Skip to content

মোৰ উম্মতৰ প্ৰতিজন ব্যক্তিয়ে ক্ষমা পাব, কেৱল গুনাহ প্ৰকাশকাৰী ব্যক্তিসকলৰ বাহিৰে।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ

"মোৰ উম্মতৰ প্ৰতিজন ব্যক্তিয়ে ক্ষমা পাব, কেৱল গুনাহ প্ৰকাশকাৰী ব্যক্তিসকলৰ বাহিৰে। গুনাহ প্ৰকাশ কৰা অৰ্থাৎ কোনো ব্যক্তিয়ে ৰাতিত কোনো এটা গুনাহৰ কাম কৰে, যিটোক আল্লাহে গোপন কৰি ৰাখে, কিন্তু সি ৰাতিপুৱা মানুহৰ মাজত গাই ফুৰে যে, হে অমুক! মই যোৱা ৰাতি এই এই কাম কৰিছোঁ। অথচ সি ৰাতিত যিটো পাপ কৰ্ম কৰিছে, সেইটোক আল্লাহে গোপন কৰি ৰাখিছিল। কিন্তু সি ৰাতিপুৱা উঠি আল্লাহে আঁৰি থোৱা পৰ্দাক উন্মুক্ত কৰি দিয়ে।"

«كُلُّ أُمَّتِي مُعَافًى إِلَّا المُجَاهِرِينَ، وَإِنَّ مِنَ المُجَاهَرَةِ أَنْ يَعْمَلَ الرَّجُلُ بِاللَّيْلِ عَمَلًا، ثُمَّ يُصْبِحَ وَقَدْ سَتَرَهُ اللَّهُ عَلَيْهِ، فَيَقُولَ: يَا فُلاَنُ، عَمِلْتُ البَارِحَةَ كَذَا وَكَذَا، وَقَدْ بَاتَ يَسْتُرُهُ رَبُّهُ، وَيُصْبِحُ يَكْشِفُ سِتْرَ اللَّهِ عَنْهُ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, গুনাহগাৰ মুছলিম ব্যক্তিক আল্লাহে ক্ষমা কৰি দিব বুলি আশা কৰিব পাৰি, কিন্তু যিয়ে গুনাহ কৰাৰ পিছত গৌৰৱ কৰি সেইটো গাই ফুৰে, সেই ব্যক্তি ক্ষমাৰ যোগ্য নহয়। কিয়নো সি ৰাতিৰ অন্ধকাৰত কিবা এটা গুনাহ কৰিছে যিটোক আল্লাহে গোপন কৰি ৰাখিছে, কিন্তু ৰাতিপুৱা উঠি বেলেগক কৈ ফুৰে যে, মই যোৱা ৰাতি এই এই গুনাহ কৰিছোঁ। ৰাতিত কৰা যি গুনাহটো আল্লাহে গোপন ৰাখিছিল, পুৱাই উঠি সি আল্লাহৰ সেই পৰ্দাক আৱৰণমুক্ত কৰি দিয়ে।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

গুনাহ কৰাৰ পিছত সেই গুনাহ গাই ফুৰাক নিন্দা কৰা হৈছে। অথচ আল্লাহে এইটোক গোপন ৰাখিছিল।

গুনাহৰ কথা প্ৰকাশ কৰা কাৰ্যই মুমিনসকলৰ মাজত অশ্লীলতা বিস্তাৰ কৰে।

যিয়ে আল্লাহৰ ওৱাস্তে কোনো গুনাহ এই পৃথিৱীত গোপন ৰাখিব, আখিৰাতত আল্লাহে তাৰ গুনাহ গোপন ৰাখিব। বান্দাসকলৰ প্ৰতি এইটো হৈছে আল্লাহৰ অসীম ৰহমত।

যিয়ে কোনো গুনাহ কৰি পেলাইছে, সি সেইটো নিজৰ মনতে গোপন ৰাখিব লাগে আৰু আল্লাহৰ ওচৰত তাওবা কৰিব লাগে।

গুনাহ কৰি সেই গুনাহ প্ৰকাশ কৰাৰ ভয়াৱহতা, কাৰণ গুনাহ প্ৰকাশ কৰাৰ ফলত গুনাহকাৰীয়ে ক্ষমাৰ যোগ্যতা হেৰুৱাই পেলায়।

সম্পাদক

ছহীহ বুখাৰী (8/ 20) (6069).

ছহীহ মুছলিম (4/ 2291) (2990).

অধিক (8)

شرح رياض الصالحين.

لابن عثيمين (3/ 15).

منار القاري شرح مختصر صحيح البخاري.

لحمزة قاسم (5/ 251).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 329).

نزهة المتقين شرح رياض الصالحين.

مجموعة من الباحثين (1/ 255).