Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 116 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (57)
"মই তোমালোকক তোমালোকৰ সকলো আমলতকৈ উত্তম এটা আমল সম্পৰ্কে সংবাদ নিদিমনে, যিটো তোমালোকৰ প্ৰতিপালকৰ ওচৰত অতিকৈ পৱিত্ৰ আৰু তোমালোকৰ মৰ্যাদা উন্নীত কৰিব। এনেকুৱা আমল যিটো সোণ-ৰূপ দান কৰাতকৈও উত্তম আৰু সেই যুদ্ধতকৈও উত্তম যি যুদ্ধত তোমালোকে শত্ৰুসকলক হত্যা কৰা আৰু সিহঁতে তোমালোকক শ্বহীদ কৰে?" চাহাবাসকলে ক'লেঃ নিশ্চয় জনাওক। তেখেতে ক'লেঃ সেয়া হৈছে, "মহান আল্লাহক স্মৰণ কৰা (অৰ্থাৎ জিকৰ-আজকাৰ কৰা)।"
ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)
"যেতিয়া তোমালোকৰ মাজৰ কোনোবাই বৈঠকত উপস্থিত হয় তেতিয়া তেওঁ ছালাম কৰা উচিত। এইদৰে যেতিয়া প্ৰস্থান কৰিব তেতিয়াও ছালাম কৰা উচিত। দ্বিতীয়টোতকৈ প্ৰথমটো বেছি উত্তম নহয়।"
হাছান (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ)
যি ব্যক্তিয়ে তাৰ কোনো ভাতৃৰ মান-সন্মানত আহিবলগীয়া আঘাত প্রতিৰোধ কৰিব, কিয়ামতৰ দিনা আল্লাহে সেই ব্যক্তিৰ মুখমণ্ডল (জাহান্নামৰ) জুইৰ পৰা ৰক্ষা কৰিব।
ছহীহ (তিৰমিজী, আহমদ)
"তোমালোকে সৰু সুৰা পাপ কৰ্মকো বৰ্জন কৰা, কিয়নো সৰু আৰু তুচ্ছ পাপ কৰ্মৰ উদাহৰণ হৈছে সেইসকল লোকৰ দৰে যিসকলে (ভ্ৰমণত গৈ) কোনো এটা উপত্যকাত (বিশ্ৰামৰ বাবে) অৱস্থান কৰে। ইয়াৰ পিছত ইজনে এটা কাঠৰ টুকুৰা আনে আৰু সিজনে এটা কাঠৰ টুকুৰা আনে, অৱশেষত খৰিৰ স্তূপ হৈ যায়, আৰু সিহঁতে সেইবোৰৰ দ্বাৰা ৰুটী সেকি খায়। ঠিক সেইদৰে সৰু সুৰা পাপ কৰ্মত অটল থকা লোকক যেতিয়া কৰায়ত্ব কৰা হ'ব তেতিয়া এইবোৰ গুনাহেই তাক ধ্বংস কৰিব।"
ছহীহ (আহমদ)
"যদি পানীৰ পৰিমাণ দুই কুল্লাহ হয় তেন্তে সেই পানী নাপাক নহয়।"
ছহীহ আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া হাঁচি কৰিছিল, তেতিয়া তেখেতে মুখত, হাত অথবা কাপোৰ ৰাখিছিল আৰু শব্দ কম কৰাৰ বা লাঘৱ কৰাৰ চেষ্টা কৰিছিল।
ছহীহ (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
নিশ্চয় মুমিন ব্যক্তিয়ে নিজৰ সদাচৰণৰ বাবে চওম পালনকাৰী আৰু চালাত আদায়কাৰী ব্যক্তিৰ দৰে মর্যাদা লাভ কৰে।
অন্যান্য হাদীছৰ সমৰ্থনত ছহীহ (আবু দাঊদ, আহমদ)
"তোমালোকে অতিৰিক্ত সা-সম্পত্তিৰ অধিকাৰী নহ'বা, অন্যথা দুনিয়াৰ প্ৰতি আসক্ত হৈ পৰিবা।"
হাছান লিগাইৰিহি। (তিৰমিজী, আহমদ)