Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 12 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"মানুহে দিয়ক বা নিদিয়ক, সিহঁতৰ ওচৰত খুজি মাগি খোৱাতকৈ খৰি কাটি ৰছীৰে বান্ধি পিঠিত বহন কৰি আনি বিক্ৰী কৰাটো বেছি উত্তম।"
ছহীহ (বুখাৰী)
"মহান আল্লাহে কৈছেঃ কিয়ামতৰ দিনা মই তিনি প্ৰকাৰ ব্যক্তিৰ বিৰোধী হিচাপে থিয় দিম। এনেকুৱা ব্যক্তি যিয়ে মোৰ নামত শপত কৰি, সেয়া ভংগ কৰিছে। আন এজন হৈছে যিয়ে স্বাধীন ব্যক্তিক বিক্ৰী কৰি তাৰ মূল্য ভক্ষণ কৰে। আন এজন হৈছে, যিয়ে কাৰোবাক শ্ৰমিক হিচাপে কামত লগায় আৰু তাৰ দ্বাৰা পূৰ্ণাংগ কাম লয় অথচ তাৰ পাৰিশ্ৰমিক নিদিয়ে।"
ছহীহ (বুখাৰী)
"কোনো মুছলিমৰ ওচৰত অছিয়তযোগ্য কিবা থাকিলে, সেই অছিয়ত লিখিত ৰূপে সংৰক্ষণ নকৰাকৈ তিনি ৰাতি অতিবাহিত কৰাটো তাৰ বাবে সমীচীন নহয়।" আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই কৈছেঃ "ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই কথাষাৰ শুনাৰ পিছৰ পৰা এনেকুৱা এটাও ৰাতি মই অতিবাহিত কৰা নাই যে, যিদিনা মোৰ ওচৰত মোৰ অছিয়ত লিখিত ৰূপে সংৰক্ষণ নাছিল।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়।" প্ৰশ্ন কৰা হ'লঃ হে আল্লাহৰ ৰাছুল কোন ব্যক্তি মুমিন নহয়? তেখেতে ক'লেঃ "যাৰ অনিষ্টৰ পৰা তাৰ প্ৰতিৱেশী সুৰক্ষিত নহয়।"
ছহীহ (বুখাৰী)