عربي - Arabic English Qafár af - Afar Afrikaans - Afrikanns Akan Shqip - Albanian አማርኛ - Amharic Հայերեն - Armenian অসমীয়া - Assamese Azərbaycanca - Azerbaijani Bamanankan - Bambara Bassa Bemba বাংলা - Bengali Bosanski - Bosnian Български - Bulgarian မြန်မာဘာသာ - Burmese Bisaya - Cebuano Cham Нохчий - Chechen chiCheŵa - Chewa 中文 - Chinese Адыгэбзэ - Circassian Hrvatski - Croatian Česky - Czech Dagbani Dansk - Danish فارسی دری - Dari Dendi ދިވެހި ބަސް - Dhivehi Nederlands - Dutch إستوني - Estonian Suomi - Finnish Français - French Fulfulde - Fula ქართული - Georgian Deutsch - German Ελληνικά - Greek ગુજરાતી - Gujrati Kreyòl ayisyen - Haitian Creole Hausa हिन्दी - Hindi Magyar - Hungarian Igbo Indonesia - Indonesian Italiano - Italian 日本語 - Japanese Jóola - Jola ಕನ್ನಡ - Kannada Қазақша - Kazakh ភាសាខ្មែរ - Khmer Kikuyu Ikinyarwanda - Kinyarwanda Ikirundi - Kirundi 한국어 - Korean كوردی سۆرانی - kurdish كوردي kurmancî - Kurmanji Kyrgyz ລາວ - Lao latviešu - Latvian Lingala lietuvių - Lithuanian Luganda Македонски - Macedonian Maguindanaon Malagasy - Malagasy Bahasa Melayu - Malay മലയാളം - Malayalam Mandinka मराठी - Marathi Mõõré - Moore नेपाली - Nepali أنكو - NKo Norwegian ଓଡ଼ିଆ - Odia oromoo - Oromo پښتو - Pashto فارسی - Persian Polski - Polish Portuguese ਪੰਜਾਬੀ - Punjabi Română - Romanian Русский - Russian Српски - Serbian Shona සිංහල - Sinhala Slovenščina - Slovenian Soomaaliga - Somali Soninke Sesotho - Sotho Español - Spanish Kiswahili - Swahili Svenska - Swedish Tagalog Тоҷикӣ - Tajik தமிழ் - Tamil తెలుగు - Telugu ไทย - Thai ትግረኛ - Tigrinya Türkçe - Turkish Ukrainian اردو - Urdu ئۇيغۇرچە - Uyghur Ўзбек - Uzbek Việt Nam - Vietnamese Wolof Yao Yorùbá - Yoruba Zarma زولو - Zulu
836 হাদীছ
নবী হাদীছৰ বিশ্বকোষ
শ্ৰেণীসমূহ
হাদীছৰ স্তৰ
বৰ্ণিত গ্ৰন্থ
বাকী উৎসসমূহ দেখুৱাওক
বৰ্ণনাকাৰী
সকলো বৰ্ণনাকাৰী দেখুৱাওক (21)
সৰ্বশক্তিমান আল্লাহৰ এই বাণী সম্পৰ্কে কৈছেঃ {وَمَنْ يُرِدْ فِيهِ بِإِلْحَادٍ بِظُلْمٍ نُذِقْهُ مِنْ عَذَابٍ أَلِيمٍ} [الحج: 25] অৰ্থঃ "হাৰামত যিয়ে অন্যায়ভাৱে ইলহাদ তথা দ্বীনবিৰোধী পাপ কৰ্মৰ ইচ্ছা কৰে, আমি তাক যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰাম।" তেওঁ কৈছেঃ "যদি কোনো ব্যক্তিয়ে য়ামানত অৱস্থিত আদান চহৰৰ পৰাও ইয়াত দ্বীন বিৰোধী কোনো পাপকৰ্ম কৰাৰ ইচ্ছা কৰে, তথাপিও আল্লাহে তাক কষ্টদায়ক শাস্তি বিহিব।"
ছহীহ ইমাম আহমদ আৰু হাকিমে বৰ্ণনা কৰিছে।
আবু তালিবৰ মৃত্যুৰ সময়ত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ ওচৰলৈ আহিল, তেতিয়া তেওঁৰ ওচৰত উপস্থিত আছিল আবু জাহল, আব্দুল্লাহ বিন আবি উমায়্যাহ ইবনুল মুগীৰাহ। ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "হে মোৰ খুৰা! লা ইলা-হা ইল্লাল্লাহ কলিমাটো এবাৰ স্বীকাৰ কৰক, যাতে মই আল্লাহৰ ওচৰত আপোনাৰ হৈ মাত মাতিব পাৰোঁ।" তেতিয়া আবু জাহল আৰু আব্দুল্লাহ বিন আবি উমায়্যাই ক'লেঃ তুমি আব্দুল মুত্তালিবৰ ধৰ্মৰ পৰা আঁতৰি যাবা নেকি, ইপিনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বাৰে বাৰে তেওঁক এই স্বীকৃতিৰ পিনে আহ্বান কৰি আছিল। আনহাতে সিহঁত দুজনেও সিহঁতৰ কথা বাৰে বাৰে কৈ আছিল। কিন্তু অৱশেষত আবু তালিবে যিটো কথা কৈছিল সেইটো আছিল এই যে, মই আব্দুল মুত্তালিবৰ ধৰ্মতে আছোঁ। ফলত তেওঁ লা ইলা-হা ইল্লাল্লাহ স্বীকাৰ নকৰিলে। এই দেখি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "আল্লাহৰ শপত! মই আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিয়ে থাকিম, যেতিয়ালৈকে মোক নিষেধ কৰা নহ'ব।" ইয়াৰ পিছত আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ
{مَا كَانَ لِلنَّبِیِّ وَالَّذِیْنَ اٰمَنُوْۤا اَنْ یَّسْتَغْفِرُوْا لِلْمُشْرِكِیْنَ وَلَوْ كَانُوْۤا اُولِیْ قُرْبٰی مِنْ بَعْدِ مَا تَبَیَّنَ لَهُمْ اَنَّهُمْ اَصْحٰبُ الْجَحِیْمِ ۟} [التوبة: 113]
নবী আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে উচিত নহয় মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, যদিও সিহঁত নিকটাত্মীয় নহওক কিয়, যেতিয়া এই কথা সুস্পষ্ট হৈ গৈছে যে, নিশ্চয় সিহঁত প্ৰজ্বলিত অগ্নিৰ অধিবাসী। (ছুৰা আত-তাওবাহঃ ১১৩)
লগতে আবু তালিব সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰি মহান আল্লাহে কৈছেঃ
اِنَّكَ لَا تَهْدِیْ مَنْ اَحْبَبْتَ وَلٰكِنَّ اللّٰهَ یَهْدِیْ مَنْ یَّشَآءُ ۚ— وَهُوَ اَعْلَمُ بِالْمُهْتَدِیْنَ ۟
নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰিবা। বৰং আল্লাহে যাক ইচ্ছা কৰে তাকহে সৎপথ দেখুৱায় আৰু সৎপথ অনুসাৰীসকলৰ বিষয়ে তেৱেঁই ভালকৈ জানে। (ছুৰা আল-কাচাচঃ ৫৬)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকে কোৰআন তিলাৱত কৰা, কিয়নো ই কিয়ামতৰ দিনা ইয়াৰ তিলাৱতকাৰী সকলৰ হৈ ছুপাৰিছ কৰিব। তোমালোকে দুটা উজ্জ্বল ছুৰা অৰ্থাৎ ছুৰা আল-বাক্বাৰাহ আৰু ছুৰা আলে-ইমৰান (যাক 'ঝাহৰাৱাইন' বোলা হয়) তিলাৱত কৰা। কিয়নো কিয়ামতৰ দিনা এই দুটা ছুৰা এনেকৈ আহিব যেনিবা দুডোখৰ মেঘ খণ্ড, অথবা দুটা ছাঁ, নাইবা শাৰী পাতি উৰি থকা চৰাইৰ জাক। এই দুটাই নিজৰ তিলাৱতকাৰীৰ সপক্ষে প্ৰমাণ দাঙি ধৰিব। তোমালোকে ছুৰা আল-বাক্বাৰাহ তিলাৱত কৰা, কিয়নো এইটো হৈছে বৰকতপূৰ্ণ, আৰু ইয়াক এৰি দিয়াটো হৈছে হতাশাজনক। বাতিল পন্থীয়ে ইয়াৰ মুকাবিলা কৰিবলৈ সক্ষম নহয়।"
ছহীহ (মুছলিম)
এদিনাখন মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্মবৰৰ ওচৰত আছিলোঁ। তেতিয়া এজনে ক'লেঃ ইছলাম গ্ৰহণৰ পিছত মই এতিয়া যদি বেলেগ কোনো সৎকৰ্ম নকৰোঁ তথাপিও মোৰ কোনো অসুবিধা নাই, কিন্তু মই হাজীসকলক পানী পান কৰায়ে থাকিম। আন এজনে ক'লেঃ মুছলিম হোৱাৰ পিছত মই যদি বেলেগ আন কোনো সৎকৰ্ম নকৰোঁ তথাপিও মোৰ কোনো অসুবিধা নহ'ব, কিন্তু মই মছজিদুল হাৰামৰ মেৰামতিৰ কামত সদায় লাগি থাকিম। আন এজনে ক'লেঃ তোমালোকে যি যি কৈ আছা সেই সকলোবোৰতকৈ আল্লাহৰ পথত জিহাদ কৰাটোহে বেছি উত্তম। এইবোৰ শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁলোকক ধমক দি ক'লেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্বৰৰ ওচৰত তোমালোকে এইদৰে উচ্চস্বৰে কথা নক'বা। সেইটো আছিল জুমুআৰ দিন। শুনা! জুমুআৰ চালাত আদায় হোৱাৰ পিছত মই তেখেতৰ ওচৰলৈ গৈ তোমালোকে মতানৈক্য কৰা বিষয়টো সম্পৰ্কে সুধিম। ইপিনে সৰ্বশক্তিমান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "হাজীসকলক পানী পান কৰোৱা আৰু মছজিদুল হাৰামৰ তত্বাৱধান কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি, যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে?....." (ছুৰা আত-তাওবাঃ ১৯) আয়াতটোৰ শেষলৈকে।
ছহীহ (মুছলিম)
হুদাইবিয়্যাৰ পৰা প্ৰত্যাৱৰ্তনৰ সময়ত যেতিয়া এই আয়াত অৱতীৰ্ণ হ'লঃ {إِنَّا فَتَحْنَا لَكَ فَتْحًا مُبِينًا لِيَغْفِرَ لَكَ اللهُ} পৰা {فَوْزًا عَظِيمًا} লৈকে।[الفتح: ١-٥] তেতিয়া তেওঁলোক আছিল কষ্ট বেদনা আৰু ক্ষোভেৰে পৰিপূৰ্ণ। তেওঁলোকে হুদাইবিয়্য়াতেই কুৰবানীৰ জন্তুবোৰ কুৰবানী কৰিছিল। তেতিয়া তেখেতে ক'লেঃ "মোৰ ওপৰত এনেকুৱা আয়াত অৱতীৰ্ণ হৈছে, যিটো গোটেই পৃথিৱীতকৈ মোৰ ওচৰত অধিক প্ৰিয়।"
ছহীহ (মুছলিম)
গোছল ফৰজ হোৱা অৱস্থাৰ বাহিৰে, বেলেগ সৰ্বাৱস্থাতেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক কোৰআন তিলাৱত কৰোৱাইছিল।
হাছান আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।
যি ব্যক্তিয়ে ছুৰা বাক্বাৰাৰ শেষৰ আয়াত দুটা ৰাতিত তিলাৱত কৰিব, সেই ব্যক্তিৰ (নিৰাপত্তাৰ) বাবে এই দুটা আয়াতেই যথেষ্ট হ’ব।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মক্কা বিজয়ৰ দিনা মানুহৰ সন্মুখত ভাষণ প্ৰদান কৰি কৈছিলঃ হে মানৱজাতি! আল্লাহে তোমালোকৰ পৰা জাহিলী যুগৰ দম্ভ আৰু অহংকাৰ তথা পূৰ্বপুৰুষৰ প্ৰতি থকা গৌৰৱ আদিৰ কুঃসংস্কাৰ নিঃশেষ কৰিছে। এতেকে মানৱ এতিয়া দুই ভাগত বিভক্তঃ এক শ্ৰেণীৰ মানুহ পূণ্যৱান, পৰহেজগাৰ, তেওঁলোক হৈছে আল্লাহৰ ওচৰত প্ৰিয় তথা সন্মানিত। আনহাতে আনটো শ্ৰেণীৰ মানুহ হৈছে পাপিষ্ঠ, দুৰ্ভগীয়া, সিহঁত আল্লাহৰ ওচৰত অত্যন্ত নিকৃষ্ট তথা ঘৃণীত আৰু তুচ্ছ। সকলো মানুহেই আদম সন্তান। আল্লাহে আদম আলাইহিচ্ছালামক মাটিৰে সৃষ্টি কৰিছিল। যেনে আল্লাহ তাআলাই কৈছেঃ হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ, আৰু তোমালোকক বিভক্ত কৰিছোঁ বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। আল্লাহৰ ওচৰত তোমালোকৰ মাজৰ কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল, যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত। (ছুৰা হুজুৰাতঃ ১৩)
ছহীহ (তিৰমিজী, ইবনে হিব্বান)