Skip to content

কবৰৰ ওপৰত নবহিবা আৰু কবৰৰ ফালে মুখ কৰি নামাজ নপঢ়িবা।

আবু মাৰছাদ আল-গানাৱী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

কবৰৰ ওপৰত নবহিবা আৰু কবৰৰ ফালে মুখ কৰি নামাজ নপঢ়িবা।

«لَا تَجْلِسُوا عَلَى الْقُبُورِ، وَلَا تُصَلُّوا إِلَيْهَا».

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কবৰৰ ওপৰত বহিবলৈ নিষেধ কৰিছে। এইদৰে কবৰৰ ফালে মুখ কৰি নামাজ পঢ়িবলৈও নিষেধ কৰিছে, কাৰণ এইটো হৈছে শ্বিৰ্কত লিপ্ত হোৱাৰ অন্যতম এটা মাধ্যম।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

কবৰস্থানত অথবা কবৰসমূহৰ মাজত নাইবা কবৰৰ ফালে মুখ কৰি নামাজ পঢ়িবলৈ নিষেধ কৰা হৈছে। কিন্তু জানাজাৰ নামাজ এই নিষেধাজ্ঞাৰ অন্তৰ্ভুক্ত নহয়। এইটো হাদীছৰ দ্বাৰা প্ৰমাণিত।

শ্বিৰ্কৰ দুৱাৰ বন্ধ কৰাৰ উদ্দেশ্যে কবৰৰ ফালে মুখ কৰি নামাজ পঢ়িবলৈ নিষিদ্ধ কৰা হৈছে।

ইছলামে কবৰ সম্পৰ্কে অতিৰঞ্জিত কৰিবলৈ নিষেধ কৰিছে, লগতে কবৰক অপমান কৰিবলৈও নিষেধ কৰিছে। গতিকে এই ক্ষেত্ৰত সীমালংঘন কৰাও ঠিক নহয় আৰু অৱহেলা কৰাও ঠিক নহয়।

মুছলিমৰ সন্মান মৃত্যুৰ পিছতো অৱশিষ্ট থাকে। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছত কৈছেঃ "মৃত ব্যক্তিৰ হাড় ভঙাটো জীৱিত ব্যক্তিৰ হাড় ভঙাৰ দৰেই সমান।"

সম্পাদক

ছহীহ মুছলিম (2/ 668) (972).

অধিক (6)

توضيح الأحكام مِن بلوغ المرام.

لعبد الله البسام (2/ 30).

فتح ذي الجلال والإكرام شرح بلوغ المرام.

لمحمد العثيمين (1/ 522).

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (4/ 285).