ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক যাৱতীয় কামৰ ক্ষেত্ৰতে ইস্তিখাৰা কৰিবলৈ শিকাইছিল, যিদৰে তেখেতে আমাক কোৰআনৰ ছুৰা শিকাইছিল।
জাবিৰ বিন আব্দুল্লাহ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক যাৱতীয় কামৰ ক্ষেত্ৰতে ইস্তিখাৰা কৰিবলৈ শিকাইছিল, যিদৰে তেখেতে আমাক কোৰআনৰ ছুৰা শিকাইছিল। তেখেতে কৈছেঃ "তোমালোকৰ মাজৰ যিয়ে কোনো বিশেষ কাম কৰিবলৈ ইচ্ছা কৰে তেওঁ যেন ফৰজ নামাজৰ বাহিৰে দুই ৰাকাত নামাজ পঢ়ি এই দুআ পাঠ কৰেঃ اللَّهُمَّ إِنِّي أَسْتَخِيرُكَ بِعِلْمِكَ وَأَسْتَقْدِرُكَ بِقُدْرَتِكَ، وَأَسْأَلُكَ مِنْ فَضْلِكَ الْعَظِيمِ، فَإِنَّكَ تَقْدِرُ وَلَا أَقْدِرُ، وَتَعْلَمُ وَلَا أَعْلَمُ، وَأَنْتَ عَلَّامُ الْغُيُوبِ، اللَّهُمَّ إِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الْأَمْرَ خَيْرٌ لِي فِي دِينِي، وَمَعَاشِي، وَعَاقِبَةِ أَمْرِي» أَوْ قَالَ: «عَاجِلِ أَمْرِي وَآجِلِهِ، فَاقْدُرْهُ لِي وَيَسِّرْهُ لِي ثُمَّ بَارِكْ لِي فِيهِ، وَإِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الْأَمْرَ شَرٌّ لِي فِي دِينِي وَمَعَاشِي وَعَاقِبَةِ أَمْرِي» أَوْ قَالَ: «فِي عَاجِلِ أَمْرِي وَآجِلِهِ، فَاصْرِفْهُ عَنِّي وَاصْرِفْنِي عَنْهُ، وَاقْدُرْ لِي الْخَيْرَ حَيْثُ كَانَ، ثُمَّ أَرْضِنِي» قَالَ: «وَيُسَمِّي حَاجَتَه». আল্লাহুম্মা ইন্নী আছতাখীৰুকা বিইল্মিক, ওৱা আছতাক্বদিৰুকা বিক্বুদৰাতিক, ওৱা আছআলুকা মিন ফাজলিকাল আজীম, ফা ইন্নাকা তাক্বদিৰ অলা আক্বদিৰ, অতা'লাম অলা আ'লাম, ওৱা আনতা আল্লা-মুল গুয়ূব। আল্লাহুম্মা ইন কুনতা তা'লাম আন্না হা-জাল আমৰা খাইৰুন লী ফী দ্বীনী, অমাআশ্বী, ওৱা আক্বিবাতি আমৰি।" অথবা এইটো ক'বঃ "আ-জিলি আমৰি ওৱা আ-জিলিহি, ফাক্বদুৰহু লী অয়াচ্ছিৰহু লী ছুম্মা বা-ৰিকলী ফীহ, ওৱা ইন কুনতা তা'লাম আন্না হা-জাল আমৰা শ্বাৰ্ৰুন লী ফী দ্বীনী, অমাআশ্বী ওৱা আক্বিবাতি আমৰী।" অথবা এইটো ক'বঃ "ফী আ-জিলি আমৰি ওৱা আ-জিলিহি, ফাচৰিফহু আন্নী অচৰিফনী আনহু। অক্বদুৰ লী আলখাইৰা হাইছু কা-ন। ছুম্মাৰজিনি।" তেখেতে কৈছেঃ "ইয়াৰ পিছত নিজৰ প্ৰয়োজনটো উল্লেখ কৰিব।"
كَانَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ يُعَلِّمُنَا الِاسْتِخَارَةَ فِي الْأُمُورِ كَمَا يُعَلِّمُنَا السُّورَةَ مِنَ الْقُرْآنِ، يَقُولُ: «إِذَا هَمَّ أَحَدُكُمْ بِالْأَمْرِ فَلْيَرْكَعْ رَكْعَتَيْنِ مِنْ غَيْرِ الْفَرِيضَةِ، ثُمَّ لِيَقُلِ: اللَّهُمَّ إِنِّي أَسْتَخِيرُكَ بِعِلْمِكَ وَأَسْتَقْدِرُكَ بِقُدْرَتِكَ، وَأَسْأَلُكَ مِنْ فَضْلِكَ الْعَظِيمِ، فَإِنَّكَ تَقْدِرُ وَلَا أَقْدِرُ، وَتَعْلَمُ وَلَا أَعْلَمُ، وَأَنْتَ عَلَّامُ الْغُيُوبِ، اللَّهُمَّ إِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الْأَمْرَ خَيْرٌ لِي فِي دِينِي، وَمَعَاشِي، وَعَاقِبَةِ أَمْرِي» أَوْ قَالَ: «عَاجِلِ أَمْرِي وَآجِلِهِ، فَاقْدُرْهُ لِي وَيَسِّرْهُ لِي ثُمَّ بَارِكْ لِي فِيهِ، وَإِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الْأَمْرَ شَرٌّ لِي فِي دِينِي وَمَعَاشِي وَعَاقِبَةِ أَمْرِي» أَوْ قَالَ: «فِي عَاجِلِ أَمْرِي وَآجِلِهِ، فَاصْرِفْهُ عَنِّي وَاصْرِفْنِي عَنْهُ، وَاقْدُرْ لِي الْخَيْرَ حَيْثُ كَانَ، ثُمَّ أَرْضِنِي» قَالَ: «وَيُسَمِّي حَاجَتَه».
যেতিয়া মুছলিম ব্যক্তিয়ে এনেকুৱা কোনো কাম কৰিব বিচাৰে, যিটোৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লোৱাত দোধৰ-মোধৰ সৃষ্টি হয়, তেনে ক্ষেত্ৰত তেওঁ চালাতুল ইস্তিখাৰা পঢ়িব লাগে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক এইটো নামাজ এনেকৈ শিকাইছিল, যেনেকৈ তেখেতে কোৰআনৰ ছুৰা শিকাইছিল। তেখেতে ফৰজ নামাজৰ বাহিৰে দুই ৰাকাত নামাজ পঢ়ি, এইদৰে আল্লাহৰ ওচৰত দুআ কৰিছিল। হে আল্লাহ! মই তোমাৰ সেই জ্ঞানৰ অছিলাৰে তোমাৰ ওচৰত কল্যাণ কামনা কৰোঁ, যি জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। মই তোমাৰ কুদৰতৰ সহায়ত শক্তি কামনা কৰোঁ, তোমাৰ শক্তিৰ বাহিৰে আন কাৰো শক্তি নাই, তোমাক কোনেও অপাৰগ কৰিব নোৱাৰে। মই তোমাৰ ওচৰত তোমাৰ মহা অনুগ্ৰহ প্ৰাৰ্থনা কৰোঁ, তুমি অসীম অনুগ্ৰহৰ অধিকাৰী, তুমিয়েই নিজ অনুগ্ৰহত প্ৰদান কৰা। তুমি সকলো ক্ষেত্ৰতে সক্ষম। মই দুৰ্বল অপাৰগ, অসহায়। তোমাৰ সহায় অবিহনে মই একো কৰিব নোৱাৰোঁ। তুমি তোমাৰ জ্ঞানৰ জৰিয়তে প্ৰকাশ্য হওক বা অপ্ৰকাশ্য, ভাল হওক বা বেয়া সকলো বিষয় সম্পৰ্কে অৱগত। তোমাৰ তাওফীক আৰু হিদায়ত অবিহনে মই একো নাজানো। তুমি গায়েব সম্পৰ্কে সৰ্বজ্ঞ। তোমাৰ বাহিৰে কোনেও গায়েব নাজানে, কেৱল সেইখিনিয়ে জানে যিখিনি তুমি অৱগত কৰা। ইয়াৰ পিছত নিজৰ প্ৰয়োজনৰ কথা উল্লেখ কৰি আল্লাহৰ ওচৰত দুআ কৰিব লাগে। হে আল্লাহ! মই মোৰ সকলো কৰ্ম তোমাৰ ওচৰত সমৰ্পন কৰিছোঁ। যদি মোৰ এই কামটো, উদাহৰণস্বৰূপে এই ঘৰ ক্ৰয় কৰাটো, বা গাড়ী ক্ৰয় কৰাটো নাইবা অমুক নাৰীক বিবাহ কৰাটো.... মোৰ দ্বীনি আৰু দুনিয়াৱী ক্ষেত্ৰত কল্যাণকৰ হয়, আৰু মোৰ শেষ পৰিণতিৰ বাবে কল্যাণকৰ হয়, অথবা এইদৰে ক'ব যে, দুনিয়া আৰু আখিৰাতৰ বাবে কল্যাণকৰ হয়, তেন্তে এইটো মোৰ বাবে সহজ কৰি দিয়া, আৰু এই ক্ষেত্ৰত মোক বৰকত দান কৰা। আনহাতে হে আল্লাহ! এই কামটো যদি মোৰ পক্ষে বেয়া হয়, মোৰ দ্বীনি, দুনিয়াৱী আৰু শেষ পৰিণতিৰ বাবে বেয়া হয়, তেন্তে এইটো মোৰ পৰা আঁতৰাই দিয়া, আৰু মোক সেইটোৰ পৰা আঁতৰাই দিয়া। লগতে য'ত কল্যাণ আছে সেইটো মোক নচীব কৰা। তাৰ পিছত মোৰ প্ৰতি সন্তুষ্ট হোৱা, সকলো ক্ষেত্ৰতে যিটোক মই পছন্দ কৰোঁ আৰু যিটোক মই অপছন্দ কৰোঁ।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক এই নামাজটো শিক্ষা দিবলৈ খুবেই আগ্ৰহী আছিল। কাৰণ ইয়াৰ ভিতৰত আছে বহুতো উপকাৰ আৰু মহা কল্যাণ।
চালাতুল ইস্তিখাৰা আৰু ইয়াৰ পিছত দুআয়ে মাছুৰা পাঠ কৰাটো মুস্তাহাব।
ইস্তিখাৰা কেৱল মুবাহ কৰ্মতহে পছন্দনীয়, যিটো কৰা নকৰাকলৈ দোধোৰ-মোধোৰ অৱস্থা হৈছে। কিন্তু ওৱাজিব অথবা মুস্তাহাব আমলৰ ক্ষেত্ৰত ইস্তিখাৰা বৈধ নহয়। কাৰণ এনেকুৱা কৰ্মৰ মূল হৈছে আমলত পৰিণত কৰা। কিন্তু এনেকুৱা আমলৰ সৈতে জৰিত বিষয়ত ইস্তিখাৰা কৰাত বাধা নাই, উদাহৰণস্বৰূপে হজ্জ অথবা ওমৰাৰ ক্ষেত্ৰত সংগী নিৰ্বাচন কৰিবলৈ ইস্তিখাৰা কৰা।
ওৱাজিব আৰু মুস্তাহাবৰ প্ৰতি আমল কৰাৰ ক্ষেত্ৰত ইস্তিখাৰা বৈধ নহয়, এইদৰে হাৰাম আৰু মকৰূহ পৰিত্যাগ কৰাৰ ক্ষেত্ৰতো ইস্তিখাৰা বৈধ নহয়।
ইস্তিখাৰাৰ দুআটো নামাজৰ পিছত পঢ়িব লাগে। কিয়নো উক্ত হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তাৰ পিছত এই দুআটো পাঠ কৰিব লাগে।.... কিন্তু যদি কোনোবাই ছালাম ফিৰোৱাৰ আগত পাঠ কৰে, তথাপিও কোনো অসুবিধা নাই।
বান্দাই সকলো ক্ষেত্ৰতে আল্লাহৰ ওপৰত ভৰসা কৰিব লাগে আৰু তেওঁৰ ওপৰতে ন্যস্ত কৰিব লাগে। লগতে এই কথা স্বীকাৰ কৰিব লাগে যে, এইটো বান্দাৰ শক্তি সামৰ্থৰ বাহিৰত। কাৰণ আল্লাহৰ শক্তি সামৰ্থ অবিহনে কাৰো কোনো ক্ষমতা নাই।
ছহীহ বুখাৰী (8/ 81) (6382).
অধিক (8)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 43).
كنوز رياض الصالحين.
لمجموعة من الباحثين (10/ 133).
شرح رياض الصالحين.
لابن عثيمين (4/ 158).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 593).
গ্ৰন্থসমূহত উল্লেখিত
9 গ্ৰন্থসমূহঅধিক (8)
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة"إذا همَّ أحدكم بالأمر فليركع ركعتين من غير الفريضة ثم ليقل: اللهم إني أستخيرك بعلمك، وأستقدرك بقدرتك، وأسألك من فضلك العظيم فإنك تَقْدِرُ ولا أقدِرُ، وتعْلمُ ولا أعلمُ، وأنت علاَّم الغيوب، اللهم إن كنت تعلم أن هذا الأمر -ويسمي حاجته- خيرٌ
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهمالصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«إِذَا هَمَّ بِالأَمْرِ فَلْيَرْكَعْ رَكْعَتَيْنِ ثُمَّ يَقُولُ: اللَّهُمَّ إِنِّي أَسْتَخِيرُكَ بِعِلْمِكَ، وَأَسْتَقْدِرُكَ بِقُدْرَتِكَ، وَأَسْأَلُكَ مِنْ فَضْلِكَ العَظِيمِ، فَإِنَّكَ تَقْدِرُ وَلاَ أَقْدِرُ، وَتَعْلَمُ وَلاَ أَعْلَمُ،
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«إِذَا هَمَّ بِالأَمْرِ فَلْيَرْكَعْ رَكْعَتَيْنِ ثُمَّ يَقُولُ: اللَّهُمَّ إِنِّي أَسْتَخِيرُكَ بِعِلْمِكَ، وَأَسْتَقْدِرُكَ بِقُدْرَتِكَ، وَأَسْأَلُكَ مِنْ فَضْلِكَ العَظِيمِ، فَإِنَّكَ تَقْدِرُ وَلَا أَقْدِرُ، وَتَعْلَمُ وَلَا أَعْلَمُ،
- خطب تعظيم قدر الصلاة" إِذَا هَمَّ أَحَدُكُمْ بِالأَمْرِ، فَلْيَرْكَعْ رَكْعَتَيْنِ مِنْ غَيْرِ الفَرِيضَةِ، ثُمَّ لِيَقُلْ: اللَّهُمَّ إِنِّي أَسْتَخِيرُكَ بِعِلْمِكَ وَأَسْتَقْدِرُكَ بِقُدْرَتِكَ، وَأَسْأَلُكَ مِنْ فَضْلِكَ العَظِيمِ، فَإِنَّكَ تَقْدِرُ وَلاَ
- رسالة في الأذكار1«إِذَا هَمَّ أَحَدُكُمْ بِالْأَمْرِ فَلْيَرْكَعْ رَكْعَتَيْنِ مِنْ غَيْرِ الْفَرِيضَةِ ثُمَّ لْيَقُلِ: اللَّهُمَّ إِنِّي أَسْتَخِيرُكَ بِعِلْمِكَ، وَأَسْتَقْدِرُكَ بِقُدْرَتِكَ، وَأَسْأَلُكَ مِنْ فَضْلِكَ الْعَظِيمِ، فَإِنَّكَ تَقْدِرُ وَلَ
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 4«إذَا هَمَّ أَحَدُكُمْ بالأمرِ، فَلْيَرْكَعْ رَكْعَتَيْنِ مِنْ غَيْرِ الفَرِيضَةِ، ثم لِيَقُلْ: اللهمَّ إنِّي أَسْتَخِيرُكَ بِعِلْمِكَ، وأَسْتَقْدِرُكَ بِقُدْرَتِكَ، وَأَسْأَلُكَ مِنْ فَضْلِكَ العَظِيمِ، فَإنَّكَ تَقْدِرُ وَلا أَقْدِرُ، وَت
- مجموعة زاد العقيدة (2)1«اللهمَّ إنِّي أستخيرُك بعلْمِك وأستقدِرُك بقدرتك».
- مشروع المنهج التعليميمادة الفقه مستوى 2«إِذَا هَمَّ بِالأَمْرِ فَلْيَرْكَعْ رَكْعَتَيْنِ، ثُمَّ يَقُولُ: اللَّهُمَّ إِنِّي أَسْتَخِيرُكَ بِعِلْمِكَ، وَأَسْتَقْدِرُكَ بِقُدْرَتِكَ، وَأَسْأَلُكَ مِنْ فَضْلِكَ العَظِيمِ، فَإِنَّكَ تَقْدِرُ وَلاَ أَقْدِرُ، وَتَعْلَمُ وَلاَ أَعْلَمُ،