কোৱা, হে আল্লাহ! মোক হিদায়ত দিয়া আৰু সঠিক পথত পৰিচালিত কৰা। তেখেতে আৰু কৈছে, সঠিক পথ প্ৰদৰ্শনৰ ক্ষেত্ৰত হিদায়তৰ কথা মনত ৰাখিবা, লগতে সঠিক পথত পৰিচালিত হোৱাৰ ক্ষেত্ৰত ধনুকৰ কাঁড়ৰ কথা মনত ৰাখিবা।
আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক কৈছেঃ
"কোৱা, হে আল্লাহ! মোক হিদায়ত দিয়া আৰু সঠিক পথত পৰিচালিত কৰা। তেখেতে আৰু কৈছে, সঠিক পথ প্ৰদৰ্শনৰ ক্ষেত্ৰত হিদায়তৰ কথা মনত ৰাখিবা, লগতে সঠিক পথত পৰিচালিত হোৱাৰ ক্ষেত্ৰত ধনুকৰ কাঁড়ৰ কথা মনত ৰাখিবা।"
«قُلِ اللهُمَّ اهْدِنِي وَسَدِّدْنِي، وَاذْكُرْ بِالْهُدَى هِدَايَتَكَ الطَّرِيقَ، وَالسَّدَادِ سَدَادَ السَّهْمِ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আলী ৰাদ্বিয়াল্লাহু আনহুক নিৰ্দেশ দিছে যে, তেওঁ যেন আল্লাহৰ ওচৰত এই বুলি দুআ কৰে, (اللهم اهدني) হে আল্লাহ! মোক হিদায়ত দিয়া, সঠিক পথ দেখুৱা। (وسددني) মোক তাওফীক দিয়া আৰু মোৰ সকলো ক্ষেত্ৰতে মোক পোন পথত পৰিচালিত কৰিবা। فالهُدَى হিদায়ত হৈছে, সংক্ষিপ্তভাৱে আৰু বিতংভাৱে সত্য সম্পৰ্কে অৱগত হোৱা। লগতে প্ৰকাশ্য আৰু অপ্ৰকাশ্যভাৱে সত্যৰ অনুসৰণ কৰাৰ তাওফীক লাভ কৰা। والسّداد: কোৱা হয়, সকলো ক্ষেত্ৰতে সঠিক পথত পৰিচালিত হোৱাৰ তাওফীক লাভ কৰা। অৰ্থাৎ কথা, কৰ্ম আৰু বিশ্বাসৰ ক্ষেত্ৰত সঠিক পথত পৰিচালিত হোৱা। ভাৱাত্মক বিষয়ক অনুভূতিসূচক বিষয়ৰ দ্বাৰা স্পষ্ট কৰিব পৰা যায়। যেতিয়া তুমি এই দুআ কৰিবা তেতিয়া মনত ৰাখিবা যে, (الهدى: هدايتك الطريق) তুমি এনেকৈ আন্তৰিকভাৱে হিদায়ত বিচাৰি আছা, যেনেকৈ ভ্ৰমণকাৰীয়ে সঠিক পথ কামনা কৰে। সি কোনো পথৰ সোঁফালে বা বাওঁফালে বিভ্ৰান্ত হ'ব নোখোজে। যাতে সি পথভ্ৰষ্ট নহয়। ফলত সি সুৰক্ষিত থাকে আৰু সোনকালেই নিজৰ গন্তব্যস্থলত গৈ পায়। (والسداد: سداد السهم) অৰ্থাৎ যেতিয়া তুমি ধনুকৰ কাঁড়েৰে কোনো বস্তুক লক্ষ্য হিচাপে লোৱা, তেতিয়া তোমাৰ মনোযোগ থাকে যে, কাঁড়টো গৈ সেই লক্ষ্যস্থানক ভেদ কৰক। এতেকে তীৰ নিক্ষেপকাৰীৰ উদ্দেশ্য যেনেকৈ লক্ষ্যস্থানক ভেদ কৰা হয়, ঠিক সেইদৰে তুমি আল্লাহৰ ওচৰত লক্ষ্য নিশ্চিত কৰি দুআ কৰিবা যেন আল্লাহে তোমাক সঠিক পথত পৰিচালিত কৰে। তোমাৰ প্ৰাৰ্থনাৰ মূল লক্ষ্য হোৱা উচিত হিদায়ত আৰু সঠিক পথ অৰ্জন। এই অৰ্থটো তোমাৰ অন্তৰত ৰাখিবা, যাতে তুমি যেতিয়া আল্লাহৰ ওচৰত সঠিক পথ কামনা কৰি দুআ কৰিবা, তেতিয়া তোমাৰ নিয়্যতো সেইদৰে পোন আৰু সঠিক হ'ব লাগিব যিদৰে লক্ষ্যস্থান ভেদ কৰিবলৈ তুমি তীৰ নিক্ষেপ কৰা।
ইছলামৰ প্ৰতি আহ্বানকাৰী ব্যক্তিয়ে নিৰ্ভেজাল নিয়্যত আৰু ছুন্নতক মজবুতভাৱে ধাৰণ কৰি নিজৰ আমল সংশোধন কৰাৰ ক্ষেত্ৰত আগ্ৰহী হোৱা উচিত।
সঠিক পথৰ তাওফীক বিচাৰি এইবোৰ গভীৰ অৰ্থপূৰ্ণ শব্দৰ জৰিয়তে দুআ কৰিলে দুআ দ্ৰুত কবূল হয়।
বান্দাই সকলো ক্ষেত্ৰতে আল্লাহৰ সহায় প্ৰাৰ্থনা কৰা উচিত।
শিক্ষাৰ ক্ষেত্ৰত উদাহৰণৰ জৰিয়তে বুজাব লাগে।
হিদায়ত কামনা কৰা আৰু অৱস্থাৰ সংশোধন বিচৰা, ইয়াৰ ওপৰত অটল থকা আৰু এক পলৰ কাৰণেও বিভ্ৰান্ত নোহোৱা, লগতে শেষ পৰিণতিৰ সংশোধন আদি একেলগে প্ৰাৰ্থনা কৰা হৈছে। এতেকে কোৱা হৈছেঃ "اهدني" অৰ্থাৎ হে আল্লাহ! মোক সকলো ক্ষেত্ৰতে হিদায়ত প্ৰদান কৰা। লগতে কোৱা হৈছেঃ "وسددني" অৰ্থাৎ সেই হিদায়তৰ পৰা যাতে মই ফালৰি কাটি নাযাওঁ তাৰ পৰা মোক সুৰক্ষিত ৰখা।
আহ্বানকাৰীয়ে নিজৰ দুআৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত। লগতে দুআৰ অৰ্থক নিজৰ অন্তৰত অনুভৱ কৰা উচিত, এইটোও হৈছে দুআ কবূল হোৱাৰ অন্যতম উপায়।
ছহীহ মুছলিম (4/ 2090) (2725).
অধিক (6)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 546).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (2/ 1006).
كنوز رياض الصالحين.
لمجموعة من الباحثين (17/ 383).