Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 38 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এদিনাখন আমাক ফজৰৰ নামাজ পঢ়োৱাৰ পিছত সুধিলেঃ "অমুক ব্যক্তিজন উপস্থিত আছেনে?" তেওঁলোকে ক'লেঃ নাই। তেখেতে আকৌ ক'লেঃ "অমুক ব্যক্তিজন উপস্থিত আছেনে?" তেওঁলোকে ক'লেঃ নাই। ইয়াৰ পিছত তেখেতে ক'লেঃ "এই দুটা নামাজ মুনাফিকসকলৰ বাবে খুবেই কঠিন। যদি সিহঁতে জানিলেহেঁতেন যে ইয়াত কিমান ছোৱাব আছে তেন্তে সিহঁত নিশ্চয় আহিলহেঁতেন, আনকি আঁঠু আৰু হাতৰ ওপৰত ভৰ কৰি চোঁচৰি আহিব লগা হ'লেও আহিলহেঁতেন। শুনা! প্ৰথম শাৰী হৈছে ফিৰিস্তাসকলৰ শাৰীৰ দৰে। যদি তোমালোকে ইয়াৰ ফজিলত সম্পৰ্কে গম পালাহেঁতেন তেন্তে নিশ্চয় ইয়াৰ বাবে খৰখেদা কৰিলাহেঁতেন। এজন পুৰুষ আন এজন পুৰুষৰ সৈতে আদায় কৰা নামাজ অকলশৰীয়া নামাজতকৈ উত্তম। এজন পুৰুষৰ লগত পঢ়া নামাজতকৈ দুজনৰ সৈতে পঢ়া নামাজ উত্তম। নামাজত মানুহ যিমান বেছি হ'ব, আল্লাহৰ ওচৰত সেই নামাজ সিমানেই প্ৰিয় হ'ব।"
ছহীহ আবু দাঊদ, নাছায়ী আৰু আহমদে বৰ্ণনা কৰিছে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া শৌচালয়ৰ পৰা ওলাইছিল তেতিয়া কৈছিলঃ "গুফৰানাকা"। (হে আল্লাহ! মই তোমাৰ ওচৰত ক্ষমা বিচাৰোঁ)।
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
"পৱিত্ৰতা অৰ্জনৰ পিছত (লজ্জাস্থানৰ পৰা ওলোৱা) মাটিয়া বৰণৰ আৰু হালধীয়া বৰণৰ পানীক আমি একো (হায়েজ হিচাপে) গণ্য কৰা নাছিলোঁ।"
ছহীহ এইবোৰ শব্দৰ সৈতে আবু দাঊদে বৰ্ণনা কৰিছে, কিন্তু বুখাৰীৰ বৰ্ণনাত (بعد الطهر) শব্দটো নাই।
"আল্লাহৰ ওচৰত অন্যান্য দিনৰ তুলনাত এই দহ দিনৰ নেক আমল অধিক প্ৰিয়।" অৰ্থাৎ জুলহিজ্জা মাহৰ প্ৰথম দহ দিনৰ নেক আমল। চাহাবাসকলে সুধিলেঃ হে আল্লাহৰ ৰাছুল! আল্লাহৰ পথত যুদ্ধ কৰাও ইয়াতকৈ উত্তম নহয় নেকি? তেখেতে ক'লেঃ "আল্লাহৰ পথত যুদ্ধ কৰাও ইয়াতকৈ উত্তম নহয়। কিন্তু যদি কোনোবাই সশৰীৰে নিজৰ ধন-সম্পদ লৈ যুদ্ধ ক্ষেত্ৰলৈ ওলায় যায় আৰু একোৱেই যদি উভতি নাহে তেন্তে তাৰ বিষয়টো সুকীয়া।"
ছহীহ বুখাৰী, আবু দাঊদ, হাদীছৰ শব্দবোৰ আবু দাঊদৰ পৰা সংগৃহীত।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক জামাআতৰ শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হৈ নামাজ পঢ়া দেখি, তাক পুনৰ নামাজ পঢ়িবলৈ নিৰ্দেশ দিলে।
হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
অভিভাৱক অবিহনে বিবাহ নহয়।
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
"যি বস্তুৰ বেছি খালে নিচা হয়, সেইটোৰ কম পৰিমাণো হাৰাম।"
হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
"হে বিলাল! নামাজৰ ইক্বামত দিয়া, আৰু ইয়াৰ দ্বাৰা আমাক আৰাম প্ৰদান কৰা।"
ছহীহ (আবু দাঊদ)