Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 31 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
মই কেইজনীমান আনচাৰী মহিলাৰ সৈতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ বাইআতৰ উদ্দেশ্যে আহিলোঁ। আমি আহি ক'লোঁঃ হে আল্লাহৰ ৰাছুল! আমি আপোনাৰ ওচৰত বাইআত কৰোঁ যে, আমি কেতিয়াও আল্লাহৰ সৈতে শ্বিৰ্ক নকৰোঁ, চুৰি নকৰোঁ, ব্যভিচাৰ নকৰোঁ, আমি কেতিয়াও কাৰো বিৰুদ্ধে অপবাদ ৰটনা নকৰোঁ, কোনো সৎকৰ্মতে কেতিয়াও আপোনাৰ বিৰুদ্ধাচৰণ নকৰোঁ। তেতিয়া তেখেতে ক'লেঃ "এইবোৰ তোমালোকে নিজৰ শক্তি সামৰ্থ তথা সাধ্যানুযায়ী কৰিবা।" তেওঁ কৈছেঃ আমি ক'লোঁ, আল্লাহ আৰু তেওঁৰ ৰাছুল আমাৰ ওপৰত অত্যন্ত দয়ালু। এতেকে হে আল্লাহৰ ৰাছুল! আপোনাৰ হাত আগবঢ়াই দিয়ক, আমি আপোনাৰ সৈতে হাত মিলাই লওঁ। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "মই নাৰীসকলৰ সৈতে মুচাফাহা নকৰোঁ, মোৰ কথা এশ জনী নাৰীৰ বাবে যেনেকুৱা, এজনীৰ বাবেও তেনেকুৱাই। অথবা এজনী নাৰীক কোৱা কথাৰ দৰেই।"
ছহীহ তিৰমিজী, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
মোজাৰ ওপৰত মছেহ কৰা সম্পৰ্কে সুধিবলৈ মই ছাফৱান ইবনু আচ্ছাল আল-মুৰাদীৰ ওচৰলৈ আহিলোঁ। তেওঁ মোক ক’লেঃ “হে ঝিৰ! কি উদ্দেশ্যে আহিছা?” মই ক’লোঁঃ “ইল্মৰ সন্ধানত আহিছোঁ!” তেতিয়া তেওঁ ক’লেঃ নিশ্চয় ফিৰিস্তাসকলে ইল্মৰ অনুসন্ধানত আনন্দিত হৈ ইল্মৰ অন্বেষণকাৰীৰ বাবে নিজৰ পাখি মেলি দিয়ে। মই ক’লোঁঃ মল-মূত্ৰ ত্যাগ কৰাৰ পিছত মোজাৰ ওপৰত মছেহ সম্পৰ্কীয় এটা বিষয়ত মোৰ মনত সন্দেহৰ সৃষ্টি হৈছে। যিহেতু আপুনি হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ এজন চাহাবী, সেয়ে মই আপোনাক সুধিবলৈ আহিছোঁ। এই বিষয়ে আপুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কিবা শুনিছেনে? তেওঁ ক’লেঃ “হয়, শুনিছোঁ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক আদেশ দিছিল যে, আমি যেতিয়া ভ্ৰমণত থাকোঁ, সেই সময়ছোৱাত যদি জানাবত (গোছল ফৰজ হোৱা) অৱস্থা নহয়, তেন্তে তিনিদিন আৰু তিনি ৰাতিলৈকে আমি যেন আমাৰ মোজা নোখোলাকৈ মছেহ কৰোঁ। মল-মূত্ৰ আৰু টোপনিৰ কাৰণে মোজা খোলাৰ প্ৰয়োজন নাই, কেৱল মোজাৰ ওপৰত মছেহ কৰিলেই যথেষ্ট।” মই ক’লোঁঃ আপুনি তেখেতক মুহাব্বত সম্পৰ্কে কিবা কোৱা শুনিছেনে? তেওঁ ক’লেঃ হয়, শুনিছোঁ। আমি এটা ছফৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে আছিলোঁ। এদিন আমি তেখেতৰ ওচৰতে আছিলোঁ, সেই সময়ত এজন বেদুঈনে উচ্চস্বৰে মাতি ক’লে, ‘হে মুহাম্মদ!’ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক তাৰ দৰেই উচ্চ স্বৰে ক'লে, ‘হয় আহা’। আমি সেই বেদুঈনজনক ক’লোঁ, ‘হেৰা তুমি কোনো শিষ্টাচাৰ শিকা নাই নেকি! তোমাৰ কণ্ঠস্বৰ নিম্নগামী কৰা; কাৰণ তুমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত আছা। কিয়নো (কোৰআনত) নবীৰ সন্মুখত উচ্চ স্বৰে কথা ক'বলৈ নিষেধ কৰা হৈছে।’ মানুহজনে ক’লেঃ ‘আল্লাহৰ শপত, মই নিম্ন স্বৰে কথা ক’ব নোৱাৰোঁ।’ মানুহজনে সুধিলেঃ (সেই ব্যক্তিৰ বিষয়ে আপোনাৰ অভিমত কি) যিয়ে এটা সম্প্ৰদায়ক ভাল পায়, কিন্তু তেওঁলোকৰ সৈতে সেই ব্যক্তি মিলিত হ'ব পৰা নাই।’ তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লেঃ “যিয়ে যাক ভাল পায়, কিয়ামতৰ দিনা তেওঁ তাৰ সৈতেই উপস্থিত হ'ব।” ইয়াৰ পিছত তেখেতে আমাৰ সৈতে আলোচনা কৰি আছিল। অৱশেষত তেখেতে পশ্চিম দিশত থকা এটা দুৱাৰৰ কথা উল্লেখ কৰিলে, যিটো দুৱাৰ ইমান দীঘল যে, এটা অশ্বাৰোহীয়ে তাৰ এটা প্ৰান্তৰ পৰা আন প্ৰান্তলৈ যাবলৈ চল্লিশ বা সত্তৰ বছৰ সময় লাগিব।
ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)
এজন ব্যক্তিয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে যে, হে আল্লাহৰ ৰাছুল! আমি সাগৰীয় ভ্ৰমণত থাকোঁ, তেতিয়া আমাৰ সৈতে খুবেই কম পৰিমাণ পানী থাকে। যদি আমি সেই পানীৰে অজু কৰোঁ তেন্তে পিয়াহত থাকিবলগীয়া হয়, এনে ক্ষেত্ৰত আমি সাগৰৰ পানীৰে অজু কৰিব পাৰিমনে? তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "সাগৰৰ পানী পৱিত্ৰ আৰু ইয়াৰ মৃত প্ৰাণী হালাল।"
ছহীহ আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।
"যিয়ে জোহৰৰ পূৰ্বে চাৰি ৰাকাত আৰু ইয়াৰ পিছত চাৰি ৰাকাত নামাজ নিয়মিতভাৱে আদায় কৰিব, তাৰ বাবে আল্লাহে জাহান্নাম হাৰাম কৰি দিব।"
ছহীহ আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।
"তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰিব, তেওঁ যেন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পাঠ কৰে। তাৰ পিছত এই দুআ পাঠ কৰেঃ আল্লা-হুম্মাফ তাহলী, আবৱাবা ৰাহমাতিক। (হে আল্লাহ! মোৰ বাবে তোমাৰ অনুগ্ৰহৰ দুৱাৰসমূহ খুলি দিয়া।) এইদৰে ওলোৱাৰ সময়তো যেন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰে। তাৰ পিছত যাতে এই দুআ পাঠ কৰেঃ আল্লাহুম্মা' চিমনি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। (হে আল্লাহ! তুমি মোক বিতাৰিত চয়তানৰ পৰা ৰক্ষা কৰা।)" হাকিমত আছে যে, "ওলোৱাৰ সময়ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰি এই দুআ পঢ়িব লাগেঃ আল্লাহুম্মা আজিৰনি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। (হে আল্লাহ! তুমি মোক বিতাৰিত চয়তানৰ পৰা মুক্তি দিয়া।)"
হাছান ইবনে মাজাহ আৰু হাকিমে বৰ্ণনা কৰিছে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআ পাঠ কৰিছিল, আল্লাহুম্মাগ ফিৰলি, অৰহামনী, ওৱা আফিনী, অহদিনী, অৰঝুকনী। (হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, মোৰ প্রতি দয়া কৰা, মোক (বেমাৰ-আজাৰৰ পৰা) ৰক্ষা কৰা, মোক হিদায়ত দিয়া আৰু মোক জীৱিকা প্ৰদান কৰা।
অন্যান্য হাদীছৰ সমৰ্থনত হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
"আল্লাহৰ বান্দীহঁতক (স্ত্ৰীহঁতক) প্ৰহাৰ নকৰিবা।" ইয়াৰ পিছত ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)এ ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গৈ ক’লে, স্ত্ৰীসকলে স্বামীৰ অবাধ্য হৈ পৰিছে। তেতিয়া তেখেতে স্ত্ৰীক মৃদু প্ৰহাৰ কৰাৰ অনুমতি প্ৰদান কৰিলে। তাৰ পিছত বহুতো মহিলাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰিয়ালৰ ওচৰলৈ নিজৰ স্বামীৰ বিৰুদ্ধে অভিযোগ লৈ আহিবলৈ ধৰিলে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, "মুহাম্মাদৰ পৰিয়ালৰ ওচৰলৈ বহুতো মহিলাই নিজৰ স্বামীৰ বিৰুদ্ধে অভিযোগ লৈ আহিছে। এতেকে তোমালোকৰ মাজৰ যিসকলে নিজৰ স্ত্ৰীক প্ৰহাৰ কৰে, সিহঁত তোমালোকৰ মাজত উত্তম নহয়।"
ছহীহ আবু দাউদ আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।