Skip to content

সৰ্বনাশ! তোমালোকে পৰিপূৰ্ণৰূপে অজু কৰা, ভৰিৰ গোৰোহা (নিজিকা)ৰ কাৰণেও জাহান্নামৰ শাস্তি আছে।

আব্দুল্লাহ ইবনে আমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মক্কাৰ পৰা মদীনালৈ উভতি অহাৰ পথত এটি পানী থকা কুঁৱাৰ ওচৰত আহি উপস্থিত হ'লোঁ। আমাৰ মাজৰ কিছুমানে আচৰৰ সময়ত সোনকালে অজু কৰিবলৈ গ'ল আৰু খৰখেদাকৈ অজু কৰিলে, ঠিক সেই সময়তে আমিও সিহঁতৰ ওচৰত গৈ উপস্থিত হ'লোঁ। তাত গৈ দেখিলোঁ, খৰখেদাকৈ অজু কৰাৰ কাৰণে সিহঁতৰ কিছুমানৰ ভৰিৰ গোৰোহা জিকাই নাছিল। এই দেখি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "সৰ্বনাশ! তোমালোকে পৰিপূৰ্ণৰূপে অজু কৰা, ভৰিৰ গোৰোহা (নিজিকা)ৰ কাৰণেও জাহান্নামৰ শাস্তি আছে।"

رَجَعْنَا مَعَ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ مِنْ مَكَّةَ إِلَى الْمَدِينَةِ حَتَّى إِذَا كُنَّا بِمَاءٍ بِالطَّرِيقِ تَعَجَّلَ قَوْمٌ عِنْدَ الْعَصْرِ، فَتَوَضَّؤُوا وَهُمْ عِجَالٌ، فَانْتَهَيْنَا إِلَيْهِمْ وَأَعْقَابُهُمْ تَلُوحُ لَمْ يَمَسَّهَا الْمَاءُ فَقَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «وَيْلٌ لِلْأَعْقَابِ مِنَ النَّارِ أَسْبِغُوا الْوُضُوءَ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম মক্কাৰ পৰা মদীনাৰ ছফৰত আছিল, তেখেতৰ সৈতে কিছুমান চাহাবাও আছিল। ভ্ৰমণকালত তেওঁলোকে পানীৰ এটা স্থান পালে। সেয়ে কিছুমান চাহাবাই আচৰৰ চালাতৰ কাৰণে অজু কৰাৰ উদ্দেশ্যে খৰধৰকৈ অজু কৰিবলৈ গ'ল। কিন্তু তেওঁলোকে খৰখেদাকৈ অজু কৰাৰ কাৰণে ভৰিৰ শেষৰ অংশখিনিত পানী ঢুকি পোৱা নাছিল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ ভৰিৰ গোৰোহা ধোৱাৰ ক্ষেত্ৰত অৱহেলা কৰাৰ কাৰণেও জাহান্নামত শাস্তি আছে তথা ধ্বংস আছে। লগতে তেখেতে নিৰ্দেশ দিছে যে, তোমালোকে পৰিপূৰ্ণৰূপে অজু কৰা।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

অজু কৰাৰ সময়ত দুয়ো ভৰি ভালকৈ ধোৱা অনিবাৰ্য। কাৰণ কেৱল মছেহ কৰাটো যদি বৈধ হ'লহেঁতেন তেন্তে গোৰোহাত পানী ঢুকি নোপোৱাৰ কাৰণে শাস্তিৰ সতৰ্কবাণী নিদিলেহেঁতেন।

ধুবলগীয়া অজুৰ অংগবোৰ ভালকৈ ধোৱা ওৱাজিব। যদি কোনোবাই ইয়াৰ সৰু এটা অংশ ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱে নোধোৱাকৈ এৰি দিয়ে যিটো ধোৱা ওৱাজিব তেন্তে তাৰ চালাত শুদ্ধ নহ'ব।

নজনা ব্যক্তিক শিকাই দিয়াৰ গুৰুত্ব।

ফৰজ বা ছুন্নত বিনষ্ট হোৱা দেখিলে আলিমৰ উচিত হৈছে উপযুক্ত পদ্ধতিৰে তাৰ প্ৰতিবাদ কৰা।

মুহাম্মদ ইছহাক্ব দেহলৱীয়ে কৈছেঃ সুন্দৰকৈ অজু কৰাৰ ধৰণ হৈছে তিনিটাঃ নূন্যতম এবাৰ ধোৱাটো হৈছে ফৰজ। ছুন্নত হৈছে তিনিবাৰকৈ ধোৱা। আনহাতে মুস্তাহাব হৈছে পৰ্যাপ্ত সময় লৈ তিনিবাৰ ধোৱাৰ লগতে ঘঁহি ঘঁহি ধোৱা।

সম্পাদক

ছহীহ বুখাৰী (1/ 44) (163).

ছহীহ মুছলিম (1/ 214) (241).

অধিক (1)

البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (6/ 273).