Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 110 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (48)
যি ব্যক্তিয়ে ছুৰা বাক্বাৰাৰ শেষৰ আয়াত দুটা ৰাতিত তিলাৱত কৰিব, সেই ব্যক্তিৰ (নিৰাপত্তাৰ) বাবে এই দুটা আয়াতেই যথেষ্ট হ’ব।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মোৰ সন্মুখত জান্নাত আৰু জাহান্নামক উপস্থাপন কৰা হৈছিল। আজিৰ দৰে ভাল আৰু বেয়া কোনো দিনেই মই দেখা নাছিলোঁ। মই যি গম পাইছোঁ, সেয়া যদি তোমালোকে গম পালাহেঁতেন তেন্তে তোমালোকে খুবেই কম হাঁহিলাহেঁতেন আৰু বেছিভাগ সময়তে কান্দিলাহেঁতেন।" বৰ্ণনাকাৰীয়ে কৈছেঃ চাহাবীসকলৰ ওপৰত সেই দিনটোতকৈ কঠিন দিন আৰু অহা নাছিল। বৰ্ণনাকাৰীয়ে কৈছেঃ (কথাষাৰ শুনি) তেওঁলোকে নিজৰ মূৰ ঢাকি লৈছিল আৰু হুক হুকাই কান্দি আছিল। ইয়াৰ পিছত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে থিয় হৈ ক'লেঃ আমি আল্লাহক ৰব্ব হিচাপে, ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী হিচাপে পাই সন্তুষ্ট হৈছোঁ। বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত এজন ব্যক্তিয়ে থিয় হৈ তেখেতক প্ৰশ্ন কৰিলেঃ মোৰ পিতা কোন? তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তোমাৰ পিতা হৈছে অমুক ব্যক্তি।" ইয়াৰ পিছত এই আয়াত অৱতীৰ্ণ হ'লঃ "হে মুমিনসকল! তোমালোকে এনে কোনো বিষয় সম্পৰ্কে প্ৰশ্ন নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’লে তোমালোকে কষ্ট পাবা।" (ছুৰা আল-মায়িদাহঃ ১০১)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ অহাৰ পিছত মৃত্যু পৰ্যন্ত তেখেতৰ পৰিয়ালৰ লোকসকলে একেলেঠাৰীয়ে তিনি ৰাতিলৈকে ঘেঁহুৰ ৰুটিৰে পেট ভৰাই খোৱা নাছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মোৰ উম্মতৰ প্ৰতিজন ব্যক্তিয়ে ক্ষমা পাব, কেৱল গুনাহ প্ৰকাশকাৰী ব্যক্তিসকলৰ বাহিৰে। গুনাহ প্ৰকাশ কৰা অৰ্থাৎ কোনো ব্যক্তিয়ে ৰাতিত কোনো এটা গুনাহৰ কাম কৰে, যিটোক আল্লাহে গোপন কৰি ৰাখে, কিন্তু সি ৰাতিপুৱা মানুহৰ মাজত গাই ফুৰে যে, হে অমুক! মই যোৱা ৰাতি এই এই কাম কৰিছোঁ। অথচ সি ৰাতিত যিটো পাপ কৰ্ম কৰিছে, সেইটোক আল্লাহে গোপন কৰি ৰাখিছিল। কিন্তু সি ৰাতিপুৱা উঠি আল্লাহে আঁৰি থোৱা পৰ্দাক উন্মুক্ত কৰি দিয়ে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"সৰ্বশক্তিমান আল্লাহে ৰাতিত হাত প্ৰসাৰিত কৰে, যাতে দিনত গুনাহ কৰা ব্যক্তিসকলে ৰাতিত তাওবা কৰে। এইদৰে তেওঁ দিনত হাত প্ৰসাৰিত কৰে, যাতে ৰাতিত গুনাহ কৰা ব্যক্তিসকলে দিনত তাওবা কৰে। এই ধাৰাবাহিকতা তেতিয়ালৈকে চলিব, যেতিয়ালৈকে সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নহ'ব।"
ছহীহ (মুছলিম)
"ৰাব্বিগ ফিৰলী খাত্বী-আতী অজাহলী, ওৱা ইছৰাফী ফি আমৰি কুল্লিহ, অমা আনতা আ'লামু বিহি মিন্নী। আল্লাহুম্মাগ ফিৰলী খাত্বায়ায়া, ওৱা আমদী, অজাহলী, অহাঝলী, অকুল্লু জালিকা ইনদী। আল্লাহুম্মাগ ফিৰলী মা ক্বাদ্দামতু অমা আখ্খাৰতু, অমা আছৰাৰতু অমা আ'লানতু, আনতাল মুক্বাদ্দিমু ওৱা আনতাল মুআখ্খিৰ, ওৱা আনতা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।" অৰ্থঃ হে মোৰ প্ৰতিপালক! তুমি মোৰ গুনাহসমূহ, মোৰ মূৰ্খামি আৰু কৰ্মৰ ক্ষেত্ৰত কৰা সীমালংঘন ক্ষমা কৰি দিয়া, লগতে সেই যাৱতীয় ভুল-ত্ৰুটি ক্ষমা কৰি দিয়া, যিবোৰৰ বিষয়ে তুমি মোতকৈ অধিক অৱগত। হে আল্লাহ! মোৰ সেইসমূহ গুনাহো ক্ষমা কৰি দিয়া যিবোৰ মই জানি বুজি কৰিছোঁ বা হাঁহি ধেমালিতে কৰিছোঁ, আনকি মোৰ ইচ্ছা অনিচ্ছাতে হোৱা সকলো গুনাহ ক্ষমা কৰি দিয়া। হে আল্লাহ! মোৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়া, লগতে প্ৰকাশ্য়ভাৱে কৰা গুনাহ আৰু অপ্ৰকাশ্যভাৱে কৰা গুনাহো ক্ষমা কৰি দিয়া। তুমিয়ে অগ্ৰসৰকাৰী আৰু তুমিয়ে পিছুৱাই দিয়াৰ অধিকাৰী। তুমি সকলো ক্ষেত্ৰতে সৰ্বশক্তিমান।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ মাজৰ কোনেও যাতে এনেকৈ দুআ নকৰে যে, হে আল্লাহ! যদি তুমি ইচ্ছা কৰা তেন্তে মোক ক্ষমা কৰি দিয়া, যদি তুমি ইচ্ছা কৰা তেন্তে মোৰ প্ৰতি ৰহম কৰা, যদি তুমি ইচ্ছা কৰা তেন্তে মোক জীৱিকা প্ৰদান কৰা। বৰং দুআ কৰাৰ সময়ত নিশ্চিতভাৱে দৃঢ় হৈ দুআ কৰিব লাগে, কিয়নো আল্লাহে যি ইচ্ছা কৰে সেইটোৱে কৰে, তেওঁক অপাৰগ কৰিব পৰা কোনো নাই।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
“যেতিয়া কোনো মানুহে নিজৰ ঘৰত প্ৰৱেশ কৰে, লগতে প্ৰৱেশ কৰাৰ সময়ত আৰু খোৱাৰ সময়ত আল্লাহৰ নাম লয়, তেতিয়া চয়তানে (তাৰ সহযোগীসকলক) কয়: ইয়াত তোমালোকৰ বাবে ৰাতি কটোৱাৰ কোনো ঠাই নাই আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ বাবেও কোনো উপায় নাই। আনহাতে ঘৰত প্ৰৱেশ কৰাৰ সময়ত যদি কোনোবাই আল্লাহৰ নাম নলয়, তেতিয়া চয়তানে কয়: তোমালোকে ৰাতি কটাবলৈ ঠাই পাই গ'লা আৰু যদি আহাৰ কৰাৰ সময়ত আল্লাহৰ নাম নলয় তেতিয়া কয়: তোমালোকে ৰাতি কটাবলৈও ঠাই পালা আৰু আহাৰ কৰাৰো সুযোগ লাভ কৰিলা।"
ছহীহ (মুছলিম)