Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 86 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (53)
"তোমালোকে যদি যথাযথভাৱে আল্লাহ তা'আলাৰ ওপৰত তাৱাক্কুল কৰা তেন্তে তেওঁ তোমালোকক তেনেকৈয়ে জীৱিকা দান কৰিব, যিদৰে চৰাই-চিৰিকটিক জীৱিকা দিয়ে। চৰাই-চিৰিকটিয়ে পুৱাৰ ভাগত খালী পেটত ওলাই যায় আৰু গধূলি উদৰ ভৰাই উভতি আহে।"
ছহীহ আহমদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, ইবনে হিব্বান আৰু হাকিমে বৰ্ণনা কৰিছে।
"সৰ্বশক্তিমান আল্লাহৰ জিকৰৰ দ্বাৰা তোমাৰ জিভা সদায় সিক্ত ৰাখিবা।"
ছহীহ আহমদ, তিৰমিজী, ইবনে মাজাহ, আৰু ইবনে হিব্বানে বৰ্ণনা কৰিছে।
উচ্চস্বৰে কোৰআন তিলাৱতকাৰী হৈছে প্ৰকাশ্যভাৱে দান কৰা ব্যক্তিৰ দৰে, আনহাতে নিম্নস্বৰে কোৰআন তিলাৱতকাৰী হৈছে গোপনে দান কৰা ব্যক্তিৰ দৰে।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী)
"মই তোমালোকক ৰোজা, নামাজ আৰু দান-খয়ৰাততকৈও অধিক উত্তম আমলৰ বিষয়ে অৱগত নকৰিমনে?" তেওঁলোকে ক'লেঃ হয় নিশ্চয় জনাওক। তেখেতে ক'লেঃ "পৰস্পৰৰ মাজত মীমাংসা কৰা, কাৰণ পৰস্পৰৰ মাজত কাজিয়া লগোৱাটো হৈছে ধ্বংসৰ কাৰণ।"
ছহীহ (আবু দাঊদ, তিৰমিজী)
"জান্নাতৰ এশটা স্তৰ আছে, প্ৰতিটো স্তৰৰ মাজৰ দূৰত্ব হৈছে আকাশ আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ সমান। ফিৰদাউছ হৈছে ইয়াৰ সৰ্বোচ্চ স্তৰ। ইয়াৰ পৰাই জান্নাতৰ চাৰিটা নদী প্ৰবাহিত হয়। ইয়াৰ ওপৰতে আৰচ অৱস্থিত। এতেকে তোমালোকে যেতিয়া আল্লাহৰ ওচৰত জান্নাত প্ৰাৰ্থনা কৰিবা, তেতিয়া ফিৰদাউচ বিচাৰিবা।"
ছহীহ (তিৰমিজী)
"ৰাতিৰ শেষাংশত মহান আল্লাহ বান্দাৰ আটাইতকৈ নিকটৱৰ্তী হয়। এতেকে যদি সেই সময়ত তুমি আল্লাহক স্মৰণকাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব পাৰা তেন্তে হোৱাৰ চেষ্টা কৰা।"
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী)
এদিনাখন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজত থিয় হৈ গাম্ভীৰ্যপূৰ্ণ হৃদয়গ্ৰাহী ভাষণ দিলে, যাৰ ফলত অন্তৰ কঁপি উঠিল আৰু চকুত চকুলো আহি গ'ল। এজনে সুধিলে, হে আল্লাহৰ ৰাছুল! এই ভাষণ দেখোন বিদায়ী ভাষণৰ নিচিনা। গতিকে আমাক কিবা উপদেশ দিয়ক। তেখেতে ক'লেঃ "মই তোমালোকক আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ আৰু (নেতৃবৃন্দৰ) কথা শুনিবলৈ আৰু মানিবলৈ উপদেশ দিলোঁ, যদিও তেওঁ (সেই নেতা) হাবশ্বী ক্ৰীতদাসে নহওক কিয়। মোৰ (মৃত্যুৰ) পিছত তোমালোকে অত্যন্ত মতভেদ দেখিবলৈ পাবা। গতিকে সেই সময়ত তোমালোকে মোৰ ছুন্নতক আৰু মোৰ খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতক মজবুতভাৱে ধাৰণ কৰি তাৰ ওপৰত অবিচল থাকিবা। তোমালোকে এইবোৰ ছুন্নতক দাঁতেৰে খামুচি ধৰাৰ দৰে খামুচি ধৰিবা, লগতে (দ্বীনৰ ক্ষেত্ৰত) নতুনত্বৰৰ পৰা বিৰত থাকিবা, কাৰণ প্ৰত্যেক বিদআতেই হৈছে পথভ্ৰষ্টতা।"
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
"হে মানৱজাতি! তোমালোকে ছালাম প্ৰচাৰ কৰা, মানুহক আহাৰ কৰোৱা আৰু আত্মীয়তাৰ বন্ধন অটুট ৰখা। ৰাতিত যেতিয়া সকলোৱে টোপনিত যায় তেতিয়া উঠি চালাত আদায় কৰা। (এনেকুৱা কৰিলে) সহজে জান্নাতত প্ৰৱেশ কৰিব পাৰিবা।"
ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)