Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 116 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (57)
“মই তেমালোকৰ ওপৰত যিটো বিষয়ক আটাইতকৈ বেছি ভয় কৰোঁ সেইটো হৈছে সৰু শ্বিৰ্ক।" উপস্থিত লোকসকলে ক'লেঃ হে আল্লাহৰ ৰাছুল! সৰু শ্বিৰ্ক আকৌ কি? তেখেতে ক'লেঃ "সেইটো হৈছে ৰিয়া (লোকক দেখুৱাবলৈ কৰা আমল)। কিয়ামতৰ দিনা যেতিয়া মানুহক সিহঁতৰ আমলৰ প্ৰতিফল প্ৰদান কৰা হ'ব তেতিয়া সিহঁতক আল্লাহে ক'বঃ যোৱা তোমালোকে সিহঁতৰ ওচৰলৈ যোৱা যিসকলক দেখুৱাবলৈ তোমালোকে আমল কৰিছিলা, গৈ চোৱাচোন সিহঁতৰ ওচৰত তোমালোকে কিবা প্ৰতিদান পোৱানে নাই?”
হাছান (আহমদ)
"ধূলিময় হওক সেই ব্যক্তিৰ নাক, যাৰ ওচৰত মোৰ নাম উল্লেখ হোৱাৰ পিছতো সি মোৰ প্ৰতি দৰূদ পাঠ কৰা নাই। সেই ব্যক্তিৰো নাক ধূলিময় হওক, যিয়ে ৰমাজান মাহত প্ৰৱেশ কৰিও নিজৰ গুনাহ মাফ নকৰাকৈয়ে থাকে আৰু ইপিনে ৰমাজান মাহ পাৰ হৈ যায়। এইদৰে ধূলিময় হওক সেই ব্যক্তিৰ নাক, যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পাইয়ো (জান্নাতত প্ৰৱেশ কৰিব পৰা নাই বা) তেওঁলোকে তাক জান্নাতত প্ৰৱেশ কৰাব পৰা নাই।" (অৰ্থাৎ সি তেওঁলোকৰ সেৱা যত্ন কৰি জান্নাত অৰ্জন কৰিব পৰা নাই।)
ছহীহ (তিৰমিজী, আহমদ)
তিনি প্ৰকাৰ লোকৰ পৰা কলম উঠাই লোৱা হৈছেঃ ১) টোপনিত থকা ব্যক্তি, যেতিয়ালৈকে সাৰ নাপায়। ২) শিশু, যেতিয়ালৈকে সি প্ৰাপ্তবয়স্কত উপনীত নহয়। ৩) উন্মাদ ব্যক্তি, যেতিয়ালৈকে বোধশক্তি ঘূৰাই নাপায়।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)
"যেতিয়া দুজন মুছলিমে সাক্ষাৎ কৰি পৰস্পৰে মুচাফাহা কৰে, তেওঁলোক ইজনে সিজনক এৰি যোৱাৰ আগতে উভয়ৰে গুনাহ মাফ কৰি দিয়া হয়।"
সকলো তথ্যসূত্ৰ অনুযায়ী ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
কোৰআন কণ্ঠস্থ ৰখা ব্যক্তিক কোৱা হ'ব, পঢ়া আৰু আৰোহণ কৰা, সেইদৰে ধীৰস্থিৰে তিলাৱত কৰা, যিদৰে তুমি পৃথিৱীত তিলাৱত কৰিছিলা। য'ত তুমি শেষ আয়াত তিলাৱত কৰিবা সেইটোৱে হ'ব তোমাৰ ঠিকনা।
হাছান (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ)
"তেখেত কেতিয়াও অশ্লীলভাষী নাছিল, আৰু বেয়া ব্যৱহাৰো কৰা নাছিল, লগতে তেখেতে কেতিয়াও বজাৰত চিঞৰ বাখৰ কৰা নাছিল, এইদৰে তেখেতে কেতিয়াও অন্যায়ৰ প্ৰতিশোধ অন্যায়ৰ দ্বাৰা লোৱা নাছিল। বৰং তেখেতে ক্ষমা কৰিছিল আৰু মাফ কৰি দিছিল।"
ছহীহ (তিৰমিজী, আহমদ)
মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! আমাৰ ওপৰত আমাৰ স্ত্ৰীসকলৰ প্ৰাপ্য (অধিকাৰ) কি? তেখেতে ক'লেঃ "যেতিয়া তুমি আহাৰ কৰিবা, তেতিয়া তাইকো আহাৰ কৰাবা। এইদৰে যেতিয়া তুমি পৰিধান কৰিবা অথবা উপাৰ্জন কৰিবা তেতিয়া তাইকো পৰিধান কৰাবা। মুখমণ্ডলত নামাৰিবা, বেয়া ভাষাৰে গালি নাপাৰিবা, পৃথক ৰাখিবলগীয়া হ'লে ঘৰতে পৃথক ৰাখিবা।"
হাছান (আবু দাঊদ,ইবনে মাজাহ, আহমদ)
"আল্লাহে সেই ব্যক্তিক চিৰ উজ্জল কৰি ৰাখক, যিয়ে মোৰ পৰা কোনো বিষয় শুনে, আৰু সেইটো সেইদৰেই বেলেগক বৰ্ণনা কৰে যিদৰে তেওঁ শুনিছে। কিয়নো যিসকলক পৌঁচাই দিয়া হ'ব তেওঁলোকৰ মাজৰ কিছুমান লোক এনেকুৱা আছে, যিয়ে শ্ৰৱণকাৰীতকৈও অধিক ভালকৈ মুখস্থ ৰাখিব পাৰে।"
ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)