Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 37 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

“নিশ্চয় মহান আল্লাহে আত্মমৰ্যাদাবোধ প্ৰকাশ কৰে, আৰু মুমিনেও আত্মমৰ্যাদাবোধ প্ৰকাশ কৰে। আল্লাহৰ আত্মমৰ্যাদাত তেতিয়া আঘাত হয়, যেতিয়া কোনো মুমিন ব্যক্তিয়ে হাৰাম কামত লিপ্ত হয়।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
চয়তান তোমালোকৰ ওচৰলৈ আহি কুমন্ত্ৰণা দি কয় যে, এইটো কোনে সৃষ্টি কৰিছে? সেইটো কোনে সৃষ্টি কৰিছে? অৱশেষত কয় যে, তোমাৰ প্ৰতিপালকক কোনে সৃষ্টি কৰিছে? যদি এনেকুৱা কোনো কথা কাৰো মনত উদ্ভৱ হয় তেন্তে সি আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, আৰু এনেকুৱা চিন্তাৰ পৰা বিৰত থকা উচিত।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
তোমালোকে মোৰ প্ৰশংসাত সীমালংঘন নকৰিবা, যিদৰে খৃষ্টানসকলে ঈছা ইবনে মৰিয়ম সম্পৰ্কে সীমালংঘন কৰিছিল। মই হৈছোঁ আল্লাহৰ বান্দা। গতিকে তোমালোকে মোক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলিহে কোৱা।
ছহীহ (বুখাৰী)
আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে আমাক হাদীছ বৰ্ণনা কৰিছে যে, এজন ব্যক্তিয়ে ক'লেঃ হে আল্লাহৰ নবী! ক্বিয়ামতৰ দিনা কেনেকৈ কাফিৰসকলক মুখৰ ওপৰত ভৰ কৰোৱাই একত্ৰিত কৰা হ'ব? তেখেতে ক'লেঃ যিয়ে পৃথিৱীত তাক দুই ভৰিৰে খোঁজকঢ়াব পাৰিছে, তেওঁ তাক ক্বিয়ামতৰ দিনা মুখৰ ওপৰত ভৰ কৰোৱাই খোঁজকঢ়াব নোৱাৰিবনে? (এই হাদীছ বৰ্ণনাৰ পিছত) ক্বাতাদাই কৈছেঃ নিশ্চয় পাৰিব, আমাৰ প্ৰতিপালকৰ সন্মানৰ শপত।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে কৈছেঃ যিয়ে মোৰ অলীৰ সৈতে শত্ৰুতা পোষণ কৰিব, মই তাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছোঁ। মোৰ বান্দাই মোৰ নৈকট্য লাভ কৰিবলৈ যি যি কৰে, তাৰ ভিতৰত আটাইতকৈ মোৰ প্ৰিয় কামবোৰ হৈছে সেইবোৰ, যিবোৰ মই তাৰ ওপৰত ফৰজ কৰিছোঁ। মোৰ বান্দাই নফল আমলৰ দ্বাৰা মোৰ নৈকট্য লাভ কৰাৰ প্ৰয়াস কৰিয়ে থাকে, অৱশেষত মই তাক মুহাব্বত কৰোঁ। যেতিয়া মই তাক মুহাব্বত কৰিবলৈ লওঁ, তেতিয়া মই তাৰ কাণ হৈ যাওঁ, যাৰ দ্বাৰা সি শুনে। চকু হৈ যাওঁ, যাৰ দ্বাৰা সি দেখা পায়। হাত হৈ যাওঁ, যাৰ দ্বাৰা সি ধৰে। ভৰি হৈ যাওঁ, যাৰ দ্বাৰা সি খোজকাঢ়ে। যেতিয়া সি মোৰ ওচৰত কিবা বিচাৰে, মই তাক নিশ্চয় প্ৰদান কৰোঁ। এইদৰে কোনো বস্তুৰ পৰা মোৰ ওচৰত আশ্ৰয় বিচাৰে, অৱশ্যই মই তাক আশ্ৰয় প্ৰদান কৰোঁ। মই বেলেগ কোনো কামতে কেতিয়াও দ্বিধাবোধ নকৰোঁ কিন্তু মুমিনৰ প্ৰাণ হৰণত কৰাত মই দ্বিধাবোধ কৰোঁ। সি মৃত্যুক অপছন্দ কৰে আৰু মই তাক কষ্ট দিবলৈ অপছন্দ কৰোঁ।"
ছহীহ (বুখাৰী)
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলোঁ, আল্লাহৰ দৃষ্টিত কোনটো গুনাহ আটাইতকৈ ডাঙৰ? তেখেতে ক’লেঃ “আল্লাহৰ সৈতে অংশীদাৰ স্থাপন কৰা; অথচ তেৱেঁই তোমাক সৃষ্টি কৰিছে।” মই ক’লোঁ- নিঃসন্দেহে এইটো এটা মাৰাত্মক গুনাহ। মই আকৌ ক'লোঁ, তাৰ পিছত কোনটো? তেখেতে ক’লেঃ “ভৰণ-পোষণৰ ভয়ত নিজৰ সন্তানক হত্যা কৰা।” মই আকৌ সুধিলোঁ ইয়াৰ পিছত কোনটো? তেখেতে ক’লে, “প্রতিৱেশীৰ স্ত্রীৰ সৈতে ব্যভিচাৰ কৰা।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
(ৰহমতৰ) ফিৰিস্তা সেই ঘৰত প্ৰৱেশ নকৰে, যি ঘৰত কুকুৰ আৰু (জীৱ-জন্তুৰ) ছবি আছে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})