Skip to content

নিশ্চয় মই নৈতিকতাক তথা উত্তম চৰিত্ৰক পূৰ্ণতা প্ৰদান কৰিবলৈ নবী হিচাপে আগমন কৰিছোঁ।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"নিশ্চয় মই নৈতিকতাক তথা উত্তম চৰিত্ৰক পূৰ্ণতা প্ৰদান কৰিবলৈ নবী হিচাপে আগমন কৰিছোঁ।"

«إِنَّمَا بُعِثْتُ لِأُتَمِّمَ مَكَارِمَ الْأَخْلَاقِ».

বুখাৰীয়ে আল-আদাবুল মুফৰাদত বৰ্ণনা কৰিছে, লগতে আহমদ আৰু বাইহাকীয়েও বৰ্ণনা কৰিছে।
হাছান
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা জনাইছে যে, সৰ্বশক্তিমান আল্লাহে তেখেতক এই কাৰণে প্ৰেৰণ কৰিছে, যাতে তেখেতে উত্তম চৰিত্ৰ আৰু নৈতিকতাক পূৰ্ণতা দান কৰিব পাৰে। লগতে পূৰ্বৱৰ্তী ৰাছুলসকলৰ শিক্ষাক পূৰ্ণতা প্ৰদান কৰিবলৈ আৰু আৰবীয়ানসকলৰ ভাল স্বভাৱক পূৰ্ণতা প্ৰদান কৰিবলৈ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰা হৈছে। তেওঁলোকে কল্যাণক পছন্দ কৰিছিল আৰু অনিষ্টক অপছন্দ কৰিছিল। তেওঁলোক আছিল বাহাদুৰ, উদাৰ আৰু সন্মানীয়। সেয়ে তেওঁলোকৰ মাজত থকা কিছুমান ত্ৰুটিক সংশোধন কৰিবলৈ তেখেতক প্ৰেৰণ কৰা হৈছিল, যেনে- বংশকলৈ গৌৰৱ কৰা, অহংকাৰ কৰা, দুখীয়া দৰিদ্ৰক তুচ্ছ জ্ঞান কৰা আদি।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

উত্তম চৰিত্ৰ আৰু নৈতিকতা অৱলম্বনৰ প্ৰতি উৎসাহিত কৰা হৈছে, আৰু ইয়াৰ পৰিপন্থী বিষয়ৰ পৰা নিষেধ কৰা হৈছে।

ইছলামত উত্তম চৰিত্ৰক গুৰুত্ব প্ৰদান কৰা হৈছে তথা ইয়াক অগ্ৰাধিকাৰ দিয়া হৈছে।

অজ্ঞতা যুগৰ লোকসকলৰ মাজতো উত্তম চৰিত্ৰ অৱশিষ্ট আছিল। যেনে- উদাৰতা, বাহাদুৰী আদি। ইছলামে এইবোৰক পূৰ্ণতা প্ৰদান কৰিছে।

সম্পাদক

মুছনাদ আহমদ (14/ 512) (8952).

বাইহাকীৰ আচ-ছুনানুল কুবৰা (10/ 191) (20819).

অধিক (2)

আল-আদাব আল-মুফৰাদ (ص104) (273).

عمدة القاري شرح صحيح البخاري (22/ 118).