Skip to content

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেই পুৰুষৰ প্ৰতি অভিসম্পাত কৰিছে, যিয়ে নাৰীৰ পোছাক পৰিধান কৰে। এইদৰে সেই নাৰীৰ প্ৰতিও অভিসম্পাত কৰিছে, যিয়ে পুৰুষৰ পোছাক পৰিধান কৰে।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

"ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেই পুৰুষৰ প্ৰতি অভিসম্পাত কৰিছে, যিয়ে নাৰীৰ পোছাক পৰিধান কৰে। এইদৰে সেই নাৰীৰ প্ৰতিও অভিসম্পাত কৰিছে, যিয়ে পুৰুষৰ পোছাক পৰিধান কৰে।"

لعن رسول الله صلى الله عليه وسلم الرجل يلبس لِبْسَةَ المرأة، والمرأة تلبس لِبْسَةَ الرجل.

নাছায়ীয়ে ছুনান আল-কুবাৰাত উল্লেখ কৰিছে, একেই অৰ্থৰ হাদীছ ইবনে মাজাহ আৰু আহমদে বৰ্ণনা কৰিছে।
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিক আল্লাহৰ ৰহমতৰ পৰা আঁতৰাই ৰখাৰ বদ্দুআ কৰিছে, যিয়ে নাৰীৰ সাদৃশ্যতা গ্ৰহণ কৰি নাৰীৰ পোছাক পৰিধান কৰে। এই সাদৃশ্যতা, ধৰণ-গঠণৰ ক্ষেত্ৰতে হওক বা ৰং আদিৰ ক্ষেত্ৰতে হওক, নাইবা পোছাক পৰিধানৰ পদ্ধতিতে হওক অথবা বেলেগ কোনো সৌন্দৰ্য্যৰ ক্ষেত্ৰতে হওক। এইদৰে সেই নাৰীৰ ক্ষেত্ৰতো অভিসম্পাত কৰিছে, যিয়ে পুৰুষসকলৰ পোছাক পৰিধান কৰি সাদৃশ্য গ্ৰহণ কৰে। এইটো হৈছে এটা মহাপাপ, তথা কাবীৰাহ গুনাহ।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

শ্বাওকানী ৰাহিমাহুল্লাহে কৈছেঃ পুৰুষসকলে নাৰীসকলৰ আৰু নাৰীসকলে পুৰুষসকলৰ সাদৃশ্যতা গ্ৰহণ কৰা হাৰাম। কিয়নো অভিসম্পাত সেই ক্ষেত্ৰতে কৰা হয় যিটোক হাৰাম কৰা হৈছে।

শ্বাইখ ইবনে উছাইমীনে কৈছেঃ যিবোৰ পোছাক নাৰী পুৰুষ উভয়ে পৰিধান কৰে, তেনেকুৱা পোছাক পৰিধান কৰাত কোনো অসুবিধা নাই। কিয়নো এই ক্ষেত্ৰত উভয়ে অংশীদাৰ।

সম্পাদক

ছুনান আবি দাঊদ (6/ 195) (4098).

ছুনান আল-কুবৰা লিন নাছায়ী (8/ 297) (9209).

ছুনান ইবনে মাজাহ (3/ 95) (1903).

মুছনাদ আহমদ (14/ 61) (8309).

অধিক (8)

نزهة المتقين.

لمجموعة من الباحثين (2/ 1122).

كنوز رياض الصالحين.

لمجموعة من الباحثين (19/ 337).

بهجة الناظرين.

لسليم الهلالي (3/ 150).

شرح رياض الصالحين.

لابن عثيمين (6/ 370).