Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 28 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
এবাৰ তেওঁলোকে ক'লে যে, হে আল্লাহৰ ৰাছুল! আমি খাওঁ কিন্তু আমাৰ পেট নভৰে তথা আমি পৰিতৃপ্ত হ'ব নোৱাৰোঁ। তেখেতে ক'লেঃ "সম্ভৱতঃ তোমালোকে একেলগে বহি নোখোৱা?" তেওঁলোকে ক'লেঃ হয়। তেতিয়া তেখেতে ক'লেঃ "তোমালোকে একেলগে বহি আহাৰ কৰা, আৰু আহাৰ কৰাৰ সময়ত আল্লাহৰ নাম স্মৰণ কৰিবা, তেতিয়াহে তোমালোকৰ খাদ্যত বৰকত হ'ব।"
হাছান (আবু দাঊদ,ইবনে মাজাহ, আহমদ)
এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি এইদৰে ছালাম কৰিলেঃ আচ্ছালামু আলাইকুম। তেখেতে ছালামৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "দহ।" ইয়াৰ পিছত আন এজন ব্যক্তিয়ে আহি ক'লেঃ আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ। তেখেতে উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। তেতিয়া তেখেতে ক'লেঃ "বিশ।" ইয়াৰ পিছত আন এজন ব্যক্তিয়ে আহি ক'লেঃ আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ। তেখেতে ইয়াৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। তেতিয়া তেখেতে ক'লেঃ "ত্ৰিশ।"
হাছান আবু দাঊদ, তিৰমিজী, আহমদ, আৰু দাৰিমীয়ে বৰ্ণনা কৰিছে।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক জামাআতৰ শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হৈ নামাজ পঢ়া দেখি, তাক পুনৰ নামাজ পঢ়িবলৈ নিৰ্দেশ দিলে।
হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
"মোক যেতিয়া মিৰাজলৈ লৈ যোৱা হৈছিল, সেই সময়ত মই কিছুমান লোকৰ ওচৰেৰে পাৰ হৈছিলোঁ, সিহঁতৰ নখবোৰ আছিল তামৰ, যিবোৰৰ দ্বাৰা সিহঁতে নিজৰ মুখমণ্ডল আৰু বুকু খামোচি আঘাত কৰি আছিল। তেতিয়া মই ক'লোঁঃ হে জিব্ৰীল! ইহঁত কোন? তেওঁ ক'লেঃ ইহঁত হৈছে সেইসকল লোক, যিসকলে মানুহৰ মাংস ভক্ষণ কৰিছিল আৰু তেওঁলোকৰ সন্মান সম্ভ্ৰম হৰণ কৰিছিল।"
হাছান (আবু দাঊদ)
"যি বস্তুৰ বেছি খালে নিচা হয়, সেইটোৰ কম পৰিমাণো হাৰাম।"
হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! (সবাতোকৈ বেছি) সদ্ব্যৱহাৰ কাৰ সৈতে কৰিম? তেখেতে ক'লেঃ "তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ পিতৃৰ সৈতে। ইয়াৰ পিছত শ্ৰেণীবদ্ধভাৱে যিজন তোমাৰ বেছি নিকটাত্মীয়।"
হাছান (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
"তোমালোকে আল্লাহৰ বান্দীসকলক আল্লাহৰ ঘৰ মছজিদৰ পৰা বাধা প্ৰদান নকৰিবা। কিন্তু সিহঁতে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত যাতে সুগন্ধি ব্যৱহাৰ নকৰে।"
হাছান (আবু দাঊদ)
"মানুহে নিজৰ বন্ধুৰ পথ অনুকৰণ কৰে। গতিকে তোমালোকৰ মাজৰ প্ৰত্যেকেই মনোযোগ দিয়া উচিত যে, সি কাক বন্ধুৰূপে গ্ৰহণ কৰিছে।"
হাছান (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)