Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 56 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"তোমালোকে আগতে প্ৰথম শাৰী পূৰ কৰিবা, তাৰ পিছত পৰৱৰ্তী শাৰী পূৰ কৰিবা। যদি কোনো শাৰী অসম্পূৰ্ণ থাকে তেন্তে সেইটো যাতে শেষৰ শাৰী হয়।"
ছহীহ আবু দাঊদ, নাছায়ীয়ে বৰ্ণনা কৰিছে।
হে আল্লাহৰ ৰাছুল! ছাআদৰ মাক মৃত্যুবৰণ কৰিছে, গতিকে তেওঁৰ হকে কোনটো চাদাক্বাহ উত্তম হ'ব? তেখেতে ক'লেঃ "পানী"। ইয়াৰ পিছত তেওঁ এটা কুঁৱা খান্দি ক'লে যে, এইটো উম্মু ছাআদৰ বাবে অকফ কৰিলোঁ।
সকলো চনদৰ সমন্বয়ত হাদীছটো হাছান। আবু দাঊদ, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
মই ইছলাম গ্ৰহণ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিলোঁ, তেতিয়া তেখেতে মোক বগৰী পাত মিশ্ৰিত পানীৰে গোছল কৰি আহিবলৈ নিৰ্দেশ দিলে।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী)
"যেতিয়া তোমালোকৰ মাজৰ কোনোবাই বৈঠকত উপস্থিত হয় তেতিয়া তেওঁ ছালাম কৰা উচিত। এইদৰে যেতিয়া প্ৰস্থান কৰিব তেতিয়াও ছালাম কৰা উচিত। দ্বিতীয়টোতকৈ প্ৰথমটো বেছি উত্তম নহয়।"
হাছান (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ)
"যদি পানীৰ পৰিমাণ দুই কুল্লাহ হয় তেন্তে সেই পানী নাপাক নহয়।"
ছহীহ আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।
"যি ব্যক্তিয়ে প্ৰত্যেক ফৰজ নামাজৰ পিছত আয়াতুল কুৰ্ছী পাঠ কৰিব, তাৰ জান্নাতত প্ৰৱেশৰ ক্ষেত্ৰত মৃত্যুৰ বাহিৰে আন কোনেও বাধা হ'ব নোৱাৰে।"
ছহীহ (নাছায়ী ফিল কুবৰা)
"যিয়ে সন্ধিয়াৰ ভাগত তিনিবাৰ এই দুআ পাঠ কৰিবঃ বিছমিল্লাহিল লাজী লা য়াজুৰ্ৰু মাআছমিহি শ্বাইয়ুন ফিল আৰজি অলা ফিচ্ছামা, অহুৱাচ ছামীউল আলীম। তাক প্ৰভাত পৰ্যন্ত কোনো আকস্মিক বিপদে স্পৰ্শ নকৰিব। এইদৰে যিয়ে পুৱাৰ ভাগত তিনিবাৰ পাঠ কৰিব, তাক সন্ধিয়ালৈকে কোনো আকস্মিক বিপদে স্পৰ্শ নকৰিব।" বৰ্ণনাকাৰীয়ে কৈছেঃ আবান বিন উছমানৰ পক্ষাঘাত (paralysis) হোৱাত, তেওঁৰ পৰা হাদীছ শ্ৰৱণ কৰা ব্যক্তিজনে তেওঁৰ ফালে তীক্ষ্ণ দৃষ্টিৰে চাই আছিল। তেতিয়া আবানে তেওঁক ক'লেঃ তোমাৰ কি হৈছে, তুমি কিয় এনেকৈ মোৰ ফালে চাই আছা? শুনা! আল্লাহৰ শপত, মই উছমানৰ প্ৰতি মিছা আৰোপ কৰা নাই, আৰু উছমানেও নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি মিছা আৰোপ কৰা নাই। কিন্তু যিদিনা মই পক্ষাঘাতগ্ৰস্ত হৈছোঁ, সেইদিনা মই ক্ৰোধৰ বশৱৰ্তী হৈ এই দুআটো পাঠ কৰিবলৈ পাহৰি গৈছিলোঁ।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)
এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাৰ মাজৰ কাৰোবাৰ মনত এনেকুৱা কথা উদ্ভৱ হয়, যিবোৰ কথা তেওঁ মুখেৰে প্ৰকাশ কৰাতকৈ নিজকে জুইত পুৰাই এঙাৰ হৈ যোৱাক উত্তম বুলি ভাবে। এই কথা শুনি তেখেতে ক'লেঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, সকলো ধৰণৰ প্ৰশংসা সেই মহান সত্ত্বাৰ বাবে, যিয়ে চয়তানৰ এনেকুৱা চক্ৰান্ত তথা কুমন্ত্ৰণাক কল্পনাতেই সীমাবদ্ধ কৰি ৰাখিছে।
ছহীহ (আবু দাঊদ, নাছায়ী ফিল কুবৰা)