Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 52 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"যিয়ে ছুৰা আল-কাহাফৰ প্ৰথম দহ আয়াত মুখস্থ কৰিব, তেওঁক দাজ্জালৰ (ফিতনাৰ) পৰা ৰক্ষা কৰা হ'ব।" আন এটা বৰ্ণনাত আছে যে, "যিয়ে ছুৰা কাহাফৰ শেষৰ দহ আয়াত মুখস্থ কৰিব।"
ছহীহ (মুছলিম)
"ক্বিয়ামত সেই সময়লৈকে সংঘটিত নহ'ব, যেতিয়ালৈকে কোনো ব্যক্তিয়ে আন এজন ব্যক্তিৰ কবৰৰ ওচৰেৰে যাওঁতে এই কথা কোৱাৰ পৰিৱেশ সৃষ্টি নহ'ব যে, হায়! ইয়াৰ স্থলত যদি মই হ'লোঁহেঁতেন।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"কিয়ামতৰ দিনা সৰ্বশক্তিমান আল্লাহে মুমিন বান্দাক নিজৰ ওচৰত মাতি নিব, আনকি কাষত টানি নি আৱৰণেৰে ঢাকি ল'ব। ইয়াৰ পিছত তাৰ পৰা গুনাহৰ স্বীকাৰোক্তি ল'ব। মহান আল্লাহে সুধিবঃ তুমি তোমাৰ এই গুনাহ সম্পৰ্কে জানানে? সি ক'বঃ হয়, হে মোৰ প্ৰতিপালক মই জানো। তেতিয়া আল্লাহে ক'বঃ চোৱা, মই পৃথিৱীত তোমাৰ এই গুনাহ গোপন ৰাখিছিলোঁ, আৰু আজি ক্ষমা কৰি দিলোঁ। ইয়াৰ পিছত তাক নেকীৰ আমলনামা প্ৰদান কৰা হ'ব। পক্ষান্তৰে কাফিৰ আৰু মুনাফিকসকলৰ অৱস্থা হ'ব এনেকুৱা যে, সিহঁতক গোটেই লোকসকলৰ সন্মুখত উচ্চস্বৰে মাতি কোৱা হ'ব যে, চোৱা, ইহঁতেই হৈছে সেইসকল লোক যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰিছিল।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আল্লাহে মুমিন বান্দাসকলৰ প্ৰতি এটা ছোৱাবকলৈও অন্যায় নকৰিব। বৰং তেওঁ ইয়াৰ বিনিময় পৃথিৱীতো দান কৰিব আৰু আখিৰাততো প্ৰদান কৰিব। আনহাতে কাফিৰ ব্যক্তিয়ে পাৰ্থিৱ জীৱনত যি সৎকৰ্ম কৰে তাৰ প্ৰতিদান স্বৰূপে আল্লাহে তাক জীৱিকা প্ৰদান কৰে। ফলত আখিৰাতত তাক প্ৰতিদান দিব পৰা তাৰ ওচৰত কোনো সৎকৰ্মই অৱশিষ্ট নাথাকে।
ছহীহ (মুছলিম)
“ঋণ পৰিশোধ কৰিবলৈ অক্ষম ব্যক্তিক (তাৰ সচ্ছলতা ঘূৰি নহালৈকে) যিয়ে অৱকাশ দিব অথবা তাক ক্ষমা কৰি দিব, আল্লাহে সেই ব্যক্তিক কিয়ামতৰ দিনা আৰশ্বৰ ছাঁৰ তলত স্থান দিব, যিদিনা সেই ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব।”
ছহীহ (তিৰমিজী, আহমদ)
'কিয়ামতৰ দিনা মুআজ্জিনসকলৰ ডিঙি সকলো লোকতকৈ দীঘল হ'ব।"
ছহীহ (মুছলিম)
“সাৱধান! অনতিপলমে এনেকুৱা সময় আহিব যে, এজন ব্যাক্তিয়ে নিজৰ আসনত আউজি বহি থকা অৱস্থাত তাৰ ওচৰলৈ যেতিয়া কোনো হাদীছ গৈ পাব, তেতিয়া সি ক'ব: আমাৰ আৰু তোমালোকৰ মাজত আল্লাহৰ কিতাব আছে। গতিকে আমি তাত যি হালাল বুলি পাম সেইখিনিকে হালাল বুলি গণ্য কৰিম আৰু তাত যি হাৰাম বুলি পাম সেইখিনিকে হাৰাম বুলি গণ্য কৰিম। (সেই ব্যক্তিয়ে জানি থোৱা উচিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:) নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যি হাৰাম কৰিছে সেইখিনিও আল্লাহে হাৰাম কৰাৰ দৰেই।”
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ)
তোমালোকৰ জুই জাহান্নামৰ জুইৰ তুলনাত সত্তৰ ভাগৰ এভাগহে মাত্ৰ। কোৱা হ'লঃ হে আল্লাহৰ ৰাছুল! শাস্তি বিহিবলৈ দেখোন পৃথিৱীৰ এই জুয়েই যথেষ্ট আছিল। তেখেতে ক'লেঃ পৃথিৱীৰ জুইতকৈ জাহান্নামৰ জুইৰ তাপমাত্ৰা ৬৯ গুণ বৃদ্ধি কৰা হৈছে, প্ৰতিটো অংশতে ইয়াৰ সমপৰিমাণ উত্তাপ আছে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})