Skip to content

সিহঁতৰ কথা শুনিবা আৰু মানিবা, সিহঁতে যি কৰিব তাৰ প্ৰতিফল সিহঁতে ভোগ কৰিব আৰু তোমালোকে যি কৰিবা তাৰ প্ৰতিফল তোমালোকে ভোগ কৰিবা।

ওৱাইল আল-হাজৰামীয়ে কৈছেঃ ছালামা বিন য়াঝীদ আল-জু'ফী ৰাদ্বিয়াল্লাহু আনহুৱে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিছিলঃ

হে আল্লাহৰ ৰাছুল! যদি আমাৰ ওপৰত এনেকুৱা লোকে শাসন কৰে যিয়ে আমাৰ পৰা সিহঁতৰ অধিকাৰ পৰিপূৰ্ণৰূপে আদায় কৰে, কিন্তু আমি পাবলগীয়া অধিকাৰ আমাক প্ৰদান নকৰে। তেনে ক্ষেত্ৰত আপোনাৰ নিৰ্দেশনা কি, এইটো শুনি তেখেতে মুখ ঘূৰাই ল'লে। তেওঁ আকৌ সুধিলে, তেখেতে আকৌ মুখ ঘূৰাই ল'লে। এইদৰে তেওঁ দ্বিতীয়বাৰ অথবা তৃতীয়বাৰ সুধিলে, তেতিয়া আশ্বআছ বিন ক্বাইছে তেওঁক টানি ধৰিলে। তেতিয়া তেখেতে ক'লেঃ "সিহঁতৰ কথা শুনিবা আৰু মানিবা, সিহঁতে যি কৰিব তাৰ প্ৰতিফল সিহঁতে ভোগ কৰিব আৰু তোমালোকে যি কৰিবা তাৰ প্ৰতিফল তোমালোকে ভোগ কৰিবা।"

يَا نَبِيَّ اللهِ، أَرَأَيْتَ إِنْ قَامَتْ عَلَيْنَا أُمَرَاءُ يَسْأَلُونَا حَقَّهُمْ وَيَمْنَعُونَا حَقَّنَا، فَمَا تَأْمُرُنَا؟ فَأَعْرَضَ عَنْهُ، ثُمَّ سَأَلَهُ، فَأَعْرَضَ عَنْهُ، ثُمَّ سَأَلَهُ فِي الثَّانِيَةِ أَوْ فِي الثَّالِثَةِ، فَجَذَبَهُ الْأَشْعَثُ بْنُ قَيْسٍ، وَقَالَ: «اسْمَعُوا وَأَطِيعُوا، فَإِنَّمَا عَلَيْهِمْ مَا حُمِّلُوا، وَعَلَيْكُمْ مَا حُمِّلْتُمْ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সেইসকল শাসকৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল, যিসকলে মানুহৰ পৰা নিজৰ হক ঠিকেই আদায় কৰে কিন্তু মানুহৰ হক সিহঁতে আদায় নিদিয়ে। উদাহৰণস্বৰূপে সিহঁতৰ প্ৰতি ইনচাফ নকৰে, সিহঁতক যুদ্ধলব্ধ সম্পদৰ অংশ নিদিয়ে, অন্যায় প্ৰতিহত নকৰে আৰু সকলোকে সমান চকুৰে নেদেখে। তেনেকুৱা শাসকৰ বিষয়ে আপুনি আমাক কি পৰামৰ্শ দিয়ে? প্ৰশ্নটো শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুখ ঘূৰাই ল'লে। যেনিবা তেখেতে বিষয়টো অপছন্দ কৰিছে। কিন্তু প্ৰশ্নকাৰীয়ে দুবাৰ অথবা তিনিবাৰ প্ৰশ্নটো কৰিলে। এই দেখি আশ্বআচ বিন ক্বাইছ ৰাদ্বিয়াল্লাহু আনহুৱে প্ৰশ্নকাৰীক টানি ধৰিলে, যাতে তেওঁ চুপ থাকে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তৰ প্ৰদান কৰি ক'লেঃ সিহঁতৰ কথা শুনিবা আৰু সিহঁতৰ নিৰ্দেশ পালন কৰিবা। কাৰণ নাগৰিকক ন্যায়, ইনচাফ আৰু সিহঁতৰ অধিকাৰ পূৰণৰ যি দায়িত্ব সিহঁতৰ ওপৰত আছে, তাৰ বাবে সিহঁতেই জবাবদিহি হ'ব লাগিব। আনহাতে আনুগত্য কৰা, প্ৰাপ্য অধিকাৰ আদায় দিয়া আৰু ধৈৰ্য্য ধাৰণ কৰা আদি হৈছে তোমালোকৰ দায়িত্ব, ইয়াৰ বাবে তোমালোকে জবাবদিহি হ'ব লাগিব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

সৰ্বাৱস্থাতে শাসকৰ নিৰ্দেশনা মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে, যদিও শাসকে নাগৰিকৰ অধিকাৰ আদায় নকৰে। কিন্তু চৰ্ত হৈছে সেইটো হ'ব লাগিব আল্লাহৰ সন্তুষ্টিমূলক কাম।

শাসকে নিজৰ দায়িত্ব পালনত ত্ৰুটি কৰিলেও তাৰ আঁত ধৰি নাগৰিকে নিজৰ দায়িত্ব পালনত অৱহেলা কৰা উচিত নহয়। কাৰণ প্ৰত্যেকেই নিজৰ নিজৰ দায়িত্ব সম্পৰ্কে জবাবদিহি হ'ব লাগিব। তাৰ ভুল ত্ৰুটি সম্পৰ্কে সোধ-পোচ কৰা হ'ব।

বিনিময়ৰ ওপৰত ধৰ্ম প্ৰতিষ্ঠিত নহয়, বৰং নিজৰ নিজৰ দায়িত্ব পালনৰ ওপৰত প্ৰতিষ্ঠিত, যদিও সন্মুখৰ ব্যক্তিয়ে নিজৰ কৰ্তব্য পালনত অৱহেলা কৰে। হাদীছটোত এইটোৱে উল্লেখ হৈছে।

সম্পাদক

ছহীহ মুছলিম (3/ 1474) (1846).

অধিক (8)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 719).

شرح رياض الصالحين.

لابن عثيمين (3/ 664).

تطريز رياض الصالحين.

لفيصل آل مبارك (ص432).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (1/ 553).