ كُلِّ صَلَاةٍ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতিটো ফৰজ নামাজৰ পিছতেই এই গুৰুত্বপূৰ্ণ দুআটোৰ জৰিয়তে আল্লাহৰ গুণগান কৰিছিল। ইয়াৰ অৰ্থ হৈছেঃ "لا إله إلا الله" অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। "وحده لا شريك له" অৰ্থাৎ তেওঁ একক তথা অদ্বিতীয়, ইবাদত উপাসনা, ৰূবুবিয়্যত বা প্ৰভুত্ব, তেওঁৰ নাম আৰু গুণাৱলী আদিৰ ক্ষেত্ৰত তেওঁৰ কোনো অংশীদাৰ নাই। "له الملك" অৰ্থাৎ সাধাৰণ ৰাজত্ব একমাত্ৰ তেওঁৰেই। আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰ মালিক একমাত্ৰ তেৱেঁই। "وله الحمد" অৰ্থাৎ তেওঁ পৰিপূৰ্ণতাৰ গুণেৰে গুণাম্বিত। পৰিপূৰ্ণ মুহাব্বত আৰু সন্মান সহকাৰে তেওঁ চিৰ প্ৰশংসিত। সেয়ে সুখ দুখ সকলো সময়তে তেওঁৰ প্ৰশংসা কৰিব লাগে। "وهو على كل شيء قدير" অৰ্থাৎ তেওঁ শক্তি-সামৰ্থ তথা সকলো প্ৰকাৰ ক্ষমতাৰ ফালেৰে স্বয়ংসম্পূৰ্ণ, তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। এনেকুৱা কোনো কাম নাই যিটো তেওঁ কৰিব নোৱাৰে। "لا حول ولا قوة إلا بالله" অৰ্থাৎ এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ ৰূপান্তৰিত হোৱাৰ আৰু গুনাহ এৰি আল্লাহৰ আনুগত্যৰ ফালে ধাৱিত হোৱাৰ শক্তি, আল্লাহে দিয়া তাওফীক অবিহনে কাৰো ওচৰত নাই। তেৱেঁই মহা ক্ষমতাৱান। সেয়ে তেৱেঁই প্ৰকৃত সহায়ক, গতিকে তেওঁৰ ওপৰতেই ভৰসা কৰা উচিত। "لا إله إلا الله، ولا نعبد إلا إياه" অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু আমি কেৱল তেওঁৰেই উপাসনা কৰোঁ। এই কথা পুনৰ উল্লেখ কৰি উলুহিয়্যতৰ প্ৰতি গুৰুত্বাৰোপ কৰা হৈছে আৰু শ্বিৰ্কক নসাৎ কৰা হৈছে। অৰ্থাৎ তেওঁৰ বাহিৰে আন কোনেও ইবাদতৰ যোগ্য নহয়। "له النعمة وله الفضل" অৰ্থাৎ তেৱেঁই সকলো প্ৰকাৰ নিয়ামতৰ সৃষ্টিকৰ্তা আৰু তেৱেঁই সেইবোৰৰ মালিক। তেওঁ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাক নিয়ামত প্ৰদান কৰে। "وله الثناء الحسن" অৰ্থাৎ সৰ্বোচ্চ উৎকৃষ্ট প্ৰশংসা একমাত্ৰ তেওঁৰেই। সত্ত্বাগত, গুণগত, কৰ্মগত আৰু নিয়ামতৰ ক্ষেত্ৰতো, আনকি সকলো সময়তে আৰু সৰ্বাৱস্থাতে তেওঁ প্ৰশংসাৰ পাত্ৰ। "لا إله إلا الله، مخلصين له الدين" অৰ্থাৎ আমি নিৰ্ভেজালভাৱে তেওঁৰেই ইবাদত কৰোঁ। আনহাতে লোকক দেখুৱাবলৈ বা মানুহৰ মাজত গৌৰৱ অৰ্জন কৰিবলৈ আমি আল্লাহৰ ইবাদত নকৰোঁ। "ولو كره الكافرون" অৰ্থাৎ আমি সম্পূৰ্ণ দৃঢ়তাৰে আল্লাহক একক তথা অদ্বিতীয় বুলি বিশ্বাস কৰোঁ আৰু একমাত্ৰ তেওঁৰেই ইবাদত কৰোঁ। যদিও কাফিৰসকলে ইয়াক অপছন্দ নকৰক কিয়।

শব্দাৰ্থ

الثناء: تكرار المدح والذكر.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ফৰজ নামাজৰ পিছত এই দুআটো নিয়মিত পাঠ কৰা মুস্তাহাব।

মুছলিমসকলে নিজৰ ধৰ্মকলৈ গৌৰৱ কৰা উচিত আৰু ইয়াৰ প্ৰতিটো বিধান নিজৰ জীৱনত বাস্তৱায়িত কৰা উচিত। যদিও কাফিৰসকলে ইয়াক অপছন্দ নকৰক কিয়।

হাদীছত যদি (دُبر الصلاة) শব্দটো উল্লেখ থাকে আৰু সেইটো যদি জিকৰ-আজকাৰ হয় তেন্তে সেইটো ছালামৰ পিছত পঢ়িব লাগে আৰু যদি দুআ হয় তেন্তে ছালামৰ আগত পঢ়িব লাগিব।

সম্পাদক

ছহীহ মুছলিম (1/ 415) (594).

অধিক (12)

سبل السلام شرح بلوغ المرام.

للصنعاني (1/ 293).

كنوز رياض الصالحين.

لمجموعة من الباحثين (17/ 61).

نزهة المتقين شرح رياض الصالحين.

لمصطفى الخِن وغيره (2/ 973).

بهجة الناظرين.

لسليم الهلالي (2/ 499).

مرقاة المفاتيح شرح مشكاة المصابيح.

لعلي القاري (2/ 762).

شرح رياض الصالحين.

لابن عثيمين (5/ 492).