Skip to content

মই তোমাক সেই অভিযানলৈ নপঠিয়ামনে, যি অভিযানলৈ স্বয়ং নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক প্ৰেৰণ কৰিছিল? তেখেতে মোক আদেশ দিছিল যে, তুমি য'তে কোনো প্ৰতিমা দেখিবা সেইটোক নিঃশেষ কৰিবা, আৰু য'তেই কোনো ওখ কবৰ দেখা পাবা, সেইটোক সমতল ভূমিত পৰিণত কৰিবা।

আবুল হায়্যাজ আল-আছাদীয়ে কৈছেঃ

মোক আলী ইবনে আবি তালিব ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ মই তোমাক সেই অভিযানলৈ নপঠিয়ামনে, যি অভিযানলৈ স্বয়ং নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক প্ৰেৰণ কৰিছিল? তেখেতে মোক আদেশ দিছিল যে, তুমি য'তে কোনো প্ৰতিমা দেখিবা সেইটোক নিঃশেষ কৰিবা, আৰু য'তেই কোনো ওখ কবৰ দেখা পাবা, সেইটোক সমতল ভূমিত পৰিণত কৰিবা।

قَالَ لِي ‌عَلِيُّ بْنُ أَبِي طَالِبٍ: أَلَا أَبْعَثُكَ عَلَى مَا بَعَثَنِي عَلَيْهِ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ؟ أَنْ لَا تَدَعَ تِمْثَالًا إِلَّا طَمَسْتَهُ، وَلَا قَبْرًا مُشْرِفًا إِلَّا سَوَّيْتَهُ.

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ চাহাবাসকলক এই নিৰ্দেশ প্ৰদান কৰি প্ৰেৰণ কৰিছিল যে, তেওঁলোকে যেন প্ৰতিটো প্ৰতিকৃতিকে ধ্বংস কৰে অস্তিত্বহীন কৰি দিয়ে, ইয়াত প্ৰতিকৃতিৰ দ্বাৰা প্ৰাণ থকা বস্তুৰ প্ৰতিকৃতিক বুজোৱা হৈছে, ছবি, প্ৰতিমা, ভাস্কৰ্য্য, মূৰ্তি ইত্যাদি। আৰু প্ৰতিটো ওখ কবৰকে যেন সমতল কৰি দিয়ে, লগতে কবৰৰ ওপৰত থকা নিৰ্মাণাদিক যেন ভাঙি দিয়ে। বৈধ পৰিমাণতকৈ অধিক ওখ যাতে নাথাকে, অৰ্ধ ফুট পৰিমাণ ওখ ৰখাত কোনো অসুবিধা নাই।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

প্ৰাণ থকা কোনো বস্তুৰেই চিত্ৰ অংকন কৰা তথা ছবি অঁকা হাৰাম। কাৰণ এইটো হৈছে শ্বিৰ্কৰ এটা মাধ্যম।

প্ৰশাসনিক ক্ষমতা অথবা শক্তি থকা ব্যক্তিয়ে হাতৰ দ্বাৰা অনৈতিক কৰ্ম বন্ধ কৰা উচিত।

অজ্ঞতাযুগৰ প্ৰতিটো প্ৰতীককে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নাইকীয়া কৰিবলৈ খুবেই আগ্ৰহী আছিল। যেনে- ছবি, প্ৰতিমা, ভাস্কৰ্য্য আৰু কবৰৰ ওপৰত থকা নিৰ্মাণ আদি।

সম্পাদক

ছহীহ মুছলিম (2/ 666) (969).

অধিক (8)

القول المفيد على كتاب التوحيد.

لابن عثيمين (2/ 446).

الملخص في شرح كتاب التوحيد.

لصالح الفوزان (ص402).

الجديد في شرح كتاب التوحيد.

لمحمد القرعاوي (ص447).

كتاب التوحيد.

للإمام محمد بن عبد الوهاب (ص138).