সোণৰ বিনিময়ত ৰূপৰ মুদ্ৰা হাতে হাতে লগে লগে আদান-প্ৰদান নহ'লে সুত হ'ব, ঘেঁহুৰ বিনিময়ত ঘেঁহু লগে লগে আদান প্ৰদান নহ'লে সুতৰ অন্তৰ্ভুক্ত, যৱৰ বিনিময়ত যৱ হাতে হাতে আদান-প্ৰদান নহ'লে সুত হ'ব, এইদৰে খেজুৰৰ বিনিময়ত খেজুৰ লগে লগে আদান-প্ৰদান নহ'লে সুত হ'ব।
মালিক বিন আওছ বিন হাদাছানৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এই কথা কৈ কৈ গৈ আছিলোঁ যে, দিৰহাম বিনিময় কৰিব পৰা কোনোবা আছেনে? তেতিয়া ত্বলহা বিন উবাইদুল্লাহে ক'লে, তেওঁ সেই সময়ত ওমৰ ইবনুল খাত্তাবৰ ওচৰত বহি আছিল। তোমাৰ সোণখিনি আমাক দেখুৱাচোন, আৰু তুমি পিছত আহিবা, যেতিয়া আমাৰ দাস আহি পাব তেতিয়া তোমাক দিবলগীয়া ৰূপৰ মুদ্ৰাখিনি প্ৰদান কৰিম। এই কথা শুনি ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ নহয়, এইটো হ'ব নোৱাৰে, আল্লাহৰ শপত! হয় তুমি এতিয়াই তাক ৰূপৰ মুদ্ৰা প্ৰদান কৰা, নহয় তাৰ সোণ তাক ঘূৰাই দিয়া। কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"সোণৰ বিনিময়ত ৰূপৰ মুদ্ৰা হাতে হাতে লগে লগে আদান-প্ৰদান নহ'লে সুত হ'ব, ঘেঁহুৰ বিনিময়ত ঘেঁহু লগে লগে আদান প্ৰদান নহ'লে সুতৰ অন্তৰ্ভুক্ত, যৱৰ বিনিময়ত যৱ হাতে হাতে আদান-প্ৰদান নহ'লে সুত হ'ব, এইদৰে খেজুৰৰ বিনিময়ত খেজুৰ লগে লগে আদান-প্ৰদান নহ'লে সুত হ'ব।"
«الْوَرِقُ بِالذَّهَبِ رِبًا، إِلَّا هَاءَ وَهَاءَ، وَالْبُرُّ بِالْبُرِّ رِبًا، إِلَّا هَاءَ وَهَاءَ، وَالشَّعِيرُ بِالشَّعِيرِ رِبًا، إِلَّا هَاءَ وَهَاءَ، وَالتَّمْرُ بِالتَّمْرِ رِبًا، إِلَّا هَاءَ وَهَاءَ».
তাবেয়ী মালিক বিন আনাছে জনাইছে যে, তেওঁৰ ওচৰত কেইটামান স্বৰ্ণমুদ্ৰা আছিল, যিবোৰ তেওঁ ৰৌপ্যমুদ্ৰাৰ জৰিয়তে বিনিময় কৰিব বিচাৰিছিল। ত্বলহা বিন উবাইদুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁক ক'লেঃ তোমাৰ স্বৰ্ণমুদ্ৰাখিনি আমাক দেখুৱাচোন। ইয়াৰ পিছত তেওঁ ক্ৰয় কৰিবলৈ সন্মতি দিয়াৰ পিছত ক'লে যে, তুমি পিছত আহি তোমাৰ ৰৌপ্যমুদ্ৰা লৈ যাবা, যেতিয়া আমাৰ খাদিম আহি পাব। সেই বৈঠকত ওমৰ ৰাদ্বিয়াল্লাহু আনহু উপস্থিত আছিল। তেখেতে এই ধৰণৰ লেনদেন দেখি বাধা প্ৰদান কৰিলে আৰু আল্লাহৰ শপত খাই ত্বলহাক কলে যে, তুমি এতিয়াই ৰৌপ্যমুদ্ৰা দিয়াৰ ব্যৱস্থা কৰা, অন্যথা তেওঁৰ স্বৰ্ণমুদ্ৰা ঘূৰাই দিয়া। ইয়াৰ কাৰণ উল্লেখ কৰি কলে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে স্বৰ্ণৰ বিনিময়ত ৰূপৰ লেনদেন অথবা ৰূপৰ বিনিময়ত স্বৰ্ণৰ লেনদেনৰ ক্ষেত্ৰত লগে লগে আদান-প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। অন্যাথা এইটো সুতত পৰিণত হব যিটোক হাৰাম কৰা হৈছে। গতিকে ইটো হাতেৰে লোৱা আৰু সিটো হাতেৰে প্ৰদান নকৰাকৈ তথা লগে লগে আদান-প্ৰদান নকৰাকৈ সোণ-ৰূপৰ বিনিময় বা ক্ৰয়-বিক্ৰয় বৈধ নহয়। এইদৰে ঘেঁহু, যৱ, খেজুৰ আদিৰ ক্ষেত্ৰতো একে শ্ৰেণীৰ, একেই পৰিমাণৰ, সমান ওজনৰ, লগে লগে বিনিময় কৰিব লাগিব। এইবোৰ পলমকৈ বিনিময় কৰা বৈধ নহয়। আয়ত্তত নোলোৱাকৈ পৃথক হোৱাও বৈধ নহয়।
এই হাদীছটোত পাঁচ প্ৰকাৰৰ বস্তুৰ কথা উল্লেখ হৈছে। সোণ, ৰূপ, ঘেঁহু, যৱ আৰু খেজুৰ। যদি এইবোৰ বস্তু একে জাতীয় বস্তুৰে ক্ৰয়-বিক্ৰয় কৰা হয় তেন্তে লেনদেনৰ বাবে দুটা চৰ্ত জৰুৰী। চুক্তিৰ বৈঠকতে লেনদেন সম্পন্ন কৰিব লাগিব। দ্বিতীয় চৰ্ত হৈছে, সমান পৰিমাণৰ বস্তু লেনদেন কৰিব লাগিব। অন্যথা এইটো ৰিবাল ফজল বা অতিৰিক্ত সুতত পৰিণত হ'ব। আনহাতে যদি দুয়োটা বেলেগ বস্তু হয়, যেনে- ৰূপৰ বিনিময়ত ঘেঁহু, তেন্তে ইয়াৰ বাবে এটাই চৰ্ত, সেইটো হৈছে চুক্তিৰ বৈঠকতে মূল্য গ্ৰহণ কৰিব লাগিব, নহ'লে সেইটো ৰিবান নাছীআহ বা বিলম্বিত সুতত পৰিণত হ'ব।
চুক্তিৰ বৈঠক বুলি ক্ৰয়-বিক্ৰয় চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ সময়ক বুজোৱা হৈছে। সেয়া বহি থকাৰ সময়তে হওক বা গৈ থকাৰ সময়ত নাইবা বাহনত থকাৰ সময়ত। পৃথক হোৱাৰ দ্বাৰা সাধাৰণতে মানুহে যিটোক পৃথক বুলি গণ্য কৰে সেইটোকে বুজোৱা হৈছে।
হাদীছটোত যিটো নিষেধ কৰা হৈছে তাৰ ভিতৰত সকলো প্ৰকাৰ সোণ আৰু ৰূপকে সামৰি লোৱা হৈছে, সেয়া ঢালাইকৃত হওক বা বেলেগ কোনো ৰূপত।
সোণ-ৰূপৰ নিয়ম নীতিয়ে বৰ্তমান সময়ৰ কাৰেন্সীৰ ওপৰত প্ৰযোজ্য। গতিকে যদি আপুনি কোনো দেশৰ কাৰেন্সীৰ লগত বেলেগ কোনো কাৰেন্সী আদান প্ৰদান কৰে, উদাহৰণস্বৰূপে ৰিয়ালৰ সৈতে টকাৰ লেনদেন, তেন্তে ক্ৰয়-বিক্ৰয়ৰ বৈঠকতে দুয়ো পক্ষই আদান-প্ৰদান কৰিব লাগিব, অন্যথা সেইটো বৈধ নহ'ব, আৰু সুতত পৰিণত হ'ব, যিটোক হাৰাম কৰা হৈছে।
সুত হ'ব পৰা লেনদেন বৈধ নহয়। যদিও দুয়ো পক্ষৰ সন্মতিত হয়। কিয়নো ইছলামে মানুহৰ আৰু সমাজ ব্যৱস্থাৰ অধিকাৰ সুৰক্ষিত কৰিছে। যদিও সিহঁতে সেইটোক অৱজ্ঞা কৰে।
সক্ষম অনুযায়ী বেয়া কৰ্মক নসাৎ কৰা আৰু বাধা দিয়া জৰুৰী।
বেয়া কৰ্মক নসাৎ কৰাৰ সময়ত প্ৰমাণ উল্লেখ কৰিব লাগে। যিদৰে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৰিছিল।
ছহীহ বুখাৰী (3/ 68) (2134).
ছহীহ মুছলিম (3/ 1209) (1586).
অধিক (4)
الإلمام بشرح عمدة الأحكام.
لإسماعيل الأنصاري (2/ 28).
تيسير العلام شرح عمدة الأحكام.
لعبد الله البسام (ص496).