Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 28 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
মন্ত্র, তাৱিজ-কবজ, মন্ত্র পঢ়ি গাঁঠি লগোৱা সূতা আদি সকলো হৈছে শ্বিৰ্কৰ অন্তর্ভুক্ত।
ছহীহ (আবু দাঊদ,ইবনে মাজাহ, আহমদ)
"মই তোমালোকক ৰোজা, নামাজ আৰু দান-খয়ৰাততকৈও অধিক উত্তম আমলৰ বিষয়ে অৱগত নকৰিমনে?" তেওঁলোকে ক'লেঃ হয় নিশ্চয় জনাওক। তেখেতে ক'লেঃ "পৰস্পৰৰ মাজত মীমাংসা কৰা, কাৰণ পৰস্পৰৰ মাজত কাজিয়া লগোৱাটো হৈছে ধ্বংসৰ কাৰণ।"
ছহীহ (আবু দাঊদ, তিৰমিজী)
মোক দুজন ব্যক্তিয়ে জনাইছে যে, তেওঁলোকে বিদায়ী হজ্জৰ দিনা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত গৈ উপস্থিত হয়, সেই সময়ত তেখেতে চাদাক্বাহ বিতৰণ কৰি আছিল। তেওঁলোকে তেখেতৰ পৰা সেই বিতৰণকৃত চাদাক্বাৰ পৰা কিছু ধন বিচাৰিলে। (তেওঁলোকে কৈছে) তেখেতে আমাৰ ফালে দৃষ্টিপাত কৰি আকৌ তলমূৰ কৰিলে। তেখেতে দেখিলে যে, আমি দুয়ো স্বাস্থ্যৱান। সেয়ে তেখেতে ক'লেঃ "যদি তোমালোকে বিচৰা তেন্তে মই তোমালোকক দিব পাৰোঁ, কিন্তু এই সম্পদত ধনী আৰু কৰ্মক্ষম ব্যক্তিৰ কোনো অংশ নাই।"
ছহীহ আবু দাঊদ, নাছায়ীয়ে বৰ্ণনা কৰিছে।
"তোমালোকে আগতে প্ৰথম শাৰী পূৰ কৰিবা, তাৰ পিছত পৰৱৰ্তী শাৰী পূৰ কৰিবা। যদি কোনো শাৰী অসম্পূৰ্ণ থাকে তেন্তে সেইটো যাতে শেষৰ শাৰী হয়।"
ছহীহ আবু দাঊদ, নাছায়ীয়ে বৰ্ণনা কৰিছে।
মই ইছলাম গ্ৰহণ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিলোঁ, তেতিয়া তেখেতে মোক বগৰী পাত মিশ্ৰিত পানীৰে গোছল কৰি আহিবলৈ নিৰ্দেশ দিলে।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী)
"যদি পানীৰ পৰিমাণ দুই কুল্লাহ হয় তেন্তে সেই পানী নাপাক নহয়।"
ছহীহ আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এদিনাখন আমাক ফজৰৰ নামাজ পঢ়োৱাৰ পিছত সুধিলেঃ "অমুক ব্যক্তিজন উপস্থিত আছেনে?" তেওঁলোকে ক'লেঃ নাই। তেখেতে আকৌ ক'লেঃ "অমুক ব্যক্তিজন উপস্থিত আছেনে?" তেওঁলোকে ক'লেঃ নাই। ইয়াৰ পিছত তেখেতে ক'লেঃ "এই দুটা নামাজ মুনাফিকসকলৰ বাবে খুবেই কঠিন। যদি সিহঁতে জানিলেহেঁতেন যে ইয়াত কিমান ছোৱাব আছে তেন্তে সিহঁত নিশ্চয় আহিলহেঁতেন, আনকি আঁঠু আৰু হাতৰ ওপৰত ভৰ কৰি চোঁচৰি আহিব লগা হ'লেও আহিলহেঁতেন। শুনা! প্ৰথম শাৰী হৈছে ফিৰিস্তাসকলৰ শাৰীৰ দৰে। যদি তোমালোকে ইয়াৰ ফজিলত সম্পৰ্কে গম পালাহেঁতেন তেন্তে নিশ্চয় ইয়াৰ বাবে খৰখেদা কৰিলাহেঁতেন। এজন পুৰুষ আন এজন পুৰুষৰ সৈতে আদায় কৰা নামাজ অকলশৰীয়া নামাজতকৈ উত্তম। এজন পুৰুষৰ লগত পঢ়া নামাজতকৈ দুজনৰ সৈতে পঢ়া নামাজ উত্তম। নামাজত মানুহ যিমান বেছি হ'ব, আল্লাহৰ ওচৰত সেই নামাজ সিমানেই প্ৰিয় হ'ব।"
ছহীহ আবু দাঊদ, নাছায়ী আৰু আহমদে বৰ্ণনা কৰিছে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া শৌচালয়ৰ পৰা ওলাইছিল তেতিয়া কৈছিলঃ "গুফৰানাকা"। (হে আল্লাহ! মই তোমাৰ ওচৰত ক্ষমা বিচাৰোঁ)।
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)