Skip to content

'আপুনি দুটা নূৰৰ সুসংবাদ গ্ৰহণ কৰক, যিবোৰ আপোনাক প্ৰদান কৰা হৈছে– এই দুটা নূৰ আপোনাৰ পূৰ্বে আন কোনো নবীক প্ৰদান কৰা হোৱা নাছিল: (সেই নূৰ দুটা হৈছে) ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ শেষৰ আয়াতসমূহ। আপুনি ইয়াৰে যিটো পঢ়িব, তাত প্ৰাৰ্থনামূলক যি যি আছে, সেইটোৱে আপোনাক প্ৰদান কৰা হ'ব।

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

"এদিনাখন জিব্ৰীল আলাইহিচ্ছালাম নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বহি আছিল, এনেতে তেওঁ ওপৰৰ পৰা অহা এটা প্ৰচণ্ড শব্দ শুনিলে। তেওঁ মূৰ দাঙি চাই ক'লে: 'এইটো হৈছে আকাশৰ এটা দুৱাৰ, আজিয়ে এইটো খোলা হ'ল, ইয়াৰ আগতে এইটো কেতিয়াও খোলা হোৱা নাছিল।' ইয়াৰ পিছত সেই দুৱাৰেৰে এজন ফিৰিস্তা নামি আহিল। তেওঁ ক'লে: পৃথিৱীলৈ নামি অহা এই ফিৰিস্তাজন, ইতিপূৰ্বে কেতিয়াও তেওঁ পৃথিৱীলৈ আগমন কৰা নাছিল। ইয়াৰ পিছত সেই ফিৰিস্তাজনে ছালাম দি ক'লে: 'আপুনি দুটা নূৰৰ সুসংবাদ গ্ৰহণ কৰক, যিবোৰ আপোনাক প্ৰদান কৰা হৈছে– এই দুটা নূৰ আপোনাৰ পূৰ্বে আন কোনো নবীক প্ৰদান কৰা হোৱা নাছিল: (সেই নূৰ দুটা হৈছে) ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ শেষৰ আয়াতসমূহ। আপুনি ইয়াৰে যিটো পঢ়িব, তাত প্ৰাৰ্থনামূলক যি যি আছে, সেইটোৱে আপোনাক প্ৰদান কৰা হ'ব।"

«بَيْنَمَا جِبْرِيلُ قَاعِدٌ عِنْدَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ سَمِعَ نَقِيضًا مِنْ فَوْقِهِ، فَرَفَعَ رَأْسَهُ، فَقَالَ: هَذَا بَابٌ مِنَ السَّمَاءِ فُتِحَ الْيَوْمَ لَمْ يُفْتَحْ قَطُّ إِلَّا الْيَوْمَ، فَنَزَلَ مِنْهُ مَلَكٌ، فَقَالَ: هَذَا مَلَكٌ نَزَلَ إِلَى الْأَرْضِ لَمْ يَنْزِلْ قَطُّ إِلَّا الْيَوْمَ، فَسَلَّمَ، وَقَالَ: أَبْشِرْ بِنُورَيْنِ أُوتِيتَهُمَا لَمْ يُؤْتَهُمَا نَبِيٌّ قَبْلَكَ: فَاتِحَةُ الْكِتَابِ، وَخَوَاتِيمُ سُورَةِ الْبَقَرَةِ، لَنْ تَقْرَأَ بِحَرْفٍ مِنْهُمَا إِلَّا أُعْطِيتَهُ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

ফিৰিস্তা জিব্ৰীল আলাইহিচ্ছালাম নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰতে বহি আছিল, এনেতে আকাশৰ পৰা অহা দুৱাৰ খোলাৰ দৰে এটা শব্দ শুনা পালে। এই শুনি জিব্ৰীল আলাইহিচ্ছালামে আকাশৰ ফালে মূৰ দাঙি চালে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অৱগত কৰিবলৈ ক’লে: এই শব্দটো হৈছে আকাশৰ এটা দুৱাৰ খোলাৰ শব্দ, যিটো আজিয়ে খোলা হৈছে, ইয়াৰ আগতে কেতিয়াও খোলা হোৱা নাছিল। তাৰ পৰা এজন ফিৰিস্তা নামি আহিছে - তেওঁ ইয়াৰ আগতে কেতিয়াও পৃথিৱীলৈ অহা নাছিল। সেই ফিৰিস্তাজনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ছালাম দি ক’লে: আপুনি সুসংবাদ গ্ৰহণ কৰক, আপোনাক এনেকুৱা দুটা নূৰ প্ৰদান কৰা হৈছে, যিটো ইতিপূৰ্বে কোনো নবীকেই প্ৰদান কৰা হোৱা নাছিল। সেই নূৰ দুটা হৈছেঃ ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ শেষৰ দুই আয়াত। ইয়াৰ পিছত ফিৰিস্তাজনে ক'লেঃ যিয়ে এই দুটাৰ পৰা এটা আখৰো পাঠ কৰিব, মহান আল্লাহে ইয়াৰ মাজত থকা প্ৰতিটো কল্যাণ, দুআ আৰু প্ৰাৰ্থনা কবুল কৰি তাক প্ৰদান কৰিব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ শেষৰ দুই আয়াতৰ ফজীলত বৰ্ণিত হৈছে। লগতে এই দুটাক পঢ়িবলৈ আৰু ইয়াৰ প্ৰতি আমল কৰিবলৈ উৎসাহিত কৰা হৈছে।

আকাশৰো বহুতো দুৱাৰ আছে, সেইবোৰেৰে আল্লাহৰ আদেশ-নিষেধ অৱতীৰ্ণ হয়। লগতে সেইবোৰ কেৱল আল্লাহৰ আদেশক্ৰমেহে খোলা হয়।

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যাদা বৰ্ণিত হৈছে যে, তেখেতৰ প্ৰতিপালকে তেখেতক এনেকুৱা দুটা নূৰ প্ৰদান কৰি সন্মানিত কৰিছে, যিটো আগৰ কোনো নবীকেই দিয়া হোৱা নাছিল।

আল্লাহৰ প্ৰতি আহ্বানৰ অন্যতম এটা মাধ্যম হৈছে কল্যাণৰ সুসংবাদ দিয়া।

সম্পাদক

ছহীহ মুছলিম (1/ 554) (806).

অধিক (10)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (2/ 244).

شرح رياض الصالحين.

لابن عثيمين (4/ 700).

مرقاة المفاتيح شرح مشكاة المصابيح.

لعلي القاري (4/ 1464).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (2/ 760).

كنوز رياض الصالحين.

لمجموعة من الباحثين (13/ 122).