মুনাফিকসকলৰ ওপৰত আটাইতকৈ কঠিন চালাত হৈছে, ঈশ্বা আৰু ফজৰৰ চালাত। সিহঁতে যদি এই দুই চালাতৰ ফজিলত সম্পর্কে জানিলেহেঁতেন তেনেহ’লে চুঁচৰি হ’লেও তাত উপস্থিত হ’লহেঁতেন।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
মুনাফিকসকলৰ ওপৰত আটাইতকৈ কঠিন চালাত হৈছে, ঈশ্বা আৰু ফজৰৰ চালাত। সিহঁতে যদি এই দুই চালাতৰ ফজিলত সম্পর্কে জানিলেহেঁতেন তেনেহ’লে চুঁচৰি হ’লেও তাত উপস্থিত হ’লহেঁতেন। মোৰ এনেকুৱা লাগে যে, মই চালাত আদায় কৰাৰ আদেশ দিওঁ ফলত ইকামত দিয়া হওক, আৰু ইয়াৰ পিছত কাৰোবাক নামাজ পঢ়াবলৈ নিৰ্দেশ দিওঁ যেন তেওঁ মানুহকলৈ চালাত আদায় কৰে। আৰু মই এনেকুৱা কিছুমান মানুহক লগত লৈ যাম যিসকলৰ লগত থাকিব খৰিৰ বোজা, সেইসকল লোকৰ ঘৰলৈ যাম যিসকলে চালাতত উপস্থিত হোৱা নাই, ফলত সেই খৰিৰে সিহঁতৰ ঘৰত জুই লগাই দিম।
«إِنَّ أَثْقَلَ صَلَاةٍ عَلَى الْمُنَافِقِينَ صَلَاةُ الْعِشَاءِ وَصَلَاةُ الْفَجْرِ، وَلَوْ يَعْلَمُونَ مَا فِيهِمَا لَأَتَوْهُمَا وَلَوْ حَبْوًا، وَلَقَدْ هَمَمْتُ أَنْ آمُرَ بِالصَّلَاةِ فَتُقَامَ، ثُمَّ آمُرَ رَجُلًا فَيُصَلِّيَ بِالنَّاسِ، ثُمَّ أَنْطَلِقَ مَعِي بِرِجَالٍ مَعَهُمْ حُزَمٌ مِنْ حَطَبٍ إِلَى قَوْمٍ لَا يَشْهَدُونَ الصَّلَاةَ، فَأُحَرِّقَ عَلَيْهِمْ بُيُوتَهُمْ بِالنَّارِ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুনাফিকসকলৰ বিষয়ে সংবাদ দিছে যে, সিহঁতে নামাজত উপস্থিত হোৱাৰ ক্ষেত্ৰত অৱহেলা কৰে, বিশেষকৈ ঈশ্বা আৰু ফজৰৰ নামাজত। এই দুটা নামাজ জামাতৰ সৈতে পঢ়িলে যি ছোৱাব পোৱা যায় সেইটো যদি সিহঁতে জানিলেহেঁতেন তেন্তে কেঁচুৱাৰ দৰে হাত আৰু আঠুৰ সহায়ত চুঁচৰি হ'লেও আহিলহেঁতেন। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই প্ৰতিজ্ঞা লবলৈ মনস্থ কৰিছিল যে, তেখেতে ইমামৰ স্থানত কাৰোবাক নামাজ আৰম্ভ কৰিবলৈ দি তেখেতে সেইসকল লোকৰ ঘৰ জলাই দিবলৈ যাব, যিসকলে জামাআতত নামাজ পঢ়িবলৈ উপস্থিত হোৱা নাই। ইয়াৰ দ্বাৰা তেখেতে এইটো স্পষ্ট কৰিব বিচাৰিছে যে, এইটো কিমান ভয়াৱহ গুনাহ। কিন্তু তেখেতে সেইটো কৰা নাছিল, কাৰণ ঘৰত মহিলা, নিৰ্দোষী শিশু আৰু উচিত কাৰণ থকা লোকসকলো থাকে, জামাতত উপস্থিত নহ'লে যিসকলৰ কোনো গুনাহ নাই।
المنافقين: الذين يظهرون الإسلام ويبطنون الكفر.
ولو يعلمون: علم إيمان ويقين.
فتُقَام: ينادى لها بالإقامة.
حُزَمٌ: جمع حزمة، وهو ما جُمع وشُدَّ بحبل ونحوه.
মছজিদত হোৱা জামাতৰ নামাজৰ পৰা পিছুৱাই থকাৰ ভয়াৱহতা।
মুনাফিকসকলে সিহঁতৰ ইবাদতৰ দ্বাৰা কেৱল লৌকিকতা আৰু প্ৰসিদ্ধতা কামনা কৰে। কাৰণ, সিহঁতে তেতিয়াই চালাতত উপস্থিত হয় যেতিয়া মানুহৰ সমাগম বেছি থাকে।
ঈশ্বা আৰু ফজৰৰ চালাত জামাতত আদায় কৰাৰ ছোৱাব অপৰিসীম। এই দুই চালাতত উপস্থিত হ’বলৈ চুঁচৰি হ'লেও যোৱা উচিত।
নিফাকৰ পৰা ৰক্ষা পাবলৈ ঈশ্বা আৰু ফজৰৰ নামাজক হিফাজত কৰা (নিয়মিতভাৱে পঢ়া) উচিত। কাৰণ এই দুই নামাজৰ পৰা পিছুৱাই থকাটো হৈছে মুনাফিকৰ বৈশিষ্ট্য।
ছহীহ মুছলিম (1/ 451) (651).
ছহীহ বুখাৰী (1/ 132) (657).
অধিক (6)
الإلمام بشرح عمدة الأحكام.
لإسماعيل الأنصاري (1/ 88).
تيسير العلام شرح عمدة الأحكام.
للبسام (ص107).
تنبيه الأفهام شرح عمدة الأحكام.
لابن عثيمين (1/ 136).
গ্ৰন্থসমূহত উল্লেখিত
6 গ্ৰন্থসমূহঅধিক (6)
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهمالصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«إِنَّ أَثْقَلَ صَلَاةٍ عَلَى الْمُنَافِقِينَ صَلَاةُ الْعِشَاءِ، وَصَلَاةُ الْفَجْرِ، وَلَوْ يَعْلَمُونَ مَا فِيهِمَا لَأَتَوْهُمَا وَلَوْ حَبْوًا»[83].
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهمالصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«إِنَّ أَثْقَلَ صَلَاةٍ عَلَى الْمُنَافِقِينَ صَلَاةُ الْعِشَاءِ، وَصَلَاةُ الْفَجْرِ، وَلَوْ يَعْلَمُونَ مَا فِيهِمَا لَأَتَوْهُمَا وَلَوْ حَبْوًا»[414].
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«إِنَّ أَثْقَلَ صَلَاةٍ عَلَى الْمُنَافِقِينَ صَلَاةُ الْعِشَاءِ، وَصَلَاةُ الْفَجْرِ، وَلَوْ يَعْلَمُونَ مَا فِيهِمَا لَأَتَوْهُمَا وَلَوْ حَبْوًا»[83].
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«إِنَّ أَثْقَلَ صَلَاةٍ عَلَى الْمُنَافِقِينَ صَلَاةُ الْعِشَاءِ، وَصَلَاةُ الْفَجْرِ، وَلَوْ يَعْلَمُونَ مَا فِيهِمَا لَأَتَوْهُمَا وَلَوْ حَبْوًا»[414].
- مجموعة زاد الفقه (2)الفقه للمستوى الثاني ( مجموعة زاد )عَنْ أَبِي هُرَيْرَةَ رضي الله عنه قَالَ: قَالَ رَسُولُ اﷲِ صلى الله عليه وسلم: «إِنَّ أَثْقَلَ صَلَاةٍ عَلَى الْمُنَافِقِينَ صَلَاةُ الْعِشَاءِ، وَصَلَاةُ الْفَجْرِ، وَلَوْ يَعْلَمُونَ مَا فِيهِمَا لَأَتَوْهُمَا وَلَوْ حَبْوًا، وَلَقَدْ هَ
- مشروع المنهج التعليميمادة الفقه مستوى 2«إِنَّ أَثْقَلَ صَلَاةٍ عَلَى الْمُنَافِقِينَ صَلَاةُ الْعِشَاءِ، وَصَلَاةُ الْفَجْرِ، وَلَوْ يَعْلَمُونَ مَا فِيهِمَا لَأَتَوْهُمَا وَلَوْ حَبْوًا».