Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 37 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

নিশ্চয় মই হাউজৰ ওচৰত থাকিম, তোমালোকৰ মাজৰ যিসকলে মোৰ ওচৰলৈ আহিব মই তেওঁলোকক দেখা পাম। কিছুমান লোকক মোৰ সন্মুখৰ পৰাই গ্ৰেপ্তাৰ কৰি লৈ যোৱা হ'ব। তেতিয়া মই কম, হে মোৰ প্ৰতিপালক! এওঁলোক মোৰ মানুহ, মোৰ উম্মতৰ মানুহ। তেতিয়া কোৱা হ'বঃ আপুনি জানেনে আপোনাৰ পিছত সিহঁতে কি কি কৰিছে? আল্লাহৰ শপত! ইহঁত দ্বীনৰ পৰা সদায় পশ্চাদমুখী হৈছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
হে বিলাল! তুমি মোক কোৱাচোন, ইছলাম গ্ৰহণৰ পিছত তুমি সৰ্বাধিক সন্তুষ্টিমূলক কোনটো আমল কৰিছা? কাৰণ মই জান্নাতত মোৰ সন্মুখত তোমাৰ ভৰিৰ খোজৰ শব্দ শুনিছোঁ। তেওঁ ক'লেঃ মই ইয়াতকৈ সন্তুষ্টিমূলক বেলেগ আন কোনো কাম কৰা নাই, সেইটো হৈছে এই যে, মই দিনে ৰাতি যেতিয়াই পৱিত্ৰতা অৰ্জন (অজু) কৰিছোঁ, তেতিয়াই সেইটোৰ দ্বাৰা তাক্বদীৰত লিখিত অনুসৰি মহান আল্লাহৰ তাওফীক অনুযায়ী নামাজ আদায় কৰিছোঁ।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে আমাক হাদীছ বৰ্ণনা কৰিছে যে, এজন ব্যক্তিয়ে ক'লেঃ হে আল্লাহৰ নবী! ক্বিয়ামতৰ দিনা কেনেকৈ কাফিৰসকলক মুখৰ ওপৰত ভৰ কৰোৱাই একত্ৰিত কৰা হ'ব? তেখেতে ক'লেঃ যিয়ে পৃথিৱীত তাক দুই ভৰিৰে খোঁজকঢ়াব পাৰিছে, তেওঁ তাক ক্বিয়ামতৰ দিনা মুখৰ ওপৰত ভৰ কৰোৱাই খোঁজকঢ়াব নোৱাৰিবনে? (এই হাদীছ বৰ্ণনাৰ পিছত) ক্বাতাদাই কৈছেঃ নিশ্চয় পাৰিব, আমাৰ প্ৰতিপালকৰ সন্মানৰ শপত।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম দুখন কবৰৰ ওচৰেৰে গৈ আছিল, তেনেতে তেখেতে ক'লেঃ "এই দুয়োখন কবৰৰ অধিবাসীৰ শাস্তি হৈ আছে। সেইটোও কোনো ডাঙৰ গুনাহৰ কাৰণে নহয়। এজনে প্ৰস্ৰাৱৰ ছিটাৰ পৰা নিজকে পৱিত্ৰ ৰখা নাছিল আৰু আনজনে খলুৱাগিৰি (চুগলখুৰী) কৰি ফুৰিছিল।" ইয়াৰ পিছত তেখেতে এডাল সতেজ (খেজুৰৰ) ডাল হাতত লৈ সেইটোক দুভাগ কৰিলে আৰু দুয়ো কবৰত এডালকৈ এডালকৈ পুতি দিলে। (উপস্থিত চাহাবাসকলে) সুধিলেঃ হে আল্লাহৰ ৰাছুল! আপুনি এইটো কিয় কৰিলে? তেখেতে ক'লেঃ "সম্ভৱতঃ এই ঠাৰিডাল শুকাই নোযোৱালৈকে সিহঁতৰ শাস্তি লাঘৱ কৰা হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই ক'লোঁ- হে আল্লাহৰ ৰাছুল! হাউজত পানী খোৱা পাত্ৰৰ সংখ্যা কিমান হ'ব? তেখেতে ক'লেঃ শপত সেই সত্ত্বাৰ, যাৰ হাতত মুহাম্মদৰ প্ৰাণ আছে, অন্ধকাৰ ৰাতিত আকাশত দেখা পোৱা তৰা আৰু নক্ষত্ৰৰাজিতকৈও অধিক। দৰাচলতে সেইবোৰ হৈছে জান্নাতৰেই পাত্ৰ, যিয়ে তাৰ পৰা এবাৰ পানী খাব, শেষলৈকে তৃষ্ণাতুৰ নহ'ব। সেই হাউজত জান্নাতৰ পৰা বৈ অহা দুখন নিজৰাৰ পানী মিশ্ৰিত থাকিব। যিয়ে সেই হাউজৰ পৰা পানী খাব, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব। সেই হাউজৰ দৈৰ্ঘ্য আৰু প্ৰশস্ত একে সমান। সেই হাউজৰ দৈৰ্ঘ্য হ'ব আম্মানৰ পৰা আইলাৰ মাজৰ ব্যৱধানৰ সমান। ইয়াৰ পানী গাখীৰতকৈও বগা আৰু মৌতকৈও মিঠা হ'ব।
ছহীহ (মুছলিম)
"কিয়ামতৰ দিনা সৰ্বপ্ৰথম মানুহৰ মাজত সিহঁতৰ ৰক্তপাত সম্পৰ্কে বিচাৰ ফয়চালা কৰা হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যিয়ে ছুৰা আল-কাহাফৰ প্ৰথম দহ আয়াত মুখস্থ কৰিব, তেওঁক দাজ্জালৰ (ফিতনাৰ) পৰা ৰক্ষা কৰা হ'ব।" আন এটা বৰ্ণনাত আছে যে, "যিয়ে ছুৰা কাহাফৰ শেষৰ দহ আয়াত মুখস্থ কৰিব।"
ছহীহ (মুছলিম)
"ক্বিয়ামত সেই সময়লৈকে সংঘটিত নহ'ব, যেতিয়ালৈকে কোনো ব্যক্তিয়ে আন এজন ব্যক্তিৰ কবৰৰ ওচৰেৰে যাওঁতে এই কথা কোৱাৰ পৰিৱেশ সৃষ্টি নহ'ব যে, হায়! ইয়াৰ স্থলত যদি মই হ'লোঁহেঁতেন।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})