Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 41 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

মুশ্বৰিকসকলে এবাৰ মোক ক’লে: আমি দেখি আছোঁ যে, তোমালোকৰ সংগীয়ে (নবীয়ে) তোমালোকক সকলো কথাই শিকায়, আনকি প্ৰস্ৰাৱ-পায়খানা কৰাৰ নিয়ম নীতিও শিকায়। ইয়াৰ উত্তৰত তেওঁ ক'লেঃ "হয়, নিশ্চয়। তেখেতে আমাক সোঁহাতেৰে লজ্জাস্থান পৰিষ্কাৰ কৰিবলৈ নিষেধ কৰিছে। এইদৰে প্ৰস্ৰাৱ পায়খানাৰ সময়ত কিবলামুখী হৈ বহিবলৈ নিষেধ কৰিছে। লগতে তেখেতে আমাক গোবৰ আৰু হাড় আদিৰে ইস্তিঞ্জা কৰিবলৈ নিষেধ কৰিছে। তেখেতে কৈছেঃ "তোমালোকৰ মাজৰ কোনেও যেন নূন্যতম তিনিটা শিলগুটিতকৈ কমেৰে ইস্তিঞ্জা নকৰে।"
ছহীহ (মুছলিম)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ৰাতিত (তাহাজ্জুদৰ বাবে) উঠিছিল, তেতিয়া তেখেতে মিছৱাকেৰে মুখ চাফ কৰিছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকে মোচ চুটি কৰা আৰু দাড়ি দীঘল কৰা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই আমৰ ইবনু আবি হাছানৰ ওচৰত আছিলোঁ, তেওঁ আব্দুল্লাহ বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অজু সম্পৰ্কে প্ৰশ্ন কৰিলে, ফলত তেওঁ এটা পাত্ৰত পানী আনিবলৈ দিলে, আৰু তেওঁলোকৰ সন্মুখত সেই পানীৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৰে অজু কৰি দেখুৱালে। তেওঁ সেই পাত্ৰৰ পৰা পানী ঢালি লৈ দুয়ো হাতৰ সৰু গাঁঠিলৈকে তিনিবাৰ ধুলে। ইয়াৰ পিছত পাত্ৰৰ ভিতৰত হাত সোমোৱাই দি তিনিবাৰ তিনি চলু পানী লৈ কুলি কৰিলে আৰু নাকত পানী দি নাক চাফ কৰিলে। ইয়াৰ পিছত তিনিবাৰ পাত্ৰত হাত সোমোৱাই দি পানী লৈ মুখমণ্ডল ধুলে। ইয়াৰ পিছত পানী লৈ দুবাৰকৈ হাতৰ কিলাকুটিলৈকে ধুলে। ইয়াৰ পিছত পানী লৈ মূৰ মছেহ কৰিলে, দুয়ো হাতেৰে সন্মুখৰ পৰা পিছফাললৈকে আৰু পিছফালৰ পৰা সন্মুখলৈকে এবাৰ মছেহ কৰিলে। ইয়াৰ পিছত দুয়ো ভৰি সৰু গাঁঠিলৈকে ধুলে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক কিবা কামত বাহিৰলৈ প্ৰেৰণ কৰিলে, (ভ্ৰমণ অৱস্থাতে) মোৰ ওপৰত গোছল ফৰজ হৈ পৰিল, কিন্তু পৱিত্ৰতা অৰ্জন কৰিবলৈ মই পানী বিচাৰি নাপালোঁ। ফলত মই মাটিত জন্তুৰ দৰে বাগৰি বাগৰি পৱিত্ৰতা অৰ্জনৰ চেষ্টা কৰিলোঁ। যেতিয়া মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিলোঁ তেতিয়া সেই বিষয়টো বৰ্ণনা কৰিলোঁ। তেখেতে ক'লেঃ "তুমি কেৱল নিজৰ দুই হাতেৰে এনেকৈ কৰিলেই যথেষ্ট আছিল।" তেখেতে দেখুৱাই দিবলৈ নিজৰ দুয়ো হাত মাটিত এবাৰ স্পৰ্শ কৰিলে, তাৰ পিছত ইটো হাতেৰে সিটো হাতৰ পৃষ্ঠভাগ মছেহ কৰিলে আৰু মুখমণ্ডল মছেহ কৰিলে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মোৰ অতিমাত্ৰা ৰক্তক্ষৰণ হয়, পৱিত্ৰ হ'বই নোৱাৰোঁ। এনে অৱস্থাত মই নামাজ পৰিত্যাগ কৰিব পাৰিমনে? তেখেতে ক'লেঃ "নহয়, এইটো এটা সিৰাৰ তেজ। কেৱল সেই পৰিমাণ দিন নামাজ ত্যাগ কৰিবা যিমান পৰিমাণ দিন ইতিপূৰ্বে তোমাৰ হায়েজ হৈছিল। সেই কেইদিন পাৰ হোৱাৰ পিছত গোছল কৰিবা আৰু নামাজ পঢ়িবা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ, তেতিয়া তেখেতে (প্ৰস্ৰাৱৰ উপযুক্ত ঠাই বিচাৰি নাপাই) কোনো এটা গোত্ৰৰ আৱৰ্জনা স্তুপৰ ওচৰত আহি থিয় হৈ প্ৰস্ৰাৱ কৰিলে। মই অকণমান আঁতৰি থিয় হৈ আছিলোঁ। তেখেতে ক'লেঃ "ওচৰত আহি থিয় হোৱা", তেতিয়া মই ওচৰ চাপি গ'লোঁ, আনকি তেখেতৰ পিছফালে গৈ থিয় হ'লোঁ। ইয়াৰ পিছত তেখেতে অজু কৰিলে আৰু মোজাৰ ওপৰত মছেহ কৰিলে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যিজন মুছলিমে সুন্দৰকৈ অজু কৰি, মনে প্ৰাণে আন্তৰিকতাৰে থিয় হৈ দুই ৰাকাত নামাজ পঢ়ে, তাৰ বাবে জান্নাত ওৱাজিব হৈ যায়।" তেওঁ কৈছে যে, মই ক'লোঁঃ কিমান সুন্দৰ কথা। এই কথা শুনি সন্মুখৰ এজন ব্যক্তিয়ে ক'লেঃ ইয়াৰ আগৰ কথাখিনি আৰু অধিক উত্তম আছিল। মই ভালকৈ চোৱাত দেখিলোঁ তেওঁ আছিল ওমৰ ৰাদ্বিয়াল্লাহু আনহু। তেওঁ ক'লেঃ মই দেখিছোঁ তুমি এইমাত্ৰহে আহিলা। ইয়াৰ পূৰ্বে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ যিয়ে সুন্দৰকৈ ঘঁহি ঘঁহি পৰিপূৰ্ণৰূপে অজু কৰিব, আৰু তাৰ পিছত ক'বঃ أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَأَنَّ مُحَمَّدًا عَبْدُ اللهِ وَرَسُولُهُ (অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল।) তাৰ বাবে জান্নাতৰ আঠটা দুৱাৰে খোলা হ'ব, যিটোৰে ইচ্ছা সেইটোৰে প্ৰৱেশ কৰিব পাৰিব।"
ছহীহ (মুছলিম)