সেই সত্তাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে। এই ছুৰাটো হৈছে সমগ্ৰ কোৰআনৰ এক তৃতীয়াংশৰ সমান।
আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
এজন ব্যক্তিয়ে আন এজন ব্যক্তিক (ক্বুল হুৱাল্লাহু আহাদ) বাৰে বাৰে পাঠ কৰা শুনিলে। পিছদিনা পুৱাৰ ভাগত তেওঁ বিষয়টো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক জনালে। ব্যক্তিজনে বিষয়টোক নগণ্য জ্ঞান কৰিছিল। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "সেই সত্তাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে। এই ছুৰাটো হৈছে সমগ্ৰ কোৰআনৰ এক তৃতীয়াংশৰ সমান।"
أَنَّ رَجُلًا سَمِعَ رَجُلًا يَقْرَأُ: {قُلْ هُوَ اللَّهُ أَحَدٌ} يُرَدِّدُهَا، فَلَمَّا أَصْبَحَ جَاءَ إِلَى رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَذَكَرَ ذَلِكَ لَهُ، وَكَأَنَّ الرَّجُلَ يَتَقَالُّهَا، فَقَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «وَالَّذِي نَفْسِي بِيَدِهِ إِنَّهَا لَتَعْدِلُ ثُلُثَ القُرْآنِ».
হাদীছটোত আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে যে, এজন ব্যক্তিয়ে আন এজন ব্যক্তিক (ক্বুল হুৱাল্লাহু আহাদ) প্ৰত্যেক ৰাতিত বাৰে বাৰে পাঠ কৰা শুনা পায়, তেওঁ ইয়াতকৈ বেছি নপঢ়ে। পিছদিনা পুৱাৰ ভাগত তেওঁ বিষয়টো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক জনালে। ব্যক্তিজনে বিষয়টোক একেবাৰে কম বুলি জ্ঞান কৰিছিল। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বিষয়টোৰ গুৰুত্ব বুজাই ক'লেঃ সেই সত্তাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে। এই ছুৰাটো হৈছে সমগ্ৰ কোৰআনৰ এক তৃতীয়াংশৰ সমান।
হাদীছটোত ছুৰা ইখলাচৰ ফজীলত বৰ্ণিত হৈছে। এই ছুৰাটো হৈছে এক তৃতীয়াংশ কোৰআনৰ সমান।
তাহাজ্জুদত তিলাৱত কৰাৰ বৈধতা, যদিও কম আয়াতে নহওক কিয়, সেইবোৰ বাৰে বাৰে পঢ়িলেও কোনো অসুবিধা নাই, তথা ইয়াক নগণ্য বুলি ভাবাও ঠিক নহয়।
মাঝিৰিয়ে কৈছেঃ কোৱা হৈছে যে, ইয়াৰ দ্বাৰা বুজা যায় যে, কোৰআনক সাধাৰণতে তিনিটা ভাগত ভাগ কৰিব পাৰি। পূৰ্বৱৰ্তী উম্মতৰ বৰ্ণনা, বিধি-বিধান আৰু আল্লাহৰ চিফাত বা গুণাৱলী। এতেকে {قُلْ هُوَ اللَّهُ أَحَدٌ}ত যিহেতু আল্লাহৰ চিফাত উল্লেখ হৈছে, সেয়ে এইটো কোৰআনৰ এক তৃতীয়াংশ। আন কিছুমানে কৈছেঃ ইয়াৰ অৰ্থ হৈছে, এই ছুৰা তিলাৱত কৰিলে এক তৃতীয়াংশ কোৰআন তিলাৱত কৰাৰ সমান ছোৱাব বৃদ্ধি কৰি দিয়া হয়।
ছহীহ বুখাৰী (6/ 189) (5013).
অধিক (1)
إرشاد الساري لشرح صحيح البخاري (7/ 463).
গ্ৰন্থসমূহত উল্লেখিত
3 গ্ৰন্থসমূহঅধিক (3)
- ما لا يسع أطفال المسلمين جهله«وَالَّذِي نَفْسِي بِيَدِهِ! إِنَّهَا لَتَعْدِلُ ثُلُثَ القُرْآنِ»[75].
- مجالس تدارس القرآن للمبتدئين (سورة الفاتحة وقصار المفصّل)1وأخرج البخاري عن أبي سعيد الخدري -رضي الله عنه- : « أن رجلا سمع رجلا يقرأ: قل هو الله أحد يرددها، فلما أصبح جاء إلى رسول الله ﷺ فذكر ذلك له، وكأن الرجل يتقالّها، فقال رسول الله ﷺ: والذي نفسي بيده إنها لتعدل ثلث القرآن »([140]).
- موسوعة الإيمانفعَنْ أَبِي سَعِيدٍ الخُدْرِيِّ رضي الله عنه: أَنَّ رَجُلًا سَمِعَ رَجُلًا يَقْرَأُ: {قُلْ هُوَ اللَّهُ أَحَد} أَحَدٌ، يُرَدِّدُهَا. فَلَمَّا أَصْبَحَ جَاءَ إِلَى رَسُولِ اللَّهِ صلى الله عليه وسلم فَذَكَرَ ذَلِكَ لَهُ، وَكَأَنَّ الرَّجُلَ