Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 14 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

তোমালোকে মোৰ প্ৰশংসাত সীমালংঘন নকৰিবা, যিদৰে খৃষ্টানসকলে ঈছা ইবনে মৰিয়ম সম্পৰ্কে সীমালংঘন কৰিছিল। মই হৈছোঁ আল্লাহৰ বান্দা। গতিকে তোমালোকে মোক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলিহে কোৱা।
ছহীহ (বুখাৰী)
(ৰহমতৰ) ফিৰিস্তা সেই ঘৰত প্ৰৱেশ নকৰে, যি ঘৰত কুকুৰ আৰু (জীৱ-জন্তুৰ) ছবি আছে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"গায়েবৰ চাবি হৈছে পাঁচটাঃ নিশ্চয় আল্লাহ, তেওঁৰ ওচৰতেই আছে কিয়ামতৰ সঠিক জ্ঞান, তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেৱেঁই জানে মাতৃগৰ্ভত যি আছে। কোনোৱেই নাজানে কাইলৈ সি কি উপাৰ্জন কৰিব আৰু কোনোৱেই নাজানে কোন ঠাইত তাৰ মৃত্যু ঘটিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।"
ছহীহ (বুখাৰী)
"ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, সিহঁতে সিহঁতৰ নবীসকলৰ সমাধিসমূহক উপাসনালয়ত পৰিণত কৰিছে।’’ তেওঁ কৈছেঃ এইটো আশংকা নাথাকিলে তেখেতৰ কবৰক উন্মুক্ত ৰখা হ’লহেঁতেন। কিন্তু তেখেতে আশংকা কৰিছিল যে, তেখেতৰ কবৰক ছাজদাৰ স্থানত পৰিণত কৰা হ’ব পাৰে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মহান আল্লাহে কিয়ামতৰ দিনা জাহান্নামত একেবাৰে লঘু শাস্তি লাভ কৰা ব্যক্তিক ক'বঃ পৃথিৱীত থকা সকলো বস্তু যদি তোমাৰ হ'লহেঁতেন, তেন্তে এই শাস্তিৰ পৰা মুক্তি পাবলৈ তুমি সেই সকলোবোৰ বস্তু মুক্তিপণ হিচাপে দিলাহেঁতেন নে? সেই ব্যক্তিজনে ক'বঃ হয়। তেতিয়া আল্লাহে ক'বঃ তুমি যেতিয়া আদমৰ পিঠিত আছিলা, তেতিয়া মই তোমাৰ পৰা ইয়াতকৈও অতি সহজ এটা বস্তু বিচাৰিছিলোঁ যে, তুমি মোৰ লগত শ্বিৰ্ক নকৰিবা, কিন্তু তথাপিও তুমি মোৰ লগত শ্বিৰ্ক কৰিছা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা কথা কৈছে আৰু ময়ো এটা কথা কৈছোঁ। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “ যিয়ে এই অৱস্থাত মৃত্যুবৰণ কৰিব যে, সি আল্লাহৰ বাহিৰে আনক তেওঁৰ সমকক্ষ স্থিৰ কৰি আহ্বান কৰি আছিল, তেন্তে সি জাহান্নামত প্ৰৱেশ কৰিব।” ইয়াৰ পৰিপ্ৰেক্ষিতত মই কৈছোঁ, তেন্তে যিয়ে আল্লাহৰ বাহিৰে আন কাকো তেওঁৰ সমকক্ষ স্থিৰ কৰি আহ্বান কৰা নাই, সি নিশ্চয় জান্নাতত প্ৰৱেশ কৰিব।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
কিছুমান লোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক জ্যোতিষিৰ বিষয়ে প্ৰশ্ন কৰিলে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক ক'লেঃ "সিহঁতৰ কথাত কোনো সত্যতা নাই।" তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! সিহঁতে কোৱা কিছুমান কথা কেতিয়াবা কেতিয়াবা সত্য প্ৰমাণিত হয়। এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "সিহঁতৰ সেই সত্য কথাটো জিনে (ফিৰিস্তাসকলৰ পৰা) অকস্মাৎ চোৰকৈ শুনি লৰ মাৰে আৰু সেইটো মানুহৰ মাজত থকা তাৰ প্ৰিয়জনক মুৰ্গীৰ মাতৰ দৰে শব্দৰে জনাই দিয়ে। ফলত সেই ব্যক্তিজনে এই এটা সত্য কথাৰ সৈতে আৰু এশটা মিছা কথা মিশ্ৰিত কৰি প্ৰচাৰ কৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহু চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত বাৰে বাৰে নিজৰ চাদৰখনেৰে মুখমণ্ডল ঢাকি লৈছিল। কিন্তু যেতিয়াই তেখেতে অসুবিধা অনুভৱ কৰিছিল, তেতিয়াই সেইটো আঁতৰাই দিছিল। সেই অৱস্থাতে তেখেতে কৈছিল, ‘‘ইয়াহুদী, খৃষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, সিহঁতে নিজৰ নবীসকলৰ কবৰসমূহক উপাসনালয়ত পৰিণত কৰিছে।’’ ইয়াৰ দ্বাৰা তেখেতে সিহঁতৰ সেই কৰ্মৰ পৰা সতৰ্ক কৰিছে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})