Skip to content

ৰাতিৰ শেষ তৃতীয়াংশ বাকী থাকোঁতে দৈনিক ৰাতি আমাৰ বৰকতময় মহান প্ৰতিপালকে পৃথিৱীৰ আকাশত অৱতৰণ কৰি কয়

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

ৰাতিৰ শেষ তৃতীয়াংশ বাকী থাকোঁতে দৈনিক ৰাতি আমাৰ বৰকতময় মহান প্ৰতিপালকে পৃথিৱীৰ আকাশত অৱতৰণ কৰি কয়, আছেনে কোনোবা যিয়ে মোৰ ওচৰত দুআ কৰিব মই তাৰ দুআ কবূল কৰিম? যিয়ে মোৰ ওচৰত কিবা বিচাৰিব মই তাক দান কৰিম? আছেনে কোনোবা যিয়ে মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব মই তাক ক্ষমা কৰিম?

«يَنْزِلُ رَبُّنَا تَبَارَكَ وَتَعَالَى كُلَّ لَيْلَةٍ إِلَى السَّمَاءِ الدُّنْيَا حِينَ يَبْقَى ثُلُثُ اللَّيْلِ الْآخِرُ، يَقُولُ: «مَنْ يَدْعُونِي فَأَسْتَجِيبَ لَهُ؟ مَنْ يَسْأَلُنِي فَأُعْطِيَهُ؟ مَنْ يَسْتَغْفِرُنِي فَأَغْفِرَ لَهُ؟».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে প্ৰত্যেক ৰাতিৰ শেষ তৃতীয়াংশত পৃথিৱীৰ আকাশলৈ নামি আহে আৰু তেওঁৰ বান্দাসকলক দুআ কৰিবলৈ উৎসাহিত কৰে যে তেওঁ দুআকাৰীৰ দুআ কবূল কৰিবলৈ প্ৰস্তুত, লগতে সিহঁতক নিজৰ প্ৰয়োজন পূৰণৰ বাবে আবেদন কৰিবলৈ উৎসাহিত কৰি কয় যে, যিয়ে তেওঁৰ ওচৰত কিবা খুজিব, তেওঁ তাক প্ৰদান কৰিব। এইদৰে তেওঁ সিহঁতক গুনাহৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰি কয় যে, তেওঁ মুমিন বান্দাসকলক ক্ষমা কৰি দিয়ে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ৰাতিৰ শেষ তৃতীয়াংশত নামাজ আৰু দুআ কৰাৰ তথা ক্ষমা প্ৰাৰ্থনা কৰাৰ গুৰুত্ব।

এই হাদীছ শুনাৰ পিছত প্ৰত্যেক ব্যক্তিয়ে দুআ কবূল হোৱা সময়ৰ সদ্ব্যৱহাৰ কৰা উচিত।

সম্পাদক

ছহীহ মুছলিম (1/ 521) (758).

অধিক (3)

صحيح البخاري صحيح البخاري (2/ 53) (1145).

الإفصاح عن معاني الصحاح.

ليحيى بن هبيرة (6/ 195).