যি ব্যক্তিয়ে প্ৰত্যেক ফৰজ নামাজৰ পিছত আয়াতুল কুৰ্ছী পাঠ কৰিব, তাৰ জান্নাতত প্ৰৱেশৰ ক্ষেত্ৰত মৃত্যুৰ বাহিৰে আন কোনেও বাধা হ'ব নোৱাৰে।
আবূ উমামাহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"যি ব্যক্তিয়ে প্ৰত্যেক ফৰজ নামাজৰ পিছত আয়াতুল কুৰ্ছী পাঠ কৰিব, তাৰ জান্নাতত প্ৰৱেশৰ ক্ষেত্ৰত মৃত্যুৰ বাহিৰে আন কোনেও বাধা হ'ব নোৱাৰে।"
«مَنْ قَرَأَ آيَةَ الْكُرْسِيِّ فِي دُبُرِ كُلِّ صَلَاةٍ مَكْتُوبَةٍ لَمْ يَمْنَعْهُ مِنْ دُخُولِ الْجَنَّةِ إِلَّا أَنْ يَمُوتَ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যি ব্যক্তিয়ে প্ৰত্যেক ফৰজ নামাজৰ পিছত আয়াতুল কুৰ্ছী পাঠ কৰিব, তাৰ জান্নাতত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত মৃত্যুৰ বাহিৰে আন একো বাধা হ'ব নোৱাৰে। আয়াতুল কুৰ্ছী হৈছে ছুৰা বাক্বাৰাৰ এইটো আয়াত। মহান আল্লাহে কৈছেঃ আল্লা-হু লা ইলা-হা ইল্লা হুৱাল হাইয়ুল ক্বাইয়ূম, লা তা'খুজুহু ছিনাতুওঁ অলা নাওম। লাহু মা ফিছ ছামা-ৱাতি অমা ফিল আৰজি মানজাল লাজী য়াশ্বফাউ ইংদাহু ইল্লা বিইজনিহ। য়া'লামু মা বাইনা আইদীহিম অমা খালফাহুম অলা য়ুহীতূনা বিশ্বাইয়িম মিন ইলমিহি ইল্লা বিমা শ্বা-আ, অছিআ কুৰছিয়্যুহুচ ছামা-ৱাতি অল আৰজ, অলা য়া-ঊ দুহু হিফজুহুমা, অহুৱাল আলিয়্যুল আজীম। অৰ্থঃ আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্তাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। তেওঁৰ অনুমতি নোহোৱাকৈ তেওঁৰ ওচৰত ছুপাৰিছ কৰিব পৰা কোন আছে? সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সকলো তেওঁ জানে; আৰু যি তেওঁ ইচ্ছা কৰে তাৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে পৰিবেষ্টন কৰিব নোৱাৰে। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান। (ছুৰা আল-বাক্বাৰাহঃ ২৫৫)
এই মহান আয়াতটোৰ গুৰুত্ব বৰ্ণিত হৈছে। কাৰণ ইয়াৰ মাজত আছে আল্লাহৰ আচমায়ে হুছনা (সুন্দৰ নামসমূহ) আৰু সৰ্বোচ্চ গুণাৱলী।
প্ৰত্যেক ফৰজ নামাজৰ পিছত এই মহান আয়াতটো পাঠ কৰা মুস্তাহাব।
নেক আমল হৈছে জান্নাতত প্ৰৱেশৰ অন্যতম উপায়।
অধিক (7)
المعجم الكبير.
للطبراني السنن الكبرى.
للنسائي (9/ 44) (9848).
توضِيحُ الأحكَامِ مِن بُلوُغ المَرَام.
للبسام (2/ 313).
منحة العلام في شرح بلوغ المرام.
لعبد الله الفوزان (3/ 197).
গ্ৰন্থসমূহত উল্লেখিত
5 গ্ৰন্থসমূহঅধিক (5)
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة"من قرأ آية الكرسي عقب كل صلاة لم يمنعه من دخول الجنة إلا أن يموت".
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهمالصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«من قَرَأَ آيَة الْكُرْسِيّ فِي دبر كل صَلَاة مَكْتُوبَة لم يمنعهُ من دُخُول الْجنَّة إِلَّا أَن يَمُوت»[136].
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«مَنْ قَرَأَ آيَةَ الكُرْسِيِّ فِي دُبُرِ كُلِّ صَلَاةٍ مَكْتُوبَةٍ لَمْ يَمْنَعْهُ مِنْ دُخُولِ الجَنَّةِ إِلَّا أَنْ يَمُوتَ»[136].
- مشروع منهاج زادكزادك 2 طالب نهائي«مَنْ قَرَأَ آيَةَ الْكُرْسِيِّ دُبُرَ كُلِّ صَلَاةٍ مَكْتُوبَةٍ لَمْ يَمْنَعْهُ مِنْ دُخُولِ الْجَنَّةِ إِلَّا الْمَوْتُ»
- نبراس طالب (2)نبراس طالب (2) «مَنْ قَرَأَ آيَةَ الْكُرْسِيِّ دُبُرَ كُلِّ صَلَاةٍ مَكْتُوبَةٍ لَمْ يَمْنَعْهُ مِنْ دُخُولِ الْجَنَّةِ إِلَّا أَنْ يَمُوتَ»