যিয়ে কোনো এনেকুৱা বেমাৰী ব্যক্তিক সাক্ষাৎ কৰিবলৈ যায়, যাৰ মৃত্যুৰ সময় উপস্থিত হোৱা নাই, তেনেকুৱা বেমাৰীৰ ওচৰত এই দুআটো সাতবাৰ পাঠ কৰিব লাগেঃ আছআলুল্লাহাল আজীম, ৰাব্বাল আৰশ্বিল আজীম, আঁইয়্যাশ্বফীক। ফলত আল্লাহে তাক সেই বেমাৰৰ পৰা শ্বিফা দান কৰিব।
আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে কোনো এনেকুৱা বেমাৰী ব্যক্তিক সাক্ষাৎ কৰিবলৈ যায়, যাৰ মৃত্যুৰ সময় উপস্থিত হোৱা নাই, তেনেকুৱা বেমাৰীৰ ওচৰত এই দুআটো সাতবাৰ পাঠ কৰিব লাগেঃ আছআলুল্লাহাল আজীম, ৰাব্বাল আৰশ্বিল আজীম, আঁইয়্যাশ্বফীক। ফলত আল্লাহে তাক সেই বেমাৰৰ পৰা শ্বিফা দান কৰিব।"
«مَنْ عَادَ مَرِيضًا، لَمْ يَحْضُرْ أَجَلُهُ فَقَالَ عِنْدَهُ سَبْعَ مِرَارٍ: أَسْأَلُ اللَّهَ الْعَظِيمَ رَبَّ الْعَرْشِ الْعَظِيمِ أَنْ يَشْفِيَكَ، إِلَّا عَافَاهُ اللَّهُ مِنْ ذَلِكَ الْمَرَضِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিয়ে কোনো মুছলিম বেমাৰী ব্যক্তিক চাবলৈ যায়, যিয়ে মৃত্যুশয্যাত উপনীত হোৱা নাই, তেনেকুৱা ব্যক্তিক চাবলৈ গৈ যদি উক্ত দুআটো সাতবাৰ পাঠ কৰে, তেন্তে আল্লাহে তাক সেই বেমাৰৰ পৰা সুস্থ কৰি দিয়ে তথা আৰোগ্য প্ৰদান কৰে।
বেমাৰী ব্যক্তিৰ বাবে এই দুআটো পাঠ কৰা মুস্তাহাব। তথা সাতবাৰ পাঠ কৰিব লাগে।
যদি কোনোবাই সততাৰ সৈতে সঠিক ঈমানৰ সৈতে এই দুআটো পাঠ কৰে, তেন্তে আল্লাহৰ অনুমতিক্ৰমে নিশ্চিতভাৱে সেই বেমাৰীয়ে শ্বিফা লাভ কৰিব।
এই দুআটো উচ্চস্বৰেও পঢ়িব পাৰে আৰু নিম্নস্বৰেও পঢ়িব পাৰে। উভয়ভাৱেই জায়েজ। কিন্তু বেমাৰীক শুনাই পাঠ কৰাটো উত্তম। কাৰণ ইয়াৰ ফলত তেওঁ আন্তৰিকভাৱে স্বস্তি লাভ কৰিব।
ছুনান আবি দাঊদ (5/ 22) (3106).
ছুনান তিৰমিজী (3/ 593) (2083).
ছুনান আল-কুবৰা লিন নাছায়ী (9/ 385) (10820).
মুছনাদ আহমদ (4/ 40) (2137).
অধিক (10)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 163).
تطريز رياض الصالحين.
لفيصل آل مبارك (ص537).
شرح رياض الصالحين.
لابن عثيمين (4/ 483).
كنوز رياض الصالحين.
لمجموعة من الباحثين (11/ 559).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 689).
গ্ৰন্থসমূহত উল্লেখিত
5 গ্ৰন্থসমূহ- হিচনুল মুছলিম (কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ)حصن المسلم“আছআলুল্লা-হাল আজীম, ৰাব্বাল আৰ্শ্বিল আজীম, আঁইয়্যাশ্বফীক।” অৰ্থঃ মহা আৰচৰ অধিপতি মহান আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা কৰোঁ, তেওঁ যাতে আপোনাক আৰোগ্য দান কৰে
- হিচনুল মুছলিম (কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ)حصن المسلم“আছআলুল্লা-হাল আজীম, ৰাব্বাল আৰ্শ্বিল আজীম, আঁইয়্যাশ্বফীক।”
অধিক (3)
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة"من عاد مريضاً لم يحضر أجله فقال عنده سبع مرات: أسأل الله العظيم رب العرش العظيم أن يشفيك، إلَّا عافاه الله من ذلك المرض" .
- تطبيق القرآن والأذكارالرقية الشرعيةأَسْأَلُ اللَّهَ الْعَظِيمَ رَبَّ العَرْشِ العَظِيمِ أَنْ يَشْفِيَكَ (سبع مرات)[2].
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 5«مَنْ عَادَ مريضاً لَمْ يَحْضُرْهُ أجَلُهُ، فَقَالَ عندهُ سبعَ مَرَّات: أسألُ اللهَ العَظيم ربَّ العرشِ العظيمِ أنْ يَشْفيَكَ، إلَّا عَافاه اللهُ من ذلك المرض».