Skip to content

তোমালোকে সাতটা ধ্বংসকাৰী বিষয়ৰ পৰা আঁতৰত থাকিবা

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"তোমালোকে সাতটা ধ্বংসকাৰী বিষয়ৰ পৰা আঁতৰত থাকিবা"। তেওঁলোকে ক'লেঃ "হে আল্লাহৰ ৰাছুল! সেইবোৰ কি কি"? তেখেতে ক'লেঃ "আল্লাহৰ লগত শ্বিৰ্ক কৰা, যাদু কৰা, নিৰ্দোষী লোকক হত্যা কৰা যিটোক আল্লাহে হাৰাম কৰিছে, সুত খোৱা, অনাথৰ সম্পদ আত্মসাৎ কৰা, যুদ্ধ ক্ষেত্ৰৰ পৰা পলায়ন কৰা, সতী-সাধ্বী বিশ্বাসী সহজ-সৰল নাৰীৰ প্ৰতি অপবাদ দিয়া"।

«اجْتَنِبُوا السَّبْعَ الْمُوبِقَاتِ»، قَالُوا: يَا رَسُولَ اللهِ وَمَا هُنَّ؟ قَالَ: «الشِّرْكُ بِاللهِ، وَالسِّحْرُ، وَقَتْلُ النَّفْسِ الَّتِي حَرَّمَ اللهُ إِلَّا بِالْحَقِّ، وَأَكْلُ الرِّبَا، وَأَكْلُ مَالِ الْيَتِيمِ، وَالتَّوَلِّي يَوْمَ الزَّحْفِ، وَقَذْفُ الْمُحْصَنَاتِ الْمُؤْمِنَاتِ الْغَافِلَاتِ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ উম্মতক সাতটা ধ্বংসকাৰী পাপ কৰ্মৰ পৰা দূৰত থাকিবলৈ নিৰ্দেশ দিছে। যেতিয়া তেখেতক সোধা হ'ল যে, সেইবোৰ কি কি? তেতিয়া তেখেতে ক'লে যে সেইবোৰ হৈছে যেনেঃ প্ৰথমঃ আল্লাহৰ সৈতে শ্বিৰ্ক কৰা, যি উপায়ে নহওক কিয়, কাৰোবাক আল্লাহৰ সমকক্ষ নিৰ্ধাৰণ কৰা তথা কাৰোবাক তেওঁৰ সমান বুলি গণ্য কৰা, অথবা যিকোনো প্ৰকাৰৰ ইবাদত আল্লাহৰ বাহিৰে আন কাৰোবাৰ বাবে কৰা। তেখেতে প্ৰথমেই শ্বিৰ্কৰ কথাটো এইকাৰণে উল্লেখ কৰিছে যে, শ্বিৰ্ক হৈছে আটাইতকৈ ডাঙৰ গুনাহ। দ্বিতীয়ঃ যাদু কৰা। যাদু হৈছে গাঁঠি, জৰাফুঁকা, বিভিন্ন জীৱ-জন্তুৰ হাড় আৰু ধুঁৱা আদিৰ সমষ্টিৰে কৰা এক প্ৰকাৰ মন্ত্ৰ। যিয়ে যাদুকৃত ব্যক্তিৰ শৰীৰত প্ৰভাৱ পেলায়, ফলত সি মৃত্যুবৰণ কৰে অথবা অসুস্থ হৈ পৰে, নাইবা ইয়াৰ দ্বাৰা স্বামী স্ত্ৰীৰ মাজত বিচ্ছেদ ঘটাবলৈ ব্যৱহাৰ কৰা হয়। এইটো হৈছে চয়তানৰ কৰ্ম। অধিকাংশ ক্ষেত্ৰতে যাদুকাৰীয়ে শ্বিৰ্কৰ আশ্ৰয় লয় আৰু দুষ্ট আত্মাৰ সহায় বিচাৰি সেইবোৰে পছন্দ কৰা বস্তুৰ জৰিয়তে সিহঁতক ভোগ দিয়ে। তৃতীয়ঃ কোনো ব্যক্তি বা কোনো প্ৰাণীক হত্যা কৰা, যাক হত্যা কৰিবলৈ আল্লাহে হাৰাম কৰিছে। কিন্তু বিচাৰপতিয়ে চৰীয়তৰ বিধান অনুযায়ী দিয়া ফয়চালা অনুসাৰে মৃত্যুদণ্ড প্ৰদান কৰাটো সুকীয়া বিষয়। চতুৰ্থঃ সুত গ্ৰহণ কৰা, ভক্ষণ কৰাৰ মাধ্যমত হওক অথবা আন কোনো উপায়েৰে স্বাৰ্থ অৰ্জন কৰাৰ মাধ্যমতেই হওক। পঞ্চমঃ পিতা-মাতা মৃত্যুবৰণ কৰা অনাথ শিশু তথা অপ্ৰাপ্তবয়স্ক শিশুৰ ধন-সম্পদ আত্মসাৎ কৰা। ষষ্ঠঃ কাফিৰসকলৰ সৈতে চলি থকা যুদ্ধৰ সময়ত যুদ্ধ ক্ষেত্ৰৰ পৰা পলায়ন কৰা। সপ্তমঃ সহজ-সৰল সতী-সাধ্বী পৱিত্ৰ নাৰীৰ প্ৰতি ব্যভিচাৰৰ অপবাদ জাপি দিয়া। অনুৰূপ পুৰুষৰ ক্ষেত্ৰতো।

শব্দাৰ্থ

....:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

কাবীৰাহ গুনাহৰ সংখ্যা কেৱল এই সাতটাতেই সীমাবদ্ধ নহয়, এই সাতটাক নিৰ্দিষ্ট কৰাৰ উদ্দেশ্য হৈছে এইবোৰ অধিক বিধ্বংসী, তথা অধিক বিপজ্জনক গুনাহ।

উপযুক্ত কাৰণতহে কোনো ব্যক্তিক হত্যা কৰা বৈধ, যেনে- কিচাচ (হত্যাৰ পৰিবৰ্তে হত্যা) মুৰতাদ হ'লে, অথবা কোনো বিবাহিত ব্যক্তিয়ে ব্যভিচাৰ কৰিলে। এইবোৰ কেৱল চৰীয়তৰ বিচাৰপতিয়েহে কাৰ্যকৰী কৰিব পাৰে।

সম্পাদক

ছহীহ বুখাৰী (4/ 10) (2766).

ছহীহ মুছলিম (1/ 92) (89).

অধিক (3)

شرح صحيح البخارى لابن بطال (8/ 489).

الملخص في شرح كتاب التوحيد.

للشيخ صالح الفوزان (ص201).