Skip to content
ছুৰাসমূহৰ তালিকা /

الجاثِية

الجاثِية is chapter 45 of the Quran and has 37 verses. This page presents it in full in the Uthmani script, with a verse-by-verse translation of its meaning.

37 আয়াতসমূহ ছুৰা নং 45
আয়াতলৈ যাওক
অসমীয়া · Rafeeq
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

حمٓ

হা-মীম।

Explanation & meanings · 1
  1. এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

تَنزِيلُ ٱلۡكِتَٰبِ مِنَ ٱللَّهِ ٱلۡعَزِيزِ ٱلۡحَكِيمِ

মহাপৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা এইখন কিতাব নাযিলকৃত।

إِنَّ فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ لَأٓيَٰتٖ لِّلۡمُؤۡمِنِينَ

নিশ্চয় আকাশসমূহ আৰু পৃথিৱীত মুমিনসকলৰ বাবে আছে বহুতো নিদৰ্শন।

وَفِي خَلۡقِكُمۡ وَمَا يَبُثُّ مِن دَآبَّةٍ ءَايَٰتٞ لِّقَوۡمٖ يُوقِنُونَ

আৰু তোমালোকৰ সৃষ্টিত, লগতে যিবোৰ জীৱ-জন্তু সিঁচৰতি হৈ আছে, তাতো আছে বহুতো নিদৰ্শন, এনে সম্প্ৰদায়ৰ বাবে, যিসকলে নিশ্চিত বিশ্বাস স্থাপন কৰে;

وَٱخۡتِلَٰفِ ٱلَّيۡلِ وَٱلنَّهَارِ وَمَآ أَنزَلَ ٱللَّهُ مِنَ ٱلسَّمَآءِ مِن رِّزۡقٖ فَأَحۡيَا بِهِ ٱلۡأَرۡضَ بَعۡدَ مَوۡتِهَا وَتَصۡرِيفِ ٱلرِّيَٰحِ ءَايَٰتٞ لِّقَوۡمٖ يَعۡقِلُونَ

ৰাতি আৰু দিনৰ পৰিবৰ্তনত, লগতে আল্লাহে আকাশৰ পৰা যি জীৱিকা (পানী) বৰ্ষণ কৰে, তাৰ পিছত ইয়াৰ দ্বাৰাই তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে, ইয়াৰ মাজত আৰু বতাহৰ পৰিবৰ্তনৰ মাজতো বহু নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে বুজি পায়।