Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 52 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কিয়ামতৰ বিষয়ে সুধিলে। তেওঁ ক’লে: কিয়ামত কেতিয়া সংঘটিত হ'ব? তেখেতে ক'লে: "তুমি ইয়াৰ বাবে কি প্ৰস্তুতি লৈছা?" তেওঁ ক'লে: একো কৰা নাই, কিন্তু এইটো নিশ্চিত যে, আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক অত্যন্ত মুহাব্বত কৰোঁ। তেখেতে ক'লেঃ "তুমি তেওঁৰেই সংগ লাভ কৰিবা যাক তুমি ভালপোৱা।" আনাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে: আমি বেলেগ কোনো বস্তুৰ দ্বাৰা ইমান আনন্দিত হোৱা নাছিলোঁ, যিমান আনন্দিত আৰু সন্তুষ্ট হৈছোঁ তেখেতৰ এই কথাৰ দ্বাৰা যে, তুমি তেওঁৰ সৈতেই থকাৰ সৌভাগ্য লাভ কৰিবা, যাক তুমি ভালপোৱা। আনাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে: মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ভাল পাওঁ, এইদৰে আবু বকৰ, ওমৰকো ভাল পাওঁ, আৰু মই আশা কৰোঁ মোৰ এই ভালপোৱাৰ কাৰণে মই তেওঁলোকৰ লগত থকাৰ সৌভাগ্য লাভ কৰিম, যদিও মই তেওঁলোকৰ দৰে আমল কৰিব পৰা নাই।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
কিয়ামতৰ অন্যতম আলামত হৈছে, ইল্ম (জ্ঞান) উঠাই লোৱা হ'ব, অজ্ঞানতা প্ৰসাৰিত হ'ব, জিনা তথা ব্যভিচাৰ বেছি হ'ব, মাদক দ্ৰৱ্য সেৱনকাৰীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব, পুৰুষৰ সংখ্যা কমিব আৰু নাৰীৰ সংখ্যা বৃদ্ধি পাব, আনকি প্ৰতি পঞ্চাচজনী নাৰীৰ তত্ত্বাৱধায়ক হ'ব কেৱল এজন পুৰুষ।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। যিটো অনিষ্টৰ দ্বাৰা আৰববাসী ধ্বংস হ'ব সেইটো অতি সন্নিকট। আজি য়াজুজ আৰু মাজুজৰ প্ৰাচীৰত ইমানখিনি সুৰংগ হৈছে।" এই কথা কৈ তেখেতে বৃদ্ধাঙ্গুলি আৰু ইয়াৰ ওচৰতে থকা আঙুলিটোৰ দ্বাৰা গোলাকাৰ বনাই দেখুৱালে। জয়নব বিন্তে জাহাশ্বে কৈছে, মই ক'লোঁ হে আল্লাহৰ ৰাছুল! আমাৰ মাজত পুণ্যৱান লোকসকল থকা সত্ত্বেও আমি ধ্বংস হ'ম নেকি, তেখেতে ক'লেঃ "হয়। যেতিয়া অত্যাধিক পাপ বিয়পি পৰিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"জান্নাতত সৰ্বপ্ৰথম যিটো দল প্ৰৱেশ কৰিব, তেওঁলোকৰ মুখমণ্ডল হ'ব পূৰ্ণিমাৰ ৰাতিৰ চন্দ্ৰৰ দৰেই উজ্জ্বল। ইয়াৰ পিছত যিটো দল প্ৰৱেশ কৰিব তেওঁলোকৰ মুখমণ্ডল হ'ব আকাশৰ সৰ্বাধিক দীপ্তিমান উজ্জ্বল তৰাৰ দৰে। তেওঁলোকে তাত প্ৰস্ৰাৱো নকৰিব আৰু পায়খানাও নকৰিব। তেওঁলোকে থু খেঁকাৰো নেপেলাব আৰু নাকৰ পৰা ময়লা পৰিষ্কাৰ কৰাৰো প্ৰয়োজন নহ'ব। তেওঁলোকৰ ফণি হ'ব সোণেৰে নিৰ্মিত। তেওঁলোকৰ ঘাম হ'ব মিস্কৰ দৰে সুগন্ধিযুক্ত। তেওঁলোকৰ ধূপদানীত ব্যৱহাৰ কৰা হ'ব চন্দন কাঠৰ খৰি। ডাঙৰ চকুবিশিষ্টা হূৰসকলৰ হ'ব তেওঁলোকৰ স্ত্ৰী। তাত তেওঁলোকৰ আকৃতি হ'ব একেই ধৰণৰ। সকলোৰে আকৃতি হ'ব তেওঁলোকৰ আদি পিতা আদমৰ দৰে। উচ্চতাত তেওঁলোকৰ দৈৰ্ঘ্য হ'ব ষাঠি হাত।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
তেওঁ কৈছে আমাক ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে হাদীছ বৰ্ণনা কৰিছে— যিজন সত্যবাদী আৰু যাৰ কথাক সত্য বুলি মানি লোৱা হয়— তেখেতে আমাক কৈছে: মাতৃগৰ্ভত তোমালোকৰ সৃষ্টি চল্লিশ দিন আৰু চল্লিশ ৰাতিলৈকে শুক্ৰৰূপে জমা হোৱাৰ মাধ্যমত আৰম্ভ হয়, পৰৱৰ্তী চল্লিশ দিন জমাট বন্ধা ৰক্তপিণ্ড হিচাপে থাকে, তাৰ পিছৰ চল্লিশ দিন মাংসপিণ্ড ৰূপে থাকে, তাৰ পিছত তাৰ ওচৰলৈ এজন ফিৰিস্তা প্ৰেৰণ কৰা হয়। সেই ফিৰিস্তাক চাৰিটা কথা লিখিবলৈ নিৰ্দেশ দিয়া হয়। ফলত তেওঁ তাৰ জীৱিকা, বয়স, কৰ্ম আৰু সি সৌভাগ্যৱান হ'ব নে দুৰ্ভগীয়া হ'ব সেইটো লিখি দিয়ে। ইয়াৰ পিছত তেওঁ তাৰ মাজত ৰূহ প্ৰৱেশ কৰায়। এতেকে তোমালোকৰ মাজৰ কোনোবাই জান্নাতবাসীৰ দৰে কাম কৰে - আনকি তাৰ আৰু জান্নাতৰ মাজত কেৱল এক হাত পৰিমাণ ব্যৱধান থাকে, এনে অৱস্থাত তাৰ (ভাগ্যৰ) লিখনে তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, ফলত সি জাহান্নামীসকলৰ দৰে কাম কৰা আৰম্ভ কৰে আৰু ইয়াৰ ফলত সি তাত প্ৰৱেশ কৰে। এইদৰে তোমালোকৰ মাজৰ কোনোবাই জাহান্নামীসকলৰ দৰে কাম কৰে- আনকি তাৰ আৰু জাহান্নামৰ মাজত মাত্ৰ এক হাত পৰিমাণ ব্যৱধান থাকে, এনে অৱস্থাত তাৰ (ভাগ্যৰ) লিখনে তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, ফলত সি জান্নাতবাসীসকলৰ দৰে কাম কৰা আৰম্ভ কৰে আৰু সি তাত প্ৰৱেশ কৰে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই কিয়ামতৰ দিনা মানৱজাতিৰ নেতা হ'ম। তোমালোকে জানানে ইয়াৰ কাৰণ কি? কিয়ামতৰ দিনা আগৰ পিছৰ সকলো মানুহ এনেকুৱা এটা ময়দানত একত্ৰিত হ'ব, য'ত এজন আহ্বানকাৰীৰ আহ্বান সকলোৱে শুনা পাব। লগতে সকলোৱে একেলগে দৃষ্টিগোচৰ কৰিব। সূৰ্য্য একেবাৰে নিকটৱৰ্তী হ'ব। মানুহ এনেকুৱা কষ্ট-ক্লেশ তথা যন্ত্ৰণাৰ সন্মুখীন হ'ব যিটো অসহনীয় তথা অসহ্যকৰ। তেতিয়া লোকসকলে কোৱাকুই কৰিবঃ তোমালোকে দেখা পোৱা নাইনে, তোমালোকৰ কি অৱস্থা হৈছে? তোমালোকে এনেকুৱা কোনো ব্যক্তিক অনুসন্ধান কৰি নুলিয়াবানে, যিয়ে তোমালোকৰ হৈ তোমালোকৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰিব? তেতিয়া সিহঁতে ইজনে সিজনক ক'বঃ তেন্তে বলা, আদমৰ ওচৰলৈ যাওঁ। তেতিয়া সিহঁত আদম আলাইহিচ্ছালামৰ ওচৰলৈ আহিব। সিহঁতে তেখেতক ক'বঃ আপুনি হৈছে মানৱজাতিৰ পিতা। আল্লাহে আপোনাক নিজ হাতেৰে সৃষ্টি কৰিছে, আৰু আপোনাৰ ভিতৰত তেওঁৰ ৰূহ সঞ্চাৰ কৰিছে, আৰু ফিৰিস্তাসকলৰ দ্বাৰা আপোনাক ছাজদাহ কৰোৱাইছে। গতিকে আমাৰ বাবে আপুনি আপোনাৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰক। আপুনি লক্ষ্য কৰা নাইনে আমি কি অৱস্থাত আছোঁ? আৰু আপুনি দেখা নাইনে আমাৰ অৱস্থা কি হ'বলৈ গৈ আছে? তেতিয়া আদম আলাইহিচ্ছালামে ক'বঃ নিশ্চয় মোৰ প্ৰতিপালক আজি যি পৰিমাণ ক্ৰোধান্বিত হৈ আছে, এনেকুৱা খং তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। তেওঁ মোক এটা গছৰ ফল খাবলৈ নিষেধ কৰিছিল, কিন্তু মই অমান্য কৰি পেলাইছিলোঁ। নফছী, নফছী, নফছী, (মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব)। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। তোমালোকে নূহৰ ওচৰলৈ যোৱা। সিহঁতে নূহৰ ওচৰলৈ আহি ক'বঃ হে নূহ! আপুনি হৈছে পৃথিৱীৰ প্ৰথম ৰাছুল। মহান আল্লাহে আপোনাক কৃতজ্ঞ বান্দা বুলি আখ্যায়িত কৰিছে। গতিকে আপুনি আমাৰ বাবে আপোনাৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰক। আপুনি দেখা নাইনে আমাৰ অৱস্থা কি হৈছে? তেতিয়া তেওঁ ক'বঃ নিশ্চয় মোৰ প্ৰতিপালক আজি যি পৰিমাণ ক্ৰোধান্বিত হৈ আছে, এনেকুৱা খং তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। মোৰ পক্ষত গ্ৰহণযোগ্য এটা দুআ আছিল, যিটো মই মোৰ উম্মতৰ বিৰুদ্ধে কৰি পেলাইছোঁ। নফছী, নফছী, নফছী, (মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব)। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। বৰং তোমালোকে ইব্ৰাহীমৰ ওচৰলৈ যোৱা। সিহঁতে ইব্ৰাহীমৰ ওচৰলৈ আহিব আৰু ক'বঃ হে ইব্ৰাহীম! আপুনি পৃথিৱীত আল্লাহৰ নবী আৰু খলীল আছিল। গতিকে আপুনি আমাৰ বাবে আপোনাৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰক। আপুনি দেখা নাইনে আমাৰ কি অৱস্থা হৈছে? তেতিয়া তেওঁ ক'বঃ নিশ্চয় মোৰ প্ৰতিপালক আজি যি পৰিমাণ ক্ৰোধান্বিত হৈ আছে, এনেকুৱা খং তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। মই মোৰ জীৱনত তিনিটা মিছা কথা কৈছিলোঁ। নফছী, নফছী, নফছী, (মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব)। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। বৰং তোমালোকে মুছাৰ ওচৰলৈ যোৱা। তেতিয়া সিহঁতে মুছা আলাইহিচ্ছালামৰ ওচৰলৈ আহি ক'বঃ হে মুছা! আপুনি হৈছে আল্লাহৰ এজন ৰাছুল। আল্লাহে আপোনাক ৰিছালত প্ৰদান কৰি আৰু আপোনাৰ সৈতে কথা পাতি আপোনাক মানুহৰ ওপৰত প্ৰাধান্য দিছিল। গতিকে আপুনি আমাৰ বাবে আপোনাৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰক। আপুনি চোৱা নাইনে, আমাৰ অৱস্থা কি হৈছে? তেতিয়া তেওঁ ক'বঃ নিশ্চয় মোৰ প্ৰতিপালক আজি যি পৰিমাণ ক্ৰোধান্বিত হৈ আছে, এনেকুৱা খং তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। মই এনেকুৱা এজন লোকক হত্যা কৰিছিলোঁ, যাক হত্যা কৰিবলৈ মোক নিৰ্দেশ দিয়া হোৱা নাছিল। নফছী, নফছী, নফছী, (মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব)। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। বৰং তোমালোকে মাৰয়ামৰ পুত্ৰ ঈছাৰ ওচৰলৈ যোৱা। সিহঁতে ঈছাৰ ওচৰলৈ আহিব আৰু ক'বঃ হে ঈছা! আপুনি হৈছে আল্লাহৰ ৰাছুল আৰু তেওঁৰ কলিমা, যিটো তেওঁ মাৰয়ামৰ ওপৰত নিক্ষেপ কৰিছিল, লগতে আপুনি হৈছে তেওঁৰ ৰূহ। আপুনি দোলনাত থকা নৱজাতক অৱস্থাতে মানুহৰ সৈতে কথা ক'ব পাৰিছিল। গতিকে আপুনি আমাৰ বাবে ছুপাৰিছ কৰক। আপুনি আমাৰ অৱস্থা চোৱা নাইনে, আমি কি পৰিস্থিতিত আছোঁ? তেওঁ ক'বঃ নিশ্চয় মোৰ প্ৰতিপালক আজি যি পৰিমাণ ক্ৰোধান্বিত হৈ আছে, এনেকুৱা খং তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। কিন্তু তেওঁ কোনো গুনাহৰ কথা উল্লেখ নকৰিব, আৰু ক'বঃ নফছী, নফছী, নফছী, (মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব)। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। বৰং তোমালোকে মুহাম্মদৰ ওচৰলৈ যোৱা। সিহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'বঃ হে মুহাম্মদ! আপুনি হৈছে আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। মহান আল্লাহে আপোনাৰ আগৰ পিছৰ সকলো গুনাহ ক্ষমা কৰিছে। গতিকে আপুনি আমাৰ বাবে আপোনাৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰক। আপুনি দেখিছেনে, আমাৰ কি অৱস্থা হৈছে? তেতিয়া মই মোৰ প্ৰতিপালকৰ আৰচৰ তলত আহি ছাজদাৱনত হ'ম। তেতিয়া মহান আল্লাহে তেওঁৰ প্ৰশংসা আৰু গুণগান কৰিবলৈ এনেকুৱা উত্তম নিয়ম দেখুৱাই দিব, যিটো ইতিপূৰ্বে কাৰো বাবেই উন্মুক্ত কৰা হোৱা নাছিল। ইয়াৰ পিছত কোৱা হ'বঃ হে মুহাম্মদ! মূৰ উঠোৱা, তুমি যি বিচাৰিবা সেইটোৱে তোমাক দিয়া হ'ব। তুমি ছুপাৰিছ কৰা, তোমাৰ ছুপাৰিছ গ্ৰহণ কৰা হ'ব। ইয়াৰ পিছত মই মোৰ মূৰ দাঙি ক'মঃ হে মোৰ প্ৰতিপালক! মোৰ উম্মত, হে মোৰ প্ৰতিপালক! মোৰ উম্মত, হে মোৰ প্ৰতিপালক! মোৰ উম্মত। ইয়াৰ পিছত কোৱা হ'বঃ হে মুহাম্মদ! তোমাৰ উম্মতৰ মাজৰ যিসকলৰ কোনো হিচাপ-নিকাচ নহ'ব, সিহঁতক জান্নাতৰ সোঁফালৰ দুৱাৰেৰে প্ৰৱেশ কৰোৱাই দিয়া। এই দুৱাৰৰ বাহিৰেও বেলেগ দুৱাৰেৰেও সিহঁত প্ৰৱেশ কৰিব পাৰিব। এই হাদীছ বৰ্ণনা কৰি তেখেতে কৈছেঃ শপত সেই সত্ত্বাৰ, যাৰ হাতত মোৰ প্ৰাণ আছে, জান্নাতৰ প্ৰতিটো দুৱাৰৰ প্ৰশস্ততা হৈছে মক্কা আৰু হিময়াৰৰ মাজৰ দূৰত্বৰ সমান। অথবা মক্কা আৰু বাচৰাৰ মাজৰ দূৰত্বৰ সমান।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যি ব্যক্তিয়ে তাৰ ভাতৃৰ প্ৰতি কোনো অন্যায় কৰিছে, নাইবা তাৰ মান হানি কৰিছে, অথবা বেলেগ কোনো ক্ষতি কৰিছে, সি যেন আজিয়েই তাৰ ওচৰত ক্ষমা বিচাৰে, সেই দিৱসটো অহাৰ আগতে যিদিনা দীনাৰ (স্বৰ্ণমুদ্ৰা) আৰু দিৰহাম (ৰূপমুদ্ৰা) নাথাকিব। সেইদিনা তাৰ আমলনামাত যদি নেক আমল থাকে তেন্তে তাৰ অন্যায়ৰ পৰিমাণ অনুসৰি তাৰ পৰা নেক আমল কাঢ়ি লোৱা হ’ব। আনহাতে যদি তাৰ কোনো সৎকৰ্ম নাথাকে, তেন্তে প্ৰতিপক্ষৰ আমলনামাৰ পৰা গুনাহ লৈ তাৰ ওপৰত চপাই দিয়া হ’ব।"
ছহীহ (বুখাৰী)
"আমি হৈছোঁ সৰ্বশেষ উম্মত, কিন্তু সৰ্বপ্ৰথম আমাৰেই হিচাপ গ্ৰহণ কৰা হ'ব। ঘোষণা হ'বঃ উম্মী নবীৰ উম্মত আৰু সিহঁতৰ নবীজন ক'ত? সেয়ে আমি হৈছোঁ (পৃথিৱীলৈ আগমনৰ ক্ষেত্ৰত) সৰ্বশেষ, তথা (জান্নাতত প্ৰৱেশৰ ক্ষেত্ৰত) সৰ্বপ্ৰথম।"
ছহীহ (ইবনে মাজাহ)