Skip to content

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআটো পঢ়িছিলঃ "ৰাব্বিগফিৰ লী, ৰাব্বিগফিৰ লী।

হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআটো পঢ়িছিলঃ "ৰাব্বিগফিৰ লী, ৰাব্বিগফিৰ লী।"

أَنَّ النَّبِيَّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ كَانَ يَقُولُ بَيْنَ السَّجْدَتَيْنِ: «رَبِّ اغْفِرْ لِي، رَبِّ اغْفِرْ لِي».

(আবু দাঊদ, ইবনে মাজাহ, নাছায়ী, আহমদ)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজৰ বৈঠকত এই দুআটো বাৰে বাৰে পঢ়িছিল, "ৰাব্বিগফিৰ লী, ৰাব্বিগফিৰ লী।" ৰাব্বিগফিৰ লীৰ অৰ্থ হৈছে, বান্দাই আল্লাহৰ ওচৰত নিজৰ গুনাহ মাৰ্জনাৰ আবেদন কৰা তথা দোষ-ত্ৰুটি গোপন ৰখাৰ প্ৰাৰ্থনা কৰা।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ফৰজ হওক বা নফল নামাজ, দুই ছাজদাৰ মাজত এই দুআ পাঠ কৰাটো চৰীয়ত অনুমোদিত।

ৰাব্বিগফিৰ লী, এবাৰ পাঠ কৰা ওৱাজিব, বাৰে বাৰে পাঠ কৰাটো মুস্তাহাব।

সম্পাদক

ছুনান আবি দাঊদ (2/ 154) (874).

ছুনান নাছায়ী (2/ 231) (1145).

ছুনান ইবনে মাজাহ (2/ 64) (897).

মুছনাদ আহমদ (38/ 392) (23375).

অধিক (1)

نيل الأوطار (2/ 305).