মুছলিমক গালি দিয়াটো হৈছে ফাছেকী কাম আৰু আক্ৰমণ কৰাটো হৈছে কুফৰী।
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মুছলিমক গালি দিয়াটো হৈছে ফাছেকী কাম আৰু আক্ৰমণ কৰাটো হৈছে কুফৰী।"
«سِبَابُ المُسْلِمِ فُسُوقٌ، وَقِتَالُهُ كُفْرٌ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোৰ দ্বাৰা এজন মুছলিমে আন এজন মুছলিমক গালি দিবলৈ নিষেধ কৰিছে। এইটো হৈছে ফাছেকী কাম, তথা এইটো হৈছে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ নাফৰমানী। আনহাতে কোনো মুছলিমে কোনো মুছলিমক আক্ৰমণ কৰাটো হৈছে কুফৰী কাম। কিন্তু এইটো হৈছে সৰু কুফৰ।
মুছলিমসকলৰ তেজ আৰু সন্মান ৰক্ষা কৰা ওৱাজিব।
বিনা কাৰণত কোনো মুছলিমক গালি দিয়াৰ পৰিণাম অতি ভয়াৱহ। কাৰণ বিনা কাৰণত গালি দিয়াটো হৈছে ফাছেকী কাম।
মুছলিমক গালি পাৰিলে তথা তাৰ সৈতে কাজিয়া কৰিলে ঈমান দুৰ্বল হয় তথা হ্ৰাস হয়।
কিছুমান কৰ্মক কুফৰ বুলি কোৱা হৈছে, যদিও সেইটো ডাঙৰ কুফৰৰ অন্তৰ্ভুক্ত নহয়, যি কুফৰে মানুহক ইছলামৰ পৰা বহিষ্কাৰ কৰি দিয়ে।
কিন্তু ইয়াত কুফৰৰ দ্বাৰা সৰু কুফৰক বুজোৱা হৈছে, ইয়াৰ ফলত বান্দা ইছলামৰ পৰা বহিষ্কৃত নহয়। এইক্ষেত্ৰত আহলে ছুন্নত অল জামাআতত কোনো দ্বিমত নাই। কাৰণ সৰ্বশক্তিমান আল্লাহে বিবদমান দুয়ো পক্ষকে মুমিন হিচাপেই আখ্যায়িত কৰিছে। মহান আল্লাহে কৈছেঃ "আৰু যদি মুমিনসকলৰ দুটা দলে বাদ-বিবাদত লিপ্ত হয় তেন্তে তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিয়া, তথাপিও যদি তেওঁলোকৰ এটা দলে আন এটা দলৰ বিৰুদ্ধে সীমালংঘন কৰে, তেন্তে যিসকলে সীমালংঘন কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকে যুদ্ধ কৰা, যেতিয়ালৈকে সিহঁতে আল্লাহৰ নিৰ্দেশৰ পিনে উভতি নাহিব। তাৰ পিছত যদি সিহঁতে উভতি আহে তেন্তে সিহঁতৰ মাজত ন্যায়ৰ সৈতে আপোচ মীমাংসা কৰি দিয়া আৰু ন্যায় বিচাৰ কৰা। নিশ্চয় আল্লাহে ন্যায় বিচাৰকাৰীসকলক ভাল পায়। মুমিনসকল পৰস্পৰে ভাই-ভাই; সেয়ে তোমালোকে নিজ ভাতৃসকলৰ মাজত আপোচ-মীমাংসা কৰি দিয়া। লগতে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে অনুগ্ৰহপ্ৰাপ্ত হোৱা।" (ছুৰা আল-হুজুৰাতঃ ৯-১০)
ছহীহ বুখাৰী (1/ 19) (48).
ছহীহ মুছলিম (1/ 81) (64).
অধিক (6)
فتح ذي الجلال والاكرام بشرح بلوغ المرام.
لابن عثيمين (6/ 362).
منحة العلام في شرح بلوغ المرام.
لعبد الله الفوزان (10/ 216).
توضِيحُ الأحكَامِ مِن بُلوُغ المَرَام.
للبسام (7/ 412).
গ্ৰন্থসমূহত উল্লেখিত
9 গ্ৰন্থসমূহঅধিক (9)
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 7«سِبابُ المُسلم فُسوقٌ، وقتالُهُ كُفْرٌ».
- عقيدة الأئمة الأربعة«سِبَابُ الْمُسْلِمِ فُسُوقٌ، وَقِتَالُهُ كُفْرٌ»
- عقيدة التوحيد(سباب المسلمِ فُسوقٌ، وقتالُه كفر)
- قاموس الكبائرموسوعة الكبائر - المجموعة الثانية«سِبَابُ المُسْلِمِ فُسُوقٌ، وَقِتَالُهُ كُفْرٌ» [107].
- مشروع المنهج التعليميمادة التوحيد مستوى 3«سِبَابُ المُسْلِمِ فُسُوقٌ، وَقِتَالُهُ كُفْرٌ»
- مشروع المنهج التعليميمادة التوحيد مستوى 3«سِبَابُ المُسْلِمِ فُسُوقٌ، وَقِتَالُهُ كُفْرٌ»
- مشروع منهاج زادكزادك 3 طالب نهائي«سِبَابُ المُسْلِمِ فُسُوقٌ، وَقِتَالُهُ كُفْرٌ»
- موسوعة الإيمان«سِبَابُ المسْلِمِ فُسُوقٌ، وَقِتَالُهُ كُفْرٌ»،
- نبراس طالب (4)1«سِبَابُ المُسْلِمِ فُسُوقٌ، وَقِتَالُهُ كُفْرٌ»