Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 1 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

বৰ্ণনাকাৰী

আলী বিন আবি তালিব ৰাদ্বিয়াল্লাহু আনহুৱে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ য়ামানৰ পৰা চামৰাৰ পাত্ৰত এটুকুৰা সোণ প্ৰেৰণ কৰিলে, যিটোৰ ওপৰত খনিৰ মাটি লাগিয়ে আছিল। বৰ্ণনাকাৰীয়ে কৈছেঃ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে সেই সোণ টুকুৰা চাৰিজন লোকৰ মাজত ভগাই দিলে। সেই চাৰিজন আছিল, উৱাইনাহ বিন বদৰ, আক্বৰা বিন হাবিছ, ঝায়েদ আল-খাইল, চতুৰ্থজন হয়তো আলক্বামা আছিল, নহ'লে আমিৰ বিন তুফাইল আছিল। চাহাবাসকলৰ মাজৰ এজনে ক'লেঃ এওঁলোকতকৈ আমিহে ইয়াৰ বেছি উপযুক্ত আছিলোঁ। বৰ্ণনাকাৰীয়ে কৈছেঃ যেতিয়া এই কথা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাণত আহিল, তেতিয়া তেখেতে ক'লেঃ "মোৰ প্ৰতি তোমালোকৰ আস্থা নাই নেকি? অথচ আল্লাহে মোৰ প্ৰতি বিশ্বাস কৰিছে, যিজন আকাশত আছে। পুৱা গধূলি মোৰ ওচৰলৈ আকাশৰ পৰা সংবাদ আহে।" বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত এজন ব্যক্তি থিয় হ'ল, যাৰ চকু যোৰ আছিল ভিতৰ ফালে বহি যোৱা, গালৰ হাড় আছিল ওপৰফালে উঠি অহা, ওখ কপাল বিশিষ্ট, দাঢ়িবোৰ আছিল ঘন, মূৰ মুণ্ডন কৰা, পিন্ধি থকা লুংগী ওপৰলৈ উত্থিত, ব্যক্তিজনে ক'লেঃ হে আল্লাহৰ ৰাছুল! আল্লাহক ভয় কৰক। তেতিয়া তেখেতে ক'লেঃ "তোমাৰ প্ৰতি আফচোচ! পৃথিৱীবাসীৰ মাজত আল্লাহক ভয় কৰাৰ ক্ষেত্ৰত মই অধিক উপযুক্ত নহয়নে?" বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত ব্যক্তিজন উভতি গ'ল। তেতিয়া খালিদ বিন অলীদে ক'লেঃ হে আল্লাহৰ ৰাছুল, ইয়াৰ শিৰচ্ছেদ কৰি দিওঁনে? তেখেতে ক'লেঃ "নহয়। সম্ভৱতঃ সি নামাজ পঢ়ে।" তেতিয়া খালীদে ক'লেঃ বহুতো এনেকুৱা নামাজী আছে, যিসকলে মুখেৰে যি কয়, অন্তৰত তাৰ সৈতে কোনো মিল নাই। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "মোক মানুহৰ অন্তৰ ছিদ্ৰ কৰি আৰু পেট ফালি চাবলৈ নিৰ্দেশ দিয়া হোৱা নাই।" ইয়াৰ পিছত তেখেতে সেই ব্যক্তিজনৰ ফালে লক্ষ্য কৰিলে, ব্যক্তিজন উভতি গৈ আছিল। তেতিয়া তেখেতে ক'লেঃ "এই ব্যক্তিজনৰ বংশৰ পৰা এনেকুৱা এটা জাতিৰ উদ্ভৱ হ'ব, যিসকলে শ্ৰুতিমধুৰ কণ্ঠত আল্লাহৰ কিতাব তিলাৱত কৰিব। অথচ আল্লাহৰ বাণী সিহঁতৰ ডিঙিৰ তললৈ নামি নাহিব। সিহঁতে দ্বীনৰ পৰা এনেকৈ ওলাই যাব, যিদৰে তীৰ লক্ষ্যবস্তুক ভেদ কৰি ওলাই যায়। বৰ্ণনাকাৰীয়ে কৈছেঃ মোৰ মনত পৰে তেখেতে এই কথাও কৈছিল চাগে যে, যদি মই সিহঁতক পাওঁ, তেন্তে নিশ্চয় মই সিহঁতক ছামূদ জাতিৰ দৰে হত্যা কৰিম।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})