যি ব্যক্তিয়ে গণকৰ ওচৰলৈ গৈ তাক কিবাকিবি সোধে আৰু সেই গণকৰ কথাক বিশ্বাস কৰে। চল্লিশ দিনলৈ সেই ব্যক্তিৰ চালাত (নামাজ) কবুল নহয়।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনো এজনী স্ত্ৰীয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে, তেখেতে কৈছেঃ
"যি ব্যক্তিয়ে গণকৰ ওচৰলৈ গৈ তাক কিবাকিবি সোধে আৰু সেই গণকৰ কথাক বিশ্বাস কৰে। চল্লিশ দিনলৈ সেই ব্যক্তিৰ চালাত (নামাজ) কবুল নহয়।"
«مَنْ أَتَى عَرَّافًا فَسَأَلَهُ عَنْ شَيْءٍ لَمْ تُقْبَلْ لَهُ صَلَاةٌ أَرْبَعِينَ لَيْلَةً».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গণক তথা ভৱিষ্যৎ বক্তা আদিৰ ওচৰলৈ যোৱাৰ পৰা সতৰ্ক কৰিছে। ভৱিষ্যৎ বক্তাৰ দ্বাৰা, গণক, জ্যোতিষি আদিক বুজোৱা হৈছে, যিসকলে গ্ৰহ-নক্ষত্ৰ আৰু জ্যোতিষি বিদ্যাৰ সহায়ত গায়েব জনা বুলি দাবী কৰে। এইটো ইমান ভয়াৱহ গুনাহ যে, কেৱল অদৃশ্য জ্ঞান সম্পৰ্কে জানিবলৈ কিবা সুধিলে আল্লাহে চল্লিছ দিনৰ নামাজৰ ছোৱাব বাতিল কৰি দিয়ে। এইটোৱে হৈছে এই মহাপাপৰ শাস্তি।
...:
গণকগিৰি কৰা আৰু গণকৰ ওচৰলৈ যোৱা তথা অদৃশ্য সম্পৰ্কে সোধ-পোচ কৰা আদি হাৰাম।
কেতিয়াবা কেতিয়াবা গুনাহৰ কৰ্মৰ ফলত শাস্তি হিচাপে মানুহে সৎকৰ্মৰ ছোৱাবৰ পৰা বঞ্চিত হয়।
গ্ৰহ-নক্ষত্ৰক কেন্দ্ৰ কৰি কোৱা কথা, বাটি-পিয়লা আদি চালান কৰা, ৰাশিফল বিশ্বাস কৰা আদি সকলো এই হাদীছৰ অন্তৰ্ভুক্ত। আনকি জনাৰ উদ্দেশ্যেও এইবোৰ কৰা হাৰাম। কাৰণ এই সকলোবোৰ হৈছে জ্যোতিষি বিদ্যাৰ অন্তৰ্ভুক্ত আৰু সেইসকল লোকৰ কৰ্ম, যিসকলে গায়েব জানে বুলি দাবী কৰে।
হাদীছটোত উল্লেখিত শাস্তিটোৰ বিষয়ে চিন্তা কৰকচোন, কেৱল গণকৰ ওচৰলৈ গ'লেই যদি এই শাস্তি হয় তেন্তে স্বয়ং গণকৰ কি শাস্তি হ'ব পাৰে?
চল্লিছ দিনৰ নামাজ আদায় হ'ব কিন্তু কেৱল ছোৱাবৰ পৰা বঞ্চিত হ'ব। কিন্তু যদি কোনোবাই ছোৱাব নাপাব বুলি নামাজটোকেই পৰিত্যাগ কৰে তেন্তে সি আন এটা গুনাহত লিপ্ত হ'ব।
ছহীহ মুছলিম (4/ 1751) (2230).
মুছনাদ আহমদ (27/ 197) (16638).
অধিক (4)
الجديد في شرح كتاب التوحيد.
للقرعاوي (ص238).
الملخص في شرح كتاب التوحيد.
للفوزان (ص213).
গ্ৰন্থসমূহত উল্লেখিত
12 গ্ৰন্থসমূহঅধিক (12)
- التوحيد في ضوء عقيدة الإمام الشافعي رحمه الله ونصوصه ومروياته"من أتى عرافا فسأله عن شيء فصدقه، لم تقبل له صلاة أربعين يوما".([125])
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهمالصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«مَنْ أَتَى عَرَّافًا فَسَأَلَهُ عَنْ شَيْءٍ، لَمْ تُقْبَلْ لَهُ صَلَاةٌ أَرْبَعِينَ لَيْلَةً»[410].
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«مَنْ أَتَى عَرَّافًا فَسَأَلَهُ عَنْ شَيْءٍ، لَمْ تُقْبَلْ لَهُ صَلَاةٌ أَرْبَعِينَ لَيْلَةً»[410].
- حكم السحر والكهانة(من أتى عرَّافاً فسأله عن شيء لم تقبل له صلاة أربعين يوماً)
- حكم السحر والكهانة(من أتى عرافاً فسأله عن شيء لم تقبل له صلاة أربعين ليلة)
- حكم السحر والكهانة(من أتى عرافاً فسأله عن شيء لم تقبل له صلاة أربعين يوماً)،
- حكم السحر والكهانة(من أتى عرافاً فسأله عن شيء لم تقبل له صلاة أربعين ليلة)
- عقيدة الأئمة الأربعة«مَنْ أَتَى عَرَّافًا فَسَأَلَهُ عَنْ شَيْءٍ، لَمْ تُقْبَلْ لَهُ صَلَاةٌ أَرْبَعِينَ لَيْلَةً»
- قاموس الكبائر موسوعة الكبائر - المجموعة الأولى«مَنْ أَتَى عَرَّافًا فَسَأَلَهُ عَنْ شَيْءٍ لَمْ تُقْبَلْ لَهُ صَلَاةٌ أَرْبَعِينَ لَيْلَةً» [146].
- قاموس الكبائر«مَنْ أَتَى عَرَّافًا فَسَأَلَهُ عَنْ شَيْءٍ لَمْ تُقْبَلْ لَهُ صَلَاةٌ أَرْبَعِينَ لَيْلَةً» [146].
- محرمات استهان بها كثير من الناسمن أتى عرافا فسأله عن شئ لم تقبل له صلاة أربعين ليلة
- مختصر نظـرات حول اضطرابات النفس وعلاجها من منظور شرعي(من أتى عرافاً فسأله عن شيء لم تقبل منه صلاة أربعين ليلة).