Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 4 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"যদি মানুহৰ দাবীৰ ওপৰত ভিত্তি কৰি সিহঁতক প্ৰদান কৰা হ'লহেঁতেন, তেন্তে মানুহে আনৰ প্ৰাণ আৰু ধন-সম্পদ দাবী কৰি বহিলহেঁতেন। কিন্তু দাবী কৰা ব্যক্তিয়ে প্ৰমাণ দিব লাগিব আৰু প্ৰতিপক্ষই শপত খাই (সেই দাবীক) অস্বীকাৰ কৰিব লাগিব।"
ছহীহ বাইহাক্বীয়ে বৰ্ণনা কৰিছে
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উৎকোচ প্ৰদানকাৰী আৰু উৎকোচ গ্ৰহণকাৰী উভয়কে অভিশাপ কৰিছে।
ছহীহ (তিৰমিজী, আহমদ)
"যদি মানুহৰ দাবীৰ ওপৰত ভিত্তি কৰি সিহঁতক প্ৰদান কৰা হ'লহেঁতেন, তেন্তে মানুহে আনৰ প্ৰাণ আৰু ধন-সম্পদ দাবী কৰি বহিলেহেঁতেন। কিন্তু (ন্যায় হৈছে) দাবী কৰা ব্যক্তিয়ে প্ৰমাণ দিব লাগিব আৰু প্ৰতিপক্ষই শপত খাই (সেই দাবীক) অস্বীকাৰ কৰিব লাগিব।"
হাছান বাইহাকী আদিয়ে বৰ্ণনা কৰিছে। হাদীছটোৰ এটা অংশ ছহীহাইনত আছে।
"কোনোবাই যদি কোনো ব্যক্তিৰ অৰ্থ সম্পদ আত্মসাৎ কৰাৰ উদ্দেশ্যে মিছা শপত খায়, তেনেহ'লে সি আল্লাহক এনেকুৱা অৱস্থাত সাক্ষাৎ কৰিব যে, আল্লাহ তাৰ ওপৰত ক্ৰোধান্বিত হৈ থাকিব।" বৰ্ণনাকাৰীয়ে কৈছে যে, আশ্বআছে কৈছেঃ আল্লাহৰ শপত এই ঘটনাটো মোৰ ক্ষেত্ৰতে হৈছিল। মোৰ আৰু এজন ইয়াহুদীৰ মাজত যৌথ মালিকানাধীন এডোখৰ মাটি আছিল। সি মোৰ মালিকানা স্বত্ব অস্বীকাৰ কৰিলে। মই তাক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ লৈ আনিলোঁ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক ক'লে: "তোমাৰ কোনো সাক্ষী আছেনে?" মই ক'লোঁঃ নাই। তেতিয়া তেখেতে ইয়াহূদীজনক ক'লেঃ "তেন্তে তুমি শপত খোৱা।" মই তেতিয়া ক'লোঁঃ হে আল্লাহৰ ৰাছুল! তেন্তে দেখোন সি শপত খাই মোৰ সম্পত্তি আত্মসাৎ কৰিব। তেতিয়া আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ {নিশ্চয় যিসকলে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি আৰু নিজৰ শপতক তুচ্ছ মুল্যৰ বিনিময়ত বিক্ৰী কৰে, আখিৰাতত সিহঁতৰ কোনো অংশ নাই; আৰু ক্বিয়ামতৰ দিনা আল্লাহে সিহঁতৰ লগত কথা নক’ব, সিহঁতৰ প্ৰতি দৃষ্টিও নিদিব আৰু সিহঁতক পৰিশুদ্ধও নকৰিব; আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।}
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})