Skip to content

মানুহে তেতিয়ালৈকে কল্যাণত থাকিব, যেতিয়ালৈকে ইফতাৰ কৰাত পলম নকৰিব।

ছাহল বিন ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ

"মানুহে তেতিয়ালৈকে কল্যাণত থাকিব, যেতিয়ালৈকে ইফতাৰ কৰাত পলম নকৰিব।"

«لَا يَزَالُ النَّاسُ بِخَيْرٍ مَا عَجَّلُوا الْفِطْرَ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যেতিয়ালৈকে মানুহে ছুন্নতৰ ওপৰত আমল কৰি, চৰীয়তৰ নিয়মানুযায়ী সীমাৰেখাৰ খিয়াল ৰাখি, সূৰ্য্য অস্ত হৈছে বুলি নিশ্চিত হোৱাৰ পিছত ৰোজা ইফতাৰ কৰাত পলম নকৰিব, তেতিয়ালৈকে তেওঁলোক কল্যাণত থাকিব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ইমাম নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ হাদীছটোত সূৰ্য্য অস্ত যোৱাৰ পিছত লগে লগে ইফতাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে। অৰ্থাৎ যেতিয়ালৈকে মানুহে এনেকৈ ছুন্নতৰ ওপৰত আমল কৰিব তেতিয়ালৈকে তেওঁলোকে কল্যাণৰ ওপৰত প্ৰতিষ্ঠিত থাকিব। আনহাতে ইফতাৰত পলম কৰাটো হৈছে বিপৰ্যয়ত পতিত হোৱাৰ লক্ষণ।

কল্যাণৰ ওপৰত ব্ৰতী থকাৰ অন্যতম এটা উপায় হৈছে ছুন্নতৰ অনুসৰণ কৰা। পক্ষান্তৰে বিপৰ্যয়ত পতিত হোৱাৰ কাৰণ হৈছে ছুন্নতক বিকৃত কৰা।

আহলে কিতাব আৰু বিদআতীসকলৰ বিৰোধিতা কৰিব লাগে। কাৰণ সিহঁতে ইফতাৰ কৰাত পলম কৰে।

ইবনু হাজাৰে কৈছে: হাদীছটোত ইয়াৰ কাৰণো উল্লেখ আছে। মুহাল্লাবে কৈছে: ইয়াৰ এটা হিকমত হৈছে, ৰাতিৰ অংশক দিনৰ সৈতে যাতে মিলোৱা নহয়, লগতে ৰোজাদাৰৰ বাবে যাতে সহজ হয় আৰু ইয়াৰ ফলত ইবাদতৰ বাবে অধিক শক্তি আহৰণ কৰিব পাৰে। উলামাসকল এই বিষয়ত একমত যে, ইয়াৰ বাবে চৰ্ত হৈছে সূৰ্যাস্তৰৰ বিষয়টো দৃষ্টিৰ মাধ্যমত নিশ্চিত হ'ব লাগিব, নাইবা দুজন ন্যায়পৰায়ণ ব্যক্তিয়ে জনাব লাগিব, আনকি সঠিক মত অনুযায়ী এজন ন্যায়পৰায়ণ ব্যক্তিয়ে সাক্ষ্য দিলেও গ্রহণযোগ্য হ'ব।

ইবনু হাজাৰে কৈছেঃ বিঃদ্ৰঃ! ঘৃণিত বিদআতসমূহৰ মাজত অন্যতম এটা বিদআত যিটো আজি কালি দেখিবলৈ পোৱা যায়, সেয়া হৈছে ৰমজান মাহত ফজৰৰ প্ৰায় পোন্ধৰ মিনিট আগতে ফজৰৰ আজান দিয়া হয়। এইদৰে প্ৰদীপ বা আলোকবৰ্তিকা আদি নুমাই দিয়া হয়, এই কাৰণে যে, এতিয়া আৰু চিয়াম পালনকাৰীয়ে পানাহাৰ কৰিব নোৱাৰিব তথা এতিয়া খোৱা বোৱা কৰা হাৰাম। এইবোৰ বিদআত যিসকলে জাৰি কৰিছে, সিহঁতে দাবী কৰে যে, এইটো হৈছে ইবাদতৰ ক্ষেত্ৰত সাৱধানতাহে। কিন্তু বিষয়টো খুব কম লোকেহে গম পায়। এইদৰে সিহঁতে ইফতাৰৰ সময়তো সূৰ্য্য অস্ত যোৱাৰ পিছতো কিছু পলমকৈ আজান দিয়ে। এতেকে সিহঁতে ইফতাৰৰ ক্ষেত্ৰত পলম কৰে, আৰু চাহৰীৰ ক্ষেত্ৰত খৰখেদা কৰে, এইদৰে সিহঁতে ছুন্নতৰ বিৰোধিতা কৰে। এই কাৰণেই সিহঁতৰ মাজত কল্যাণ হ্ৰাস পাইছে আৰু অকল্যাণ বৃদ্ধি পাইছে। আল্লাহেই সহায়কাৰী।

সম্পাদক

ছহীহ বুখাৰী (3/ 36) (1957).

ছহীহ মুছলিম (2/ 771) (1098).

অধিক (6)

تيسير العلام.

لعبد الله البسام (ص335).

تنبيه الأفهام شرح عمدة الإحكام.

لابن عثيمين (3/ 442).

خلاصة الكلام على عمدة الأحكام.

لفيصل آل مبارك (ص155).