Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 19 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"কোনোবাই যদি কোনো ব্যক্তিৰ অৰ্থ সম্পদ আত্মসাৎ কৰাৰ উদ্দেশ্যে মিছা শপত খায়, তেনেহ'লে সি আল্লাহক এনেকুৱা অৱস্থাত সাক্ষাৎ কৰিব যে, আল্লাহ তাৰ ওপৰত ক্ৰোধান্বিত হৈ থাকিব।" বৰ্ণনাকাৰীয়ে কৈছে যে, আশ্বআছে কৈছেঃ আল্লাহৰ শপত এই ঘটনাটো মোৰ ক্ষেত্ৰতে হৈছিল। মোৰ আৰু এজন ইয়াহুদীৰ মাজত যৌথ মালিকানাধীন এডোখৰ মাটি আছিল। সি মোৰ মালিকানা স্বত্ব অস্বীকাৰ কৰিলে। মই তাক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ লৈ আনিলোঁ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক ক'লে: "তোমাৰ কোনো সাক্ষী আছেনে?" মই ক'লোঁঃ নাই। তেতিয়া তেখেতে ইয়াহূদীজনক ক'লেঃ "তেন্তে তুমি শপত খোৱা।" মই তেতিয়া ক'লোঁঃ হে আল্লাহৰ ৰাছুল! তেন্তে দেখোন সি শপত খাই মোৰ সম্পত্তি আত্মসাৎ কৰিব। তেতিয়া আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ {নিশ্চয় যিসকলে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি আৰু নিজৰ শপতক তুচ্ছ মুল্যৰ বিনিময়ত বিক্ৰী কৰে, আখিৰাতত সিহঁতৰ কোনো অংশ নাই; আৰু ক্বিয়ামতৰ দিনা আল্লাহে সিহঁতৰ লগত কথা নক’ব, সিহঁতৰ প্ৰতি দৃষ্টিও নিদিব আৰু সিহঁতক পৰিশুদ্ধও নকৰিব; আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।}
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
সোণ-ৰূপৰ অধিকাৰী ব্যক্তি, যিয়ে (নিচাব হোৱাৰ পিছতো) ইয়াৰ হক (জাকাত) আদায় নকৰে, ক্বিয়ামতৰ দিনা তাৰ এই সম্পদক জাহান্নামৰ জুইত উত্তপ্ত কৰি অগ্নিৰ পাত বনোৱা হ'ব। লগতে সেইবোৰক জাহান্নামৰ জুইত অধিক উত্তপ্ত কৰা হ'ব, আৰু সেইবোৰৰ দ্বাৰা তাৰ কাষত, কপালত আৰু পিঠিত দাগ দিয়া হ'ব। যেতিয়া সেইটো শীতল হ'ব তেতিয়াই পুনৰ উত্তপ্ত কৰা হ'ব। এই শাস্তি বিহা হ'ব এনেকুৱা এটা দিৱসত যাৰ পৰিমাণ হ'ব পঞ্চাছ হাজাৰ বছৰৰ সমান। এই শাস্তি মানুহৰ মাজত ফয়চালা সম্পন্ন নোহোৱা পৰ্যন্ত চলি থাকিব। অৱশেষত ফয়চালা হোৱাৰ পিছত সিহঁতৰ মাজৰ কিছুমানে জান্নাতলৈ যাব আৰু কিছুমান যাব জাহান্নামত।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকে পৰস্পৰে পৰস্পৰক উপহাৰ দিয়া, মুহাব্বত বৃদ্ধি পাব।"
হাছান বুখাৰীয়ে আল-আদাবুল মুফৰাদত বৰ্ণনা কৰিছে, ইয়াৰ উপৰিও আবূ য়া'লা আৰু বায়হাকীয়ে বৰ্ণনা কৰিছে।
"সোণৰ বিনিময়ত ৰূপৰ মুদ্ৰা হাতে হাতে লগে লগে আদান-প্ৰদান নহ'লে সুত হ'ব, ঘেঁহুৰ বিনিময়ত ঘেঁহু লগে লগে আদান প্ৰদান নহ'লে সুতৰ অন্তৰ্ভুক্ত, যৱৰ বিনিময়ত যৱ হাতে হাতে আদান-প্ৰদান নহ'লে সুত হ'ব, এইদৰে খেজুৰৰ বিনিময়ত খেজুৰ লগে লগে আদান-প্ৰদান নহ'লে সুত হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই এবাৰ কিছুমান আশ্বআৰী লোকৰ সৈতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এটা বাহন বিচাৰি আহিলোঁ। তেখেতে ক'লেঃ "আল্লাহৰ শপত! মই তোমালোকক বাহন দিব নোৱাৰিম। কাৰণ, তোমালোকক বাহন হিচাপে দিবলৈ মোৰ ওচৰত একো নাই।" ইয়াৰ পিছত আল্লাহৰ ইচ্ছা অনুসৰি আমি কিছু সময় তাত অপেক্ষা কৰিলোঁ। ঠিক সেই সময়তে তেখেতৰ ওচৰলৈ কেইটামান উট অনা হ'ল। তেতিয়া তেখেতে আমাক তিনিটা উট দিবলৈ নিৰ্দেশ দিলে। আমি যেতিয়া উভতি আহিলোঁ তেতিয়া আমাৰ মাজৰ কিছুমানে পৰস্পৰে আলোচনা কৰি আছিল যে, আল্লাহে হয়তো আমাক বৰকত দান নকৰিব। কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক বাহন দিব নোৱাৰিব বুলি শপত খাইছিল। ইয়াৰ পিছতো তেখেতে আমাক বাহন দিলে। আবূ মূছাই কৈছেঃ আমি আকৌ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ ঘূৰি আহিলোঁ আৰু এই বিষয়টো উল্লেখ কৰিলোঁ। তেতিয়া তেখেতে ক'লেঃ "মই তোমালোকক বাহন দিয়া নাই; বৰং আল্লাহে তোমালোকৰ বাবে বাহনৰ ব্যৱস্থা কৰিছে। আল্লাহৰ শপত! -ইন শ্বা আল্লাহ- মই যেতিয়া কোনো বিষয়ত শপত খাওঁ, কিন্তু যদি ইয়াৰ বিপৰীত বিষয়টোত মঙ্গল দেখা পাওঁ, তেতিয়া মই শপতৰ কাফফাৰা আদায় কৰি দিওঁ, লগতে যিটো কল্যাণকৰ সেইটোৱে বাস্তৱায়িত কৰোঁ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মানুহে দিয়ক বা নিদিয়ক, সিহঁতৰ ওচৰত খুজি মাগি খোৱাতকৈ খৰি কাটি ৰছীৰে বান্ধি পিঠিত বহন কৰি আনি বিক্ৰী কৰাটো বেছি উত্তম।"
ছহীহ (বুখাৰী)
"মহান আল্লাহে কৈছেঃ কিয়ামতৰ দিনা মই তিনি প্ৰকাৰ ব্যক্তিৰ বিৰোধী হিচাপে থিয় দিম। এনেকুৱা ব্যক্তি যিয়ে মোৰ নামত শপত কৰি, সেয়া ভংগ কৰিছে। আন এজন হৈছে যিয়ে স্বাধীন ব্যক্তিক বিক্ৰী কৰি তাৰ মূল্য ভক্ষণ কৰে। আন এজন হৈছে, যিয়ে কাৰোবাক শ্ৰমিক হিচাপে কামত লগায় আৰু তাৰ দ্বাৰা পূৰ্ণাংগ কাম লয় অথচ তাৰ পাৰিশ্ৰমিক নিদিয়ে।"
ছহীহ (বুখাৰী)
"কোনো মুছলিমৰ ওচৰত অছিয়তযোগ্য কিবা থাকিলে, সেই অছিয়ত লিখিত ৰূপে সংৰক্ষণ নকৰাকৈ তিনি ৰাতি অতিবাহিত কৰাটো তাৰ বাবে সমীচীন নহয়।" আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই কৈছেঃ "ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই কথাষাৰ শুনাৰ পিছৰ পৰা এনেকুৱা এটাও ৰাতি মই অতিবাহিত কৰা নাই যে, যিদিনা মোৰ ওচৰত মোৰ অছিয়ত লিখিত ৰূপে সংৰক্ষণ নাছিল।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})