عربي - Arabic English Qafár af - Afar Afrikaans - Afrikanns Akan Shqip - Albanian አማርኛ - Amharic Հայերեն - Armenian অসমীয়া - Assamese Azərbaycanca - Azerbaijani Bamanankan - Bambara Bassa Bemba বাংলা - Bengali Bosanski - Bosnian Български - Bulgarian မြန်မာဘာသာ - Burmese Bisaya - Cebuano Cham Нохчий - Chechen chiCheŵa - Chewa 中文 - Chinese Адыгэбзэ - Circassian Hrvatski - Croatian Česky - Czech Dagbani Dansk - Danish فارسی دری - Dari Dendi ދިވެހި ބަސް - Dhivehi Nederlands - Dutch إستوني - Estonian Suomi - Finnish Français - French Fulfulde - Fula ქართული - Georgian Deutsch - German Ελληνικά - Greek ગુજરાતી - Gujrati Kreyòl ayisyen - Haitian Creole Hausa हिन्दी - Hindi Magyar - Hungarian Igbo Indonesia - Indonesian Italiano - Italian 日本語 - Japanese Jóola - Jola ಕನ್ನಡ - Kannada Қазақша - Kazakh ភាសាខ្មែរ - Khmer Kikuyu Ikinyarwanda - Kinyarwanda Ikirundi - Kirundi 한국어 - Korean كوردی سۆرانی - kurdish كوردي kurmancî - Kurmanji Kyrgyz ລາວ - Lao latviešu - Latvian Lingala lietuvių - Lithuanian Luganda Македонски - Macedonian Maguindanaon Malagasy - Malagasy Bahasa Melayu - Malay മലയാളം - Malayalam Mandinka मराठी - Marathi Mõõré - Moore नेपाली - Nepali أنكو - NKo Norwegian ଓଡ଼ିଆ - Odia oromoo - Oromo پښتو - Pashto فارسی - Persian Polski - Polish Portuguese ਪੰਜਾਬੀ - Punjabi Română - Romanian Русский - Russian Српски - Serbian Shona සිංහල - Sinhala Slovenščina - Slovenian Soomaaliga - Somali Soninke Sesotho - Sotho Español - Spanish Kiswahili - Swahili Svenska - Swedish Tagalog Тоҷикӣ - Tajik தமிழ் - Tamil తెలుగు - Telugu ไทย - Thai ትግረኛ - Tigrinya Türkçe - Turkish Ukrainian اردو - Urdu ئۇيغۇرچە - Uyghur Ўзбек - Uzbek Việt Nam - Vietnamese Wolof Yao Yorùbá - Yoruba Zarma زولو - Zulu
836 হাদীছ
নবী হাদীছৰ বিশ্বকোষ
শ্ৰেণীসমূহ
হাদীছৰ স্তৰ
বৰ্ণিত গ্ৰন্থ
বাকী উৎসসমূহ দেখুৱাওক
বৰ্ণনাকাৰী
সকলো বৰ্ণনাকাৰী দেখুৱাওক (47)
"দুনিয়াৰ সৈতে মোৰ কি সম্পৰ্ক? পৃথিৱীত মই হৈছোঁ এজন এনেকুৱা ভ্ৰমণকাৰীৰ দৰে, যিয়ে এজোপা গছৰ তলত বিশ্ৰাম লোৱাৰ বাবে আশ্ৰয় লয় আৰু ইয়াৰ পিছত সেই ঠাই এৰি নিজৰ গন্তব্যৰ ফালে গুচি যায়।"
ছহীহ (তিৰমিজী, ইবনে মাজাহ)
"মানুহে ভৰোৱা আটাইতকৈ নিকৃষ্ট পাত্ৰটো হৈছে মানুহৰ পেট। কেৱল মেৰুদণ্ড পোনকৈ ৰাখিবলৈ যিখিনি খোৱাৰ প্ৰয়োজন কেৱল সেইখিনি ভক্ষণ কৰাটোৱে আদম সন্তানৰ বাবে যথেষ্ট। যদি ইয়াতকৈ বেছি খাবলগীয়াই হয় তেন্তে (পাকস্থলীৰ) এক তৃতীয়াংশক খাদ্যৰ বাবে আৰু এক তৃতীয়াংশক পানীৰ বাবে আৰু এক তৃতীয়াংশক উশাহ-নিশাহ লোৱাৰ বাবে ব্যৱহাৰ কৰা উচিত।"
ছহীহ ইমাম আহমদ, তিৰমিজী, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আছআলুকা মিনাল খাইৰে কুল্লিহ, আ'-জিলিহি ওৱা আ-জিলিহ, মা আলিমতু মিনহু অমা লাম আ'লাম। ওৱা আউজুবিকা মিনাশ্ব শ্বাৰ্ৰি কুল্লিহ, আ'-জিলিহি ওৱা আ-জিলিহ, মা আলিমতু মিনহু অমা লাম আ'লাম। আল্লাহুম্মা ইন্নি আছআলুকা মিন খাইৰি মা ছাআলাকা আব্দুকা অনাবিয়্যুক। ওৱা আউজুবিকা মিন শ্বাৰ্ৰি মা আ-জা বিহি আব্দুকা অনাবিয়্যুক। আল্লাহুম্মা ইন্নি আছআলুকাল জান্নাহ, অমা ক্বাৰ্ৰাবা ইলাইহা মিন ক্বাউলিন আও আমালিন। ওৱা আউজুবিকা মিনান না-ৰ, অমা ক্বাৰ্ৰাবা ইলাইহা মিন ক্বাউলিন আও আমালিন। ওৱা আছআলুকা আন তাজআলা কুল্লা ক্বাজায়িন ক্বাজাইতাহু লি খাইৰা।"
অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ইহকাল আৰু পৰকালৰ সকলো প্ৰকাৰ কল্যাণ কামনা কৰোঁ, যিটো মই জানো আৰু যিটো মই নাজানো। এইদৰে মই জনা আৰু নজনা ইহকাল আৰু পৰকালৰ সকলো প্ৰকাৰ অনিষ্টৰ পৰাও তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। হে আল্লাহ! মই তোমাৰ ওচৰত প্ৰত্যেক সেই কল্যাণ কামনা কৰোঁ, যিটো তোমাৰ বান্দা তথা নবীয়ে তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছে। লগতে মই প্ৰত্যেক সেই অনিষ্টৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ, যিটোৰ পৰা তোমাৰ বান্দা তথা নবীয়ে আশ্ৰয় প্ৰাৰ্থনা কৰিছে। হে আল্লাহ! মই তোমাৰ পৰা জান্নাত কামনা কৰোঁ। লগতে প্ৰত্যেক এনেকুৱা কথা আৰু কৰ্মৰ তাওফীক প্ৰাৰ্থনা কৰোঁ, যিয়ে ইয়াৰ নিকটৱৰ্তী কৰি দিয়ে। এইদৰে মই জাহান্নামৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, লগতে প্ৰত্যেক সেই কথা আৰু কৰ্মৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ যিয়ে ইয়াৰ নিকটৱৰ্তী কৰি দিয়ে। লগতে মই কামনা কৰোঁ, তুমি মোৰ বিষয়ে লোৱা প্ৰতিটো সিদ্ধান্তই যেন মোৰ কাৰণে কল্যাণকৰ হয়।
ছহীহ ইবনে মাজাহ আৰু আহমদে বৰ্ণনা কৰিছে।
তিনি প্ৰকাৰ লোকৰ পৰা কলম উঠাই লোৱা হৈছেঃ ১) টোপনিত থকা ব্যক্তি, যেতিয়ালৈকে সাৰ নাপায়। ২) শিশু, যেতিয়ালৈকে সি প্ৰাপ্তবয়স্কত উপনীত নহয়। ৩) উন্মাদ ব্যক্তি, যেতিয়ালৈকে বোধশক্তি ঘূৰাই নাপায়।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)
"যেতিয়া দুজন মুছলিমে সাক্ষাৎ কৰি পৰস্পৰে মুচাফাহা কৰে, তেওঁলোক ইজনে সিজনক এৰি যোৱাৰ আগতে উভয়ৰে গুনাহ মাফ কৰি দিয়া হয়।"
সকলো তথ্যসূত্ৰ অনুযায়ী ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! আমাৰ ওপৰত আমাৰ স্ত্ৰীসকলৰ প্ৰাপ্য (অধিকাৰ) কি? তেখেতে ক'লেঃ "যেতিয়া তুমি আহাৰ কৰিবা, তেতিয়া তাইকো আহাৰ কৰাবা। এইদৰে যেতিয়া তুমি পৰিধান কৰিবা অথবা উপাৰ্জন কৰিবা তেতিয়া তাইকো পৰিধান কৰাবা। মুখমণ্ডলত নামাৰিবা, বেয়া ভাষাৰে গালি নাপাৰিবা, পৃথক ৰাখিবলগীয়া হ'লে ঘৰতে পৃথক ৰাখিবা।"
হাছান (আবু দাঊদ,ইবনে মাজাহ, আহমদ)
"তোমালোকে বেছি বেছি জীৱনৰ সোৱাদ হৰণকাৰীক স্মৰণ কৰা।" অৰ্থাৎ মৃত্যুক স্মৰণ কৰা।
হাছান তিৰমিজী, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
তেখেতে পুৱাৰ ভাগত এনেকৈ কৈছিল। উচ্চাৰণঃ "আল্লা-হুম্মা বিকা আছবাহনা, অবিকা আমছাইনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকান নুশ্বু-ৰ”৷
অৰ্থ: হে আল্লাহ! তোমাৰ নামতে আমি প্ৰভাত কৰিলোঁ আৰু তোমাৰ নামতে আমি ৰাতিত প্রৱেশ কৰিছোঁ আৰু তোমাৰ নামতে আমি জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ ফালেই আমি উভতি যাম।
আৰু সন্ধিয়াৰ ভাগত এনেকৈ কৈছিল। উচ্চাৰণঃ "আল্লা-হুম্মা বিকা আমছাইনা, অবিকা আচবাহনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকাল মাচীৰ” ৷
অৰ্থ: হে আল্লাহ! আমি তোমাৰ নামতে সন্ধিয়াত উপনীত হৈছোঁ আৰু তোমাৰ নামতে আমি প্ৰভাত কৰিছোঁ আৰু তোমাৰ নামতে আমি জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ ওচৰলৈকেই আমাৰ শেষ ঠিকনা।
হাছান আবু দাঊদ, তিৰমিজী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে, লগতে নাছায়ীয়ে ছুনান আল-কুবাৰাত বৰ্ণনা কৰিছে।