নিশ্চয় দ্বীন হৈছে সহজ-সৰল। দ্বীনি বিষয়ত যিয়েই উগ্ৰতা প্ৰদৰ্শন কৰে সি পৰাজিত হয়। এতেকে তোমালোকে মধ্যম পন্থা অৱলম্বন কৰা, আৰু মধ্যম পন্থাৰ নিকটৱৰ্তী থাকিবা
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"নিশ্চয় দ্বীন হৈছে সহজ-সৰল। দ্বীনি বিষয়ত যিয়েই উগ্ৰতা প্ৰদৰ্শন কৰে সি পৰাজিত হয়। এতেকে তোমালোকে মধ্যম পন্থা অৱলম্বন কৰা, আৰু মধ্যম পন্থাৰ নিকটৱৰ্তী থাকিবা, লগতে ছোৱাবৰ আশা পোষণ কৰিবা, আৰু পুৱা-গধূলি তথা ৰাতিৰ কিছু অংশত (ইবাদতৰ জৰিয়তে) সহায় প্ৰাৰ্থনা কৰা।"
«إِنَّ الدِّينَ يُسْرٌ، وَلَنْ يُشَادَّ الدِّينَ أَحَدٌ إِلَّا غَلَبَهُ، فَسَدِّدُوا وَقَارِبُوا، وَأَبْشِرُوا، وَاسْتَعِينُوا بِالْغَدْوَةِ وَالرَّوْحَةِ وَشَيْءٍ مِنَ الدُّلْجَةِ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, দ্বিনে ইছলাম সকলো ক্ষেত্ৰতে সহজ-সৰল। অপাৰগতাৰ সময়ত তথা প্ৰয়োজনতো ইয়াৰ বিধানবোৰ অত্যন্ত সহজ-সৰল। কাৰণ নম্ৰতা বা সৰলতাক পৰিহাৰ কৰি ধৰ্মীয় কামৰ গভীৰতালৈ সোমাই গ'লে অপাৰগতাই দেখা দিয়ে, অথবা কামটো সম্পূৰ্ণৰূপে বা আংশিকৰূপে বন্ধ হৈ পৰে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সীমালংঘনক পৰিহাৰ কৰি মধ্যম পন্থা অৱলম্বন কৰিবলৈ উৎসাহিত কৰিছে। গতিকে বান্দাক যিটো নিৰ্দেশ দিয়া হৈছে সেইক্ষেত্ৰত অৱহেলা কৰা উচিত নহয়। আনহাতে যিটো কৰিবলৈ সি সক্ষম নহয় তেনেকুৱা কাম জোৰজবৰদস্তি কৰাৰো প্ৰয়োজন নাই। এতেকে যদি সি কামটো পৰিপূৰ্ণৰূপে কৰিব নোৱাৰে তেন্তে যিমানখিনি সম্ভৱ সেইখিনি পালন কৰা উচিত। এইদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ধাৰাবাহিক নিয়মিতভাৱে পালন কৰা আমলৰ ছোৱাবৰ সুসংবাদ দিছে, যদিও সেয়া পৰিমাণত কম হয় আৰু সম্পূৰ্ণৰূপে আদায় কৰিবলৈও অক্ষম হয়। কিয়নো অপাৰগতা যিহেতু নিজৰ ফালৰ পৰা নহয়, সেয়ে ছোৱাবো হ্ৰাস কৰা নহয়। যিহেতু পৃথিৱীৰ জীৱন হৈছে এটা ভ্ৰমণৰ দৰে, ইয়াৰ গন্তব্য স্থান হৈছে আখিৰাত। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ধাৰাবাহিক নিয়মিত ইবাদতৰ জৰিয়তে তিনিটা সক্ৰিয় সময়ত সহায় প্ৰাৰ্থনা কৰাৰ নিৰ্দেশ দিছে। ১- আল-গাদৱাহঃ অৰ্থাৎ দিনৰ প্ৰথম ভাগত। এইটো হৈছে ফজৰৰ পিছৰ পৰা সূৰ্য্য উদয় হোৱাৰ আগমূহুৰ্তলৈকে। ২- আৰ-ৰাওহাঃ অৰ্থাৎ দুপুৰীয়া সূৰ্য্য ঢাল খোৱাৰ পিছত। ৩- আদ-দুলজাহঃ গোটেই ৰাতি অথবা ৰাতিৰ কিছু অংশত। কাৰণ দিনৰ আমলতকৈ ৰাতিৰ আমল অধিক কষ্টকৰ, সেয়ে ৰাতিৰ কিছু অংশত ইবাদত কৰাৰ কথা কৈছে।
ইছলামী চৰীয়ত অত্যন্ত সহজ-সৰল আৰু সহনশীল। এইটো চৰমপন্থা আৰু নৰমপন্থাৰ মাজত অৱস্থিত এটা মধ্যমপন্থা।
বান্দাই সাধ্যানুসৰি নিৰ্দেশসমূহ পালন কৰিব লাগে। কোনো ধৰণৰ অৱহেলা নকৰাকৈ আৰু কঠোৰতা অৱলম্বন নকৰাকৈ।
বান্দাই ইবাদতৰ বাবে সক্ৰিয় সময়ক চয়ন কৰা উচিত। বিশেষকৈ এই তিনিটা সময়ক, এই সময়ছোৱাত ইবাদত কৰিবলৈ শৰীৰ অধিক উপযোগী হৈ থাকে।
ইবনে হাজাৰ আছক্বালানীয়ে কৈছেঃ এনেকুৱা লাগে যেনিবা তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কোনো ভ্ৰমণকাৰীক তাৰ গন্তব্যস্থল দেখুৱাইছে। এই তিনিওটা সময় ভ্ৰমণকাৰীৰ বাবে উপযুক্ত সময়। সেয়ে তেখেতে এই তিনিটা সক্ৰিয় সময়ৰ প্ৰতি ইংগিত কৰিছে। কিয়নো ভ্ৰমণকাৰীয়ে যদি দিনে ৰাতি ভ্ৰমণৰত অৱস্থাত থাকে তেন্তে সি অপাৰগ হৈ পৰিব। আনহাতে সি যদি এই সক্ৰিয় সময়ত ভ্ৰমণ কৰে তেন্তে কোনো ধৰণৰ কষ্ট নোহোৱাকৈ কুশলে ভ্ৰমণ কৰিব পাৰিব।
ইবনু হাজাৰ ৰাহিমাহুল্লাহে কৈছেঃ এই হাদীছটোত চৰীয়তে দিয়া অব্যাহতি গ্ৰহণ কৰিবলৈ ইংগিত কৰা হৈছে। কিয়নো য'ত চৰীয়তে বিকল্প সুবিধা দিছে, সেইটো গ্ৰহণ নকৰি মূল বিধান অৱলম্বন কৰাটো হৈছে একপ্ৰকাৰ সীমালংঘন। উদাহৰণস্বৰূপে পানী ব্যৱহাৰ কৰিব নোৱাৰা ব্যক্তিক তায়াম্মুম কৰাৰ সুবিধা প্ৰদান কৰিছে, কাৰণ পানী ব্যৱহাৰ কৰিলে ক্ষতি হোৱাৰ আশংকা আছে, তথাপিও যদি তায়াম্মুম নকৰে তেন্তে এইটো হৈছে সীমালংঘন।
ইবনুল মুনজিৰে কৈছেঃ এই হাদীছটো হৈছে নুবুওৱতৰ এটা অন্যতম প্ৰতীক। আমিও দেখিছোঁ আৰু আমাৰ পূৰ্বে অতিবাহিত সকলো লোকেই দেখিছে যে, যিয়েই ধৰ্মীয় ক্ষেত্ৰত কঠোৰতা অৱলম্বন কৰিছে তথা সীমালংঘন কৰিছে সিয়েই পৰাজিত হৈছে। কিন্তু ইয়াৰ দ্বাৰা পৰিপূৰ্ণৰূপে ইবাদত কৰিবলৈ নিষেধ কৰা হোৱা নাই, কাৰণ এইটো হৈছে এটা প্ৰশংসাযোগ্য কাম। বৰং সীমালংঘনৰ পৰা নিষেধ কৰা হৈছে, এইদৰে উত্তম পথ এৰি নিজকে কষ্টত ৰাখিবলৈ নিষেধ কৰা হৈছে, এইদৰে ফৰজ নামাজত অৱহেলা কৰিবলৈ নিষেধ কৰা হৈছে, যেনে- গোটেই ৰাতি তাহাজ্জুদত ব্যস্ত থাকি ফজৰৰ সময়ত টোপনি যোৱা। অথবা ফৰজ নামাজৰ সময় গুচি যোৱাৰ পিছত তথা সূৰ্য্য উদয় হোৱাৰ পিছত ফজৰৰ নামাজ আদায় কৰা।
ছহীহ বুখাৰী (1/ 16) (39).
অধিক (4)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 219).
تطريز رياض الصالحين.
لفيصل آل مبارك (ص115).
গ্ৰন্থসমূহত উল্লেখিত
4 গ্ৰন্থসমূহঅধিক (4)
- الأسئلة المختارة من قاموس الأسئلة الشائعة حول الإسلامقسم الإسلام(إن الدين يسر، ولن يشاد الدين أحد إلا غلبه، فسددوا وقاربوا، وأبشروا، واستعينوا بالغدوة والروحة وشيء من الدلجة).
- التسليم للنص الشرعي والمعارضات الفكرية المعاصرة04 التسليم للنص الشرعي - الفصل الثالث حتى القصل الرابع"إن الدين يسر، ولن يشاد الدين أحد إلا غلبه."
- الحديث زاد 4الحديث 4«واسْتَعِينُوا بِالغَدْوَةِ والرَّوْحَةِ وَشَيْءٍ منَ الدُّلْجَةِ».
- موسوعة الأسئلة (المجموعة الأولى)«إِنَّ الدِّينَ يُسْرٌ، وَلَنْ يُشَادَّ الدِّينَ أَحَدٌ إِلَّا غَلَبَهُ، فَسَدِّدُوا وَقَارِبُوا، وَأَبْشِرُوا، وَاسْتَعِينُوا بِالْغَدْوَةِ وَالرَّوْحَةِ وَشَيْءٍ مِنَ الدُّلْجَةِ».