ছুৰা নচৰ {إِذَا جَاءَ نَصْرُ اللَّهِ وَالفَتْحُ} অৱতীৰ্ণ হোৱাৰ পিছত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতিটো নামাজতে এই দুআ পাঠ কৰিছিলঃ ছুবহানাকা ৰাব্বানা অবিহামদিকা আল্লাহুম্মাগ ফিৰলী।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ছুৰা নচৰ {إِذَا جَاءَ نَصْرُ اللَّهِ وَالفَتْحُ} অৱতীৰ্ণ হোৱাৰ পিছত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতিটো নামাজতে এই দুআ পাঠ কৰিছিলঃ ছুবহানাকা ৰাব্বানা অবিহামদিকা আল্লাহুম্মাগ ফিৰলী।" (অৰ্থঃ হে আমাৰ প্ৰতিপালক! তুমি পৱিত্ৰ, প্ৰশংসা কেৱল তোমাৰেই। হে আল্লাহ! মোক ক্ষমা কৰি দিয়া।) আন এটা বৰ্ণনাত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰূকু আৰু ছাজদাত এই দুআটো বেছি বেছি পাঠ কৰিছিলঃ "ছুবহানাকা আল্লাহুম্মা ৰাব্বানা অবিহামদিক, আল্লাহুম্মাগফিৰলী।" (অৰ্থঃ হে আল্লাহ! আমাৰ প্ৰতিপালক, তুমি পৱিত্ৰ আৰু সকলো প্ৰশংসা একমাত্ৰ তোমাৰেই। হে আল্লাহ! মোক ক্ষমা কৰি দিয়া।) ইয়াৰ দ্বাৰা তেখেতে কোৰআনৰ নিৰ্দেশ পালন কৰিছিল।
مَا صَلَّى النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ صَلاَةً بَعْدَ أَنْ نَزَلَتْ عَلَيْهِ: {إِذَا جَاءَ نَصْرُ اللَّهِ وَالفَتْحُ} [النصر: 1] إِلَّا يَقُولُ فِيهَا: «سُبْحَانَكَ رَبَّنَا وَبِحَمْدِكَ اللَّهُمَّ اغْفِرْ لِي». وعَنْها قَالَتْ: كَانَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يُكْثِرُ أَنْ يَقُولَ فِي رُكُوعِهِ وَسُجُودِهِ: «سُبْحَانَكَ اللهُمَّ رَبَّنَا وَبِحَمْدِكَ، اللهُمَّ اغْفِرْ لِي» يَتَأَوَّلُ الْقُرْآنَ.
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, ছুৰা নচৰ {إذا جاء نصر الله والفتح} অৱতীৰ্ণ হোৱাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই ছুৰাত থকা কোৰআনৰ এই নিৰ্দেশ অনুসৰি {فسبح بحمد ربك واستغفره} (অৰ্থঃ প্ৰশংসাৰ সৈতে তুমি তোমাৰ প্ৰতিপালকৰ তাছবীহ পাঠ কৰা আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা।) নামাজৰ ৰূকু আৰু ছাজদাত বেছি বেছি তাছবীহ আৰু ইস্তিগফাৰ পাঠ কৰিছিল। «سبحانك» ইয়াৰ অৰ্থ হৈছে, তুমি সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। «اللهم ربنا وبحمدك» হে আল্লাহ আমাৰ প্ৰতিপালক, সকলো প্ৰশংসা তোমাৰেই, তুমি সত্ত্বাগতভাৱে, গুণগতভাৱে আৰু কৰ্মগতভাৱে পূৰ্ণাংগ। «اللهم اغفر لي» হে আল্লাহ! তুমি মোৰ গুনাহসমূহ ক্ষমা কৰি দিয়া তথা মাৰ্জনা কৰি দিয়া।
ৰূকু আৰু ছাজদাত এই দুআটো বেছি বেছি পাঠ কৰা মুস্তাহাব।
অন্তিম সময়ছোৱাত ইস্তিগফাৰ কৰাটোৱে এই কথাৰ ইংগিত বহন কৰে যে, সকলো ইবাদতত বিশেষকৈ নামাজত ইস্তিগফাৰৰ দ্বাৰা সমাপ্ত কৰিব লাগে। যাতে বিগত সময়ছোৱাত যি ভুল-ত্ৰুটি হৈছে সেইবোৰ যেন পূৰ্ণ হয়।
আল্লাহৰ ওচৰত দুআ কবূল হোৱাৰ আটাইতকৈ উত্তম উপায় হৈছে, দুআ কৰাৰ সময়ত আল্লাহৰ প্ৰশংসা কৰা, তেওঁৰ পৱিত্ৰতা ঘোষণা কৰা, আৰু তেওঁক সকলো দোষ-ত্ৰুটিমুক্ত বুলি স্বীকাৰ কৰা।
ক্ষমা প্ৰাৰ্থনাৰ গুৰুত্ব, সৰ্বাৱস্থাতেই ক্ষমা প্ৰাৰ্থনা কৰিব লাগে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ নিৰ্দেশনা পালন কৰি পৰিপূৰ্ণৰূপে ইবাদত কৰিছিল।
ছহীহ বুখাৰী (6/ 178) (4968.
4967).
ছহীহ মুছলিম (1/ 350-351) (484).
অধিক (10)
تيسير العلام.
للبسام (ص214).
تنبيه الأفهام.
للعثيمين (2/ 278).
الإفهام في شرح عمدة الأحكام.
لابن باز (ص263).
الإلمام بشرح عمدة الأحكام.
لإسماعيل الأنصاري (1/ 176).
خلاصة الكلام.
فيصل المبارك (ص97).
গ্ৰন্থসমূহত উল্লেখিত
16 গ্ৰন্থসমূহ- হিচনুল মুছলিম (কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ)حصن المسلم"ছুবহা-নাকা আল্লা-হুম্মা ৰাব্বানা অবিহামদিকা, আল্লা-হুম্মাগফিৰলী।"[৫৮] অৰ্থঃ হে আল্লাহ, আমাৰ প্ৰতিপালক! মই তোমাৰ পৱিত্ৰতা ঘোষণা কৰিছোঁ আৰু তোমাৰেই প্ৰশংসা বৰ্ণনা কৰিছোঁ। হে আল্লাহ! মোক ক্ষমা কৰি দিয়া।
- হিচনুল মুছলিম (কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ)حصن المسلم"ছুবহা-নাকা আল্লা-হুম্মা ৰাব্বানা অবিহামদিকা, আল্লা-হুম্মাগফিৰলী।"
- হিচনুল মুছলিম (কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ)حصن المسلم"ছুবহা-নাকা আল্লা-হুম্মা ৰাব্বানা অবিহামদিকা, আল্লা-হুম্মাগফিৰলী।" [৬৬]
- হিচনুল মুছলিম (কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ)حصن المسلم"ছুবহা-নাকা আল্লা-হুম্মা ৰাব্বানা অবিহামদিকা, আল্লা-হুম্মাগফিৰলী।"
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছালাত (নামাজ) আদায় কৰাৰ পদ্ধতিكَيفِيَّةُ صَلَاةِ النَّبِيِّ ﷺ "ছুবহা-নাকা আল্লা-হুম্মা ৰাব্বানা অবিহামদিকা, আল্লাহুম্মাগফিৰলী।"
অধিক (11)
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة"سبحانك اللهم ربنا وبحمدك اللهم اغفر لي".
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة"سبحانك اللهم ربنا وبحمدك، اللهم اغفر لي".
- تطبيق القرآن والأذكارأذكار الصلاة((سُبْحَانَكَ اللَّهُمَّ رَبَّنَا وَبِحَمْدِكَ، اللَّهُمَّ اغْفِرْ لِي))[58].
- تطبيق القرآن والأذكارأذكار الصلاة((سُبْحَانَكَ اللَّهُمَّ رَبَّنَا وَبِحَمْدِكَ، اللَّهُمَّ اغْفِرْ لِي)) [66].
- رسالة في الأذكار1كان النبي صلى الله عليه وسلم يُكْثِرُ أن يقول في ركوعه وسجوده: «سُبْحَانَكَ اللَّهُمَّ رَبَّنَا وَبِحَمْدِكَ، اللَّهُمَّ اغْفِرْ لِي» يَتأوَّلُ القرآن.
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 1 «سبحانك اللهم ربنا وبحمدك، اللهم اغفر لي».
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 7«سبحانكَ اللّهم ربَّنَا وبحمدِكَ، اللّهم اغْفرْ لي».
- صلاتنا الخاشعة"سُبْحَانَكَ اللَّهُمَّ رَبَّنَا وَبِحَمْدِكَ، اللَّهُمَّ اغْفِرْ لِي" ([22])
- من الأحكام الفقهية في الطهارة والصلاة والجنائز«سُبْحَانَكَ الْلَّهُمَّ رَبَّنَا وَبِحَمْدِكَ، الْلَّهُمَّ اغْفِرْ لِي» [38]،
- من الأحكام الفقهية في الطهارة والصلاة والجنائز«سُبْحَانَكَ الْلَّهُمَّ رَبَّنَا وَبِحَمْدِكَ، الْلَّهُمَّ اغْفِرْ لِي» [42]،
- موسوعة الأسئلة (المجموعة الأولى)«سُبْحَانَكَ اللَّهُمَّ رَبَّنَا وَبِحَمْدِكَ، اللَّهُمَّ اغْفِرْ لِي»