Skip to content

মুহাম্মাদৰ পৰিয়ালৰ ওচৰলৈ বহুতো মহিলাই নিজৰ স্বামীৰ বিৰুদ্ধে অভিযোগ লৈ আহিছে। এতেকে তোমালোকৰ মাজৰ যিসকলে নিজৰ স্ত্ৰীক প্ৰহাৰ কৰে, সিহঁত তোমালোকৰ মাজত উত্তম নহয়।

ইয়াছ বিন আব্দুল্লাহ বিন আবি জুবাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"আল্লাহৰ বান্দীহঁতক (স্ত্ৰীহঁতক) প্ৰহাৰ নকৰিবা।" ইয়াৰ পিছত ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)এ ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গৈ ক’লে, স্ত্ৰীসকলে স্বামীৰ অবাধ্য হৈ পৰিছে। তেতিয়া তেখেতে স্ত্ৰীক মৃদু প্ৰহাৰ কৰাৰ অনুমতি প্ৰদান কৰিলে। তাৰ পিছত বহুতো মহিলাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰিয়ালৰ ওচৰলৈ নিজৰ স্বামীৰ বিৰুদ্ধে অভিযোগ লৈ আহিবলৈ ধৰিলে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, "মুহাম্মাদৰ পৰিয়ালৰ ওচৰলৈ বহুতো মহিলাই নিজৰ স্বামীৰ বিৰুদ্ধে অভিযোগ লৈ আহিছে। এতেকে তোমালোকৰ মাজৰ যিসকলে নিজৰ স্ত্ৰীক প্ৰহাৰ কৰে, সিহঁত তোমালোকৰ মাজত উত্তম নহয়।"

«لَا تَضْرِبُوا إِمَاءَ اللَّهِ» فَجَاءَ عُمَرُ إِلَى رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَقَالَ: ذَئِرْنَ النِّسَاءُ عَلَى أَزْوَاجِهِنَّ، فَرَخَّصَ فِي ضَرْبِهِنَّ، فَأَطَافَ بِآلِ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ نِسَاءٌ كَثِيرٌ يَشْكُونَ أَزْوَاجَهُنَّ، فَقَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «لَقَدْ طَافَ بِآلِ مُحَمَّدٍ نِسَاءٌ كَثِيرٌ يَشْكُونَ أَزْوَاجَهُنَّ، لَيْسَ أُولَئِكَ بِخِيَارِكُمْ».

আবু দাউদ আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্ত্ৰীসকলক প্ৰহাৰ কৰিবলৈ নিষেধ কৰিছে। এই কথা শুনাৰ পিছত আমীৰুল মুমিনীন ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! নাৰীসকলে নিজৰ স্বামীৰ প্ৰতি অবাধ্য হৈ পৰিছে, আৰু সিহঁতৰ চাৰিত্ৰিক অৱস্থাৰ অৱনতি ঘটিছে। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্ত্ৰীসকলক মৃদু প্ৰহাৰ কৰাৰ অনুমতি প্ৰদান কৰিলে, যদিহে উচিত কোনো কাৰণ থাকে, কিন্তু কঠোৰভাৱে নহয়। উদাহৰণস্বৰূপে স্বামীৰ অধিকাৰ পূৰণত অস্বীকাৰ কৰিলে, বা স্বামীৰ অবাধ্যতা কৰিলে। ইয়াৰ কিছুদিন পিছত মহিলাসকলে অভিযোগলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলৰ ওচৰলৈ আহিবলৈ ধৰিলে যে, তেওঁলোকৰ স্বামীয়ে প্ৰচণ্ড মাৰপিট কৰে, লগতে তেওঁলোকে এই অনুমতিৰ অপব্যৱহাৰ কৰি আছে। এই অভিযোগ শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ যিসকল পুৰুষে নিজৰ স্ত্ৰীসকলক প্ৰচণ্ড মাৰপিট কৰে, সিহঁত তোমালোকৰ মাজত উত্তম নহয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত নাৰীসকলৰ সৈতে ভাল আচৰণ কৰাৰ ফজীলত বৰ্ণিত হৈছে, আৰু সিহঁতৰ প্ৰতি ধৈৰ্য্যশীল হ'বলৈ কোৱা হৈছে। স্ত্ৰীক প্ৰহাৰ কৰাতকৈ উপেক্ষা কৰাটো বেছি উত্তম।

মহান আল্লাহে নুশূজ (স্ত্ৰীৰ অবাধ্যতা)ৰ প্ৰতিকাৰ হিচাপে প্ৰহাৰ কৰাটোক একেবাৰে শেষৰ স্তৰত ৰাখিছে, তেওঁ কৈছে: "আৰু তোমালোকে স্ত্ৰীসকলৰ মাজত যিসকলৰ অবাধ্যতাৰ আশংকা কৰা সিহঁতক সদুপদেশ দিয়া, আৰু সিহঁতৰ শয্যা বৰ্জন কৰা লগতে সিহঁতক প্ৰহাৰ কৰা। যদি সিহঁতে তোমালোকৰ অনুগত হয় তেন্তে সিহঁতৰ বিৰুদ্ধে কোনো পথ অন্বেষণ নকৰিবা। নিশ্চয় আল্লাহ শ্ৰেষ্ঠ, মহান।" (ছুৰা আন-নিছাঃ ৩৪) এই তিনিওটা হৈছে পৰ্যায়ক্ৰমে ব্যৱহাৰ কৰিবলগীয়া বিষয়, (এটাৰ পিছত আনটো), একেলগে কাৰ্যকৰী কৰা উচিত নহয়। প্ৰথমেঃ উপদেশ দিব লাগে —সজ পৰামৰ্শ, আৰু সতৰ্ক কৰিব লাগে। যদি ইয়াৰ দ্বাৰা কাম হয়, তেন্তে আলহামদুলিল্লাহ। দ্বিতীয়তে যদি উপদেশৰ দ্বাৰা কাম নহয়, তেন্তে শয্যা পৃথক কৰিব লাগে। তৃতীয়তে, যদি ইয়াৰ দ্বাৰাও কাম নহয়, তেন্তে শাসনমূলক প্ৰহাৰ কৰিব লাগে—কিন্তু এইটো যাতে প্ৰতিশোধমূলক প্ৰহাৰ নহয়।

পুৰুষ হৈছে ঘৰৰ দায়িত্বশীল ব্যক্তি। গতিকে পুৰুষে হিকমতৰ সৈতে আৰু উত্তম উপদেশৰ জৰিয়তে নিজৰ অধীনস্থসকলক লালন-পালন কৰিব লাগে আৰু শাসন কৰিব লাগে।

ফতোৱাৰ ক্ষেত্ৰত ইয়াৰ পৰিণাম আৰু পৰিণতি সম্পৰ্কে জানিবলৈ কোনো আলিমৰ সৈতে পৰামৰ্শ কৰা বৈধ।

অভিযোগকাৰী ক্ষতিগ্ৰস্ত হ'লে শাসক বা আলিমৰ ওচৰত অভিযোগ কৰা বৈধ।

সম্পাদক

ছুনান আবি দাঊদ (3/ 479) (2146).

ছুনান ইবনে মাজাহ (3/ 152) (1985).

অধিক (4)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 363).

مرقاة المفاتيح.

لعلي القاري (5/ 2127).