অনাগত সময়ত প্ৰাধান্য দিয়াৰ ক্ষেত্ৰত অন্যায় কৰা হ'ব আৰু এনেকুৱা কিছুমান বিষয় সন্মুখলৈ আহিব যিবোৰক তোমালোকে অপছন্দ কৰিবা।" তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! তেনেকুৱা পৰিস্থিতি সম্পৰ্কে আপুনি আমাক কি উপদেশ দিয়ে? তেখেতে ক'লেঃ "তোমালোকে নিজৰ দায়িত্ব পালন কৰিবা আৰু নিজৰ অধিকাৰ আল্লাহৰ ওচৰত বিচাৰিবা।
ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"অনাগত সময়ত প্ৰাধান্য দিয়াৰ ক্ষেত্ৰত অন্যায় কৰা হ'ব আৰু এনেকুৱা কিছুমান বিষয় সন্মুখলৈ আহিব যিবোৰক তোমালোকে অপছন্দ কৰিবা।" তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! তেনেকুৱা পৰিস্থিতি সম্পৰ্কে আপুনি আমাক কি উপদেশ দিয়ে? তেখেতে ক'লেঃ "তোমালোকে নিজৰ দায়িত্ব পালন কৰিবা আৰু নিজৰ অধিকাৰ আল্লাহৰ ওচৰত বিচাৰিবা।"
«سَتَكُونُ أَثَرَةٌ وَأُمُورٌ تُنْكِرُونَهَا» قَالُوا: يَا رَسُولَ اللَّهِ فَمَا تَأْمُرُنَا؟ قَالَ: «تُؤَدُّونَ الحَقَّ الَّذِي عَلَيْكُمْ، وَتَسْأَلُونَ اللَّهَ الَّذِي لَكُمْ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইংগিত কৰিছে যে, অনাগত সময়ত এনেকুৱা লোকে মুছলিমসকলৰ ওপৰত শাসন কৰিব যিসকলে মুছলিমসকলৰ ধন-সম্পত্তি নিজৰ ইচ্ছামতে ব্যয় কৰিব আৰু মুছলিমসকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব। লগতে সিহঁতে ধৰ্ম সম্পৰ্কীয় এনেকুৱা কিছুমান কাম কৰিব, যিবোৰ তোমালোকে অপছন্দ কৰিবা। এই কথা শুনি চাহাবাসকলে তেখেতক সুধিলেঃ এনেকুৱা পৰিস্থিতিত আমি কি কৰা উচিত? ইয়াৰ উত্তৰত তেখেতে ক'লে যে, ৰাজহুৱা সম্পত্তিক সিহঁতৰ নিজৰ ইচ্ছা মতে ব্যয় কৰা কাৰ্য্যত ক্ষুণ্ণ হৈ তোমালোকে নিজৰ দায়িত্ব পালনত অৱহেলা নকৰিবা অৰ্থাৎ সিহঁতৰ নিৰ্দেশনা পালনত গা এৰা নিদিবা। বৰং তোমালোকে ধৈৰ্য্য ধাৰণ কৰিবা আৰু সিহঁতৰ কথা মানিবা, সিহঁতৰ সৈতে বিবাদ নকৰিবা। নিজৰ অধিকাৰ আল্লাহৰ ওচৰত বিচাৰিবা। লগতে আল্লাহৰ ওচৰত দুআ কৰিবা আল্লাহে যেন সিহঁতক সংশোধন কৰে আৰু সিহঁতৰ অনিষ্টতাৰ পৰা তোমালোকক ৰক্ষা কৰে।
الأَثَرَة: الاستئثار عليهم بأمور الدنيا والانفراد بها، عمن له فيه حق.
এই হাদীছটো হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ অন্যতম এটা গুৰুত্বপূৰ্ণ প্ৰমাণ। কাৰণ ইয়াত তেখেতে তেখেতৰ উম্মতত হ'বলগীয়া এনেকুৱা এটা বিষয় সম্পৰ্কে সংবাদ দিছে যিটো পৰৱৰ্তী সময়ত সেইদৰেই সন্মুখলৈ আহিছে।
কোনো ব্যক্তিৰ ওপৰত আহিবলগীয়া বিপদ সম্পৰ্কে কোনোবাই অৱগত থাকিলে তাক সেই বিষয়ে জনাই দিয়া উচিত। যাতে তেওঁ সেই বিষয়ে প্ৰস্তুত থাকিব পাৰে আৰু সেই বিপদ দেখা দিলে ধৈৰ্য্য ধৰিব পাৰে আৰু ছোৱাব কামনা কৰিব পাৰে।
ফিতনা আৰু মতভেদৰ পৰা ওলোৱাৰ উপায় হৈছে কোৰআন আৰু হাদীছক মজবুতভাৱে ধাৰণ কৰা।
উত্তম পন্থাৰে শাসকসকলৰ কথা মানিবলৈ উৎসাহিত কৰা হৈছে। লগতে সিহঁতে অত্যাচাৰ কৰিলেও সিহঁতৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ নিষেধ কৰিছে।
ফিতনাৰ সময়ত বিশেষকৈ ছুন্নতৰ অনুসৰণ কৰিব লাগে আৰু হিকমত অনুযায়ী পদক্ষেপ লব লাগে।
মানুহে নিজৰ কৰ্তব্য পালনত কেতিয়াও অৱহেলা কৰা উচিত নহয়। যদিও তাৰ ওপৰত কিছু পৰিমাণ অত্যাচাৰ হয়।
এই হাদীছটোত এই নীতিৰ প্ৰমাণ পোৱা যায় যে, যদি দুটা বেয়া কৰ্মৰ সন্মুখীন হয় তেন্তে কম পৰিমাণ গুনাহৰ বিষয়টো গ্ৰহণ কৰিব লাগে। এইদৰে যদি দুটা ক্ষতিকৰ বিষয় থাকে তেন্তে তাৰ পৰা সদায় কম ক্ষতিকৰ বিষয়টোক চয়ন কৰিব লাগে।
ছহীহ বুখাৰী (4/ 199) (3603).
ছহীহ মুছলিম (3/ 1472) (1843).
অধিক (10)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 720).
تطريز رياض الصالحين.
لفيصل آل مبارك (ص52).
كنوز رياض الصالحين.
لمجموعة من الباحثين (9/ 402).
شرح رياض الصالحين.
لابن عثيمين (1/ 280).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 554).