Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 55 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
মোৰ অতিমাত্ৰা ৰক্তক্ষৰণ হয়, পৱিত্ৰ হ'বই নোৱাৰোঁ। এনে অৱস্থাত মই নামাজ পৰিত্যাগ কৰিব পাৰিমনে? তেখেতে ক'লেঃ "নহয়, এইটো এটা সিৰাৰ তেজ। কেৱল সেই পৰিমাণ দিন নামাজ ত্যাগ কৰিবা যিমান পৰিমাণ দিন ইতিপূৰ্বে তোমাৰ হায়েজ হৈছিল। সেই কেইদিন পাৰ হোৱাৰ পিছত গোছল কৰিবা আৰু নামাজ পঢ়িবা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মোজাৰ ওপৰত মছেহ কৰা সম্পৰ্কে সুধিবলৈ মই ছাফৱান ইবনু আচ্ছাল আল-মুৰাদীৰ ওচৰলৈ আহিলোঁ। তেওঁ মোক ক’লেঃ “হে ঝিৰ! কি উদ্দেশ্যে আহিছা?” মই ক’লোঁঃ “ইল্মৰ সন্ধানত আহিছোঁ!” তেতিয়া তেওঁ ক’লেঃ নিশ্চয় ফিৰিস্তাসকলে ইল্মৰ অনুসন্ধানত আনন্দিত হৈ ইল্মৰ অন্বেষণকাৰীৰ বাবে নিজৰ পাখি মেলি দিয়ে। মই ক’লোঁঃ মল-মূত্ৰ ত্যাগ কৰাৰ পিছত মোজাৰ ওপৰত মছেহ সম্পৰ্কীয় এটা বিষয়ত মোৰ মনত সন্দেহৰ সৃষ্টি হৈছে। যিহেতু আপুনি হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ এজন চাহাবী, সেয়ে মই আপোনাক সুধিবলৈ আহিছোঁ। এই বিষয়ে আপুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কিবা শুনিছেনে? তেওঁ ক’লেঃ “হয়, শুনিছোঁ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক আদেশ দিছিল যে, আমি যেতিয়া ভ্ৰমণত থাকোঁ, সেই সময়ছোৱাত যদি জানাবত (গোছল ফৰজ হোৱা) অৱস্থা নহয়, তেন্তে তিনিদিন আৰু তিনি ৰাতিলৈকে আমি যেন আমাৰ মোজা নোখোলাকৈ মছেহ কৰোঁ। মল-মূত্ৰ আৰু টোপনিৰ কাৰণে মোজা খোলাৰ প্ৰয়োজন নাই, কেৱল মোজাৰ ওপৰত মছেহ কৰিলেই যথেষ্ট।” মই ক’লোঁঃ আপুনি তেখেতক মুহাব্বত সম্পৰ্কে কিবা কোৱা শুনিছেনে? তেওঁ ক’লেঃ হয়, শুনিছোঁ। আমি এটা ছফৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে আছিলোঁ। এদিন আমি তেখেতৰ ওচৰতে আছিলোঁ, সেই সময়ত এজন বেদুঈনে উচ্চস্বৰে মাতি ক’লে, ‘হে মুহাম্মদ!’ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক তাৰ দৰেই উচ্চ স্বৰে ক'লে, ‘হয় আহা’। আমি সেই বেদুঈনজনক ক’লোঁ, ‘হেৰা তুমি কোনো শিষ্টাচাৰ শিকা নাই নেকি! তোমাৰ কণ্ঠস্বৰ নিম্নগামী কৰা; কাৰণ তুমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত আছা। কিয়নো (কোৰআনত) নবীৰ সন্মুখত উচ্চ স্বৰে কথা ক'বলৈ নিষেধ কৰা হৈছে।’ মানুহজনে ক’লেঃ ‘আল্লাহৰ শপত, মই নিম্ন স্বৰে কথা ক’ব নোৱাৰোঁ।’ মানুহজনে সুধিলেঃ (সেই ব্যক্তিৰ বিষয়ে আপোনাৰ অভিমত কি) যিয়ে এটা সম্প্ৰদায়ক ভাল পায়, কিন্তু তেওঁলোকৰ সৈতে সেই ব্যক্তি মিলিত হ'ব পৰা নাই।’ তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লেঃ “যিয়ে যাক ভাল পায়, কিয়ামতৰ দিনা তেওঁ তাৰ সৈতেই উপস্থিত হ'ব।” ইয়াৰ পিছত তেখেতে আমাৰ সৈতে আলোচনা কৰি আছিল। অৱশেষত তেখেতে পশ্চিম দিশত থকা এটা দুৱাৰৰ কথা উল্লেখ কৰিলে, যিটো দুৱাৰ ইমান দীঘল যে, এটা অশ্বাৰোহীয়ে তাৰ এটা প্ৰান্তৰ পৰা আন প্ৰান্তলৈ যাবলৈ চল্লিশ বা সত্তৰ বছৰ সময় লাগিব।
ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)
এজন ব্যক্তিয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে যে, হে আল্লাহৰ ৰাছুল! আমি সাগৰীয় ভ্ৰমণত থাকোঁ, তেতিয়া আমাৰ সৈতে খুবেই কম পৰিমাণ পানী থাকে। যদি আমি সেই পানীৰে অজু কৰোঁ তেন্তে পিয়াহত থাকিবলগীয়া হয়, এনে ক্ষেত্ৰত আমি সাগৰৰ পানীৰে অজু কৰিব পাৰিমনে? তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "সাগৰৰ পানী পৱিত্ৰ আৰু ইয়াৰ মৃত প্ৰাণী হালাল।"
ছহীহ আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া জানাবাতৰ (ফৰজ) গোছল কৰিছিল, তেতিয়া তেখেতে প্ৰথমে ভালকৈ দুয়োখন হাত ধুইছিল। তাৰ পিছত নামাজৰ অজুৰ দৰে অজু কৰিছিল। তাৰ পিছত গোছল কৰিছিল। ইয়াৰ পিছত তেখেতে হাতেৰে চুলিবোৰ খিলাল কৰিছিল। যেতিয়া তেখেতে নিশ্চিত হৈছিল যে, পানী ছাল পৰ্যন্ত ঢুকি পাইছে তেতিয়া তেখেতে গোটেই শৰীৰত তিনিবাৰ পানী ঢালিছিল। তাৰ পিছত গোটেই শৰীৰত পানী ঢালিছিল। লগতে তেওঁ কৈছেঃ মই আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম একে পাত্ৰৰ পৰা পানীলৈ একেলগে গা ধুইছিলোঁ।
ছহীহ (বুখাৰী)
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ, তেতিয়া তেখেতে (প্ৰস্ৰাৱৰ উপযুক্ত ঠাই বিচাৰি নাপাই) কোনো এটা গোত্ৰৰ আৱৰ্জনা স্তুপৰ ওচৰত আহি থিয় হৈ প্ৰস্ৰাৱ কৰিলে। মই অকণমান আঁতৰি থিয় হৈ আছিলোঁ। তেখেতে ক'লেঃ "ওচৰত আহি থিয় হোৱা", তেতিয়া মই ওচৰ চাপি গ'লোঁ, আনকি তেখেতৰ পিছফালে গৈ থিয় হ'লোঁ। ইয়াৰ পিছত তেখেতে অজু কৰিলে আৰু মোজাৰ ওপৰত মছেহ কৰিলে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যিজন মুছলিমে সুন্দৰকৈ অজু কৰি, মনে প্ৰাণে আন্তৰিকতাৰে থিয় হৈ দুই ৰাকাত নামাজ পঢ়ে, তাৰ বাবে জান্নাত ওৱাজিব হৈ যায়।" তেওঁ কৈছে যে, মই ক'লোঁঃ কিমান সুন্দৰ কথা। এই কথা শুনি সন্মুখৰ এজন ব্যক্তিয়ে ক'লেঃ ইয়াৰ আগৰ কথাখিনি আৰু অধিক উত্তম আছিল। মই ভালকৈ চোৱাত দেখিলোঁ তেওঁ আছিল ওমৰ ৰাদ্বিয়াল্লাহু আনহু। তেওঁ ক'লেঃ মই দেখিছোঁ তুমি এইমাত্ৰহে আহিলা। ইয়াৰ পূৰ্বে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ যিয়ে সুন্দৰকৈ ঘঁহি ঘঁহি পৰিপূৰ্ণৰূপে অজু কৰিব, আৰু তাৰ পিছত ক'বঃ أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَأَنَّ مُحَمَّدًا عَبْدُ اللهِ وَرَسُولُهُ (অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল।) তাৰ বাবে জান্নাতৰ আঠটা দুৱাৰে খোলা হ'ব, যিটোৰে ইচ্ছা সেইটোৰে প্ৰৱেশ কৰিব পাৰিব।"
ছহীহ (মুছলিম)
জাৰীৰে প্ৰস্ৰাৱ কৰি আহি অজু কৰিলে আৰু তেওঁৰ মোজাৰ ওপৰত মছেহ কৰিলে। তেওঁক কোৱা হ'লঃ আপুনি এনেকুৱাই কৰে নেকি? তেওঁ ক'লেঃ হয়। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক দেখিছোঁ, তেখেতে প্ৰস্ৰাৱ কৰি আহি অজু কৰাৰ সময়ত মোজাৰ ওপৰত মছেহ কৰিছিল। আ'মাশ্বে কৈছে ইব্ৰাহীমে কৈছে যে, এই হাদীছটোক হাদীছ বিশাৰদসকলে আগ্ৰহৰ সৈতে গ্ৰহণ কৰিছে। কিয়নো জাৰীৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) ছুৰা মায়িদা অৱতীৰ্ণ হোৱাৰ পিছত ইছলাম গ্ৰহণ কৰিছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})