Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 95 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (52)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক জামাআতৰ শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হৈ নামাজ পঢ়া দেখি, তাক পুনৰ নামাজ পঢ়িবলৈ নিৰ্দেশ দিলে।
হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
অভিভাৱক অবিহনে বিবাহ নহয়।
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
যিয়েই জ্যোতিষ বিদ্যাৰ কিছু শিক্ষা গ্ৰহণ কৰে, সি দৰাচলতে যাদু বিদ্যাৰ এটা শাখা আয়ত্ত কৰে। ইয়াৰ পিছত সি যিমানেই শিকিব সিমানেই সেই পথত আগুৱাই যাব।
ছহীহ (আবু দাঊদ,ইবনে মাজাহ, আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও পুৱা গধূলি এই দুআটো পাঠ নকৰাকৈ থকা নাছিল। উচ্চাৰণঃ "আল্লা-হুম্মা ইন্নি আছআলুকাল আ-ফিয়াহ ফিদ দুনিয়া অল আ-খিৰাহ, আল্লা-হুম্মা ইন্নি আছআলুকাল আফৱা অল আ-ফিয়া ফী দ্বীনি, অদুনিয়ায়ী, অ আহলি, অ মা-লী, আল্লা-হুম্মাছ তুৰ আউৰা-তি, ৱা আ-মিন ৰাউআ-তি, আল্লা-হুম্মাহফিজনি মিন বাইনা য়াদায়্যা, অমিন খালফি, ৱা আন য়ামীনি, অ আন শ্বিমা-লি, অমিন ফাউকি, অ আউজু বিআজমাতিকা আন উগতা-লা মিন তাহতি”। অৰ্থ: হে আল্লাহ! মই তোমাৰ ওচৰত দুনিয়া আৰু আখিৰাতত নিৰাপত্তা বিচাৰোঁ। হে আল্লাহ! মই মোৰ দ্বীন, মোৰ দুনিয়া, মোৰ পৰিয়াল আৰু মোৰ সম্পদৰ বাবে তোমাৰ ওচৰত ক্ষমা বিচাৰোঁ আৰু নিৰাপদ কামনা কৰোঁ। হে আল্লাহ! মোৰ পৰ্দা কৰা অংগসমূহৰ ওপৰত পৰ্দা কৰি দিয়া। মোৰ ভয়-ভীতি দূৰ কৰি শান্তি বিৰাজ কৰা। হে আল্লাহ! মোৰ সন্মুখৰ পৰা, মোৰ পিছফালৰ পৰা মোৰ সোঁফালৰ পৰা, মোৰ বাওঁফালৰ পৰা আৰু মোৰ ওপৰৰ পৰা মোক সুৰক্ষা প্ৰদান কৰা। আকস্মিক তলৰ পৰা ধ্বংস হোৱাৰ পৰাও মই তোমাৰ আশ্ৰয় বিচাৰোঁ।
ছহীহ (আবু দাঊদ, ইবনে মাজাহ, নাছায়ী, আহমদ)
"মোক যেতিয়া মিৰাজলৈ লৈ যোৱা হৈছিল, সেই সময়ত মই কিছুমান লোকৰ ওচৰেৰে পাৰ হৈছিলোঁ, সিহঁতৰ নখবোৰ আছিল তামৰ, যিবোৰৰ দ্বাৰা সিহঁতে নিজৰ মুখমণ্ডল আৰু বুকু খামোচি আঘাত কৰি আছিল। তেতিয়া মই ক'লোঁঃ হে জিব্ৰীল! ইহঁত কোন? তেওঁ ক'লেঃ ইহঁত হৈছে সেইসকল লোক, যিসকলে মানুহৰ মাংস ভক্ষণ কৰিছিল আৰু তেওঁলোকৰ সন্মান সম্ভ্ৰম হৰণ কৰিছিল।"
হাছান (আবু দাঊদ)
"যি বস্তুৰ বেছি খালে নিচা হয়, সেইটোৰ কম পৰিমাণো হাৰাম।"
হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
"যিয়ে এই দুআ পাঠ কৰিবঃ ৰাজীতু বিল্লা-হি ৰাব্বান, অবিল ইছলামি দ্বীনান, অবিমুহাম্মাদিন ৰাছুলা। (অৰ্থঃ মই সন্তুষ্ট হৈছোঁ, আল্লাহক প্ৰতিপালক হিচাপে গ্ৰহণ কৰি, ইছলামক দ্বীন হিচাপে লাভ কৰি, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে গ্ৰহণ কৰি।) তাৰ বাবে জান্নাত অনিবাৰ্য্য।"
ছহীহ (আবু দাঊদ)
"হে বিলাল! নামাজৰ ইক্বামত দিয়া, আৰু ইয়াৰ দ্বাৰা আমাক আৰাম প্ৰদান কৰা।"
ছহীহ (আবু দাঊদ)